গুৱাহাটী, 13 মাৰ্চ: বিজেপিৰ 20 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ পাছতে কংগ্ৰেছে প্ৰকাশ কৰিলে 30 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । প্ৰতিটো দলেই বিভিন্ন কাৰ্যসূচীৰে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে । সমান্তৰালকৈ আগমন ঘটিছে ষ্টাৰ কেম্পেইনাৰৰ ।
![30 star campaigners to campaign for congress in assam poll](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-congress-star-campaigners-img-7209925_13032021114316_1303f_1615615996_1065.jpg)
বিজেপিৰ সমানে কংগ্ৰেছেও ষ্টাৰ কেম্পেইনাৰেৰে প্ৰচাৰ চলাবৰ বাবে প্ৰস্তুত হৈছে । 14 মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেল । তেওঁ 14 মাৰ্চত অজয় ফুকনৰ হৈ বৰগুৰিত, এতোৱা মুণ্ডাৰ হৈ ৰাজগড়ত আৰু প্ৰাঞ্জল ঘাটোৱাৰৰ হৈ চেপনত তিনিখন জনসভাত অংশগ্ৰহণ কৰিব । 15 মাৰ্চত তেওঁ খোৱাং, নাজিৰা, বৰবৰুৱা আৰু ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে । সেইদৰে 16 মাৰ্চত তেওঁ নাহৰকটীয়া আৰু দুলীয়াজানত প্ৰচাৰ চলাব ।
উল্লেখ্য যে, কংগ্ৰেছৰ বহু হাই প্ৰফাইল নেতা নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব । কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্রী ড৹ মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ উপৰিও মুকুল ৱাছনিক, অশোক গেহলট, ছলমান খুৰছিদ, বিকাশ উপাধ্যায়, অনিৰুদ্ধ সিং, নৱজিৎ সিং সিন্ধু, শচীন পাইলট, নবাম টুকি, মুকুল চাংমা, মোহন প্ৰকাশ আদি কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা প্ৰচাৰ চলাবলৈ অসমলৈ আহিব । 30 জনীয়া এই তালিকাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ সুস্মিতা দেৱকে ধৰি ৰাজ্যিক পৰ্যায়ৰ বহুকেইগৰাকী শীৰ্ষ নেতাকো ষ্টাৰ কেম্পেইনাৰৰ স্থান দিয়া হৈছে।
লগতে পঢ়ক: নগাঁৱত মনোনয়ন দাখিল টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাৰ