ETV Bharat / state

পাণ্ডুত ব্ৰহ্মপুত্ৰত নিখোজ চাৰি ছাত্ৰ; তিনিজনৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 26, 2021, 6:05 PM IST

দেওবাৰে পুৱা ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন 4 গৰাকী ছাত্ৰ ৷ পাণ্ডুত সংঘটিত হৈছে এই ঘটনা ৷ তিনিজনৰ মৃতদেহ উদ্ধাৰ ৷ এতিয়াও সন্ধানহীন এজন ৷

4-student-drown-in-brahmaputra-at-pandu
পাণ্ডুত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা 3 গৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী,26 ছেপ্টেম্বৰ : দেওবাৰে পুৱাৰ ভাগত পাণ্ডু SRP কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ৷ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হয় 4 গৰাকী ছাত্ৰ ৷ ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ (SDRF) বাহিনীয়ে ৷ প্ৰাপ্ত খবৰ মতে টিউচনৰ পৰা আহি ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল ছাত্ৰ কেইজন ৷ ছাত্ৰ কেইজনে গা ধুই চেলফিও উঠিছিল বুলি জনাইছে স্থানীয় লোকে ৷

নদী আৰক্ষীয়ে জনোৱা মতে, দুপৰীয়া 1.30 মান বজাত খবৰ পোৱাৰ পিছতে নদী আৰক্ষী আৰু SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলোৱাত বৰ্তমানলৈ 3 জন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ ঘাটত উদ্ধাৰ হৈছে স্কুলৰ বেগ তথা জোতা ৷ ছাত্ৰ কেইজনৰ পৰিয়ালৰ লোকে চিনাক্ত কৰিছে তেওঁলোকৰ বেগ আৰু জোতা ৷ ব্ৰহ্মপুত্ৰত নিখোজ হোৱা ছাত্ৰ কেইজন হ'ল দয়াল শ্বেখ(15)অভিনাশ দাস(15)জিত দাস(15) আৰু দ্বীপ চৰকাৰ(15) ৷ বৰ্তমানেও সন্ধানহীন হৈ থকা দ্বীপ চৰকাৰ নামৰ ছাত্ৰজনৰ সন্ধানত উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

লগতে পঢ়কঃ শীঘ্ৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.