ETV Bharat / state

আজাৰাত কৰ’ণাত আক্ৰান্ত তিনি স্বাস্থ্যকৰ্মী - স্বাৱ পৰীক্ষা

চাৰিদিন মানৰ পূৰ্বে স্বাৱ পৰীক্ষাৰ বাবে দিছিল তিনিওগৰাকীয়ে ৷ শুকুৰবাৰে সন্ধিয়া তেওঁলোকৰ ফলাফল পজিটিভ আহে ৷

আজাৰাত কৰ’ণাত আক্ৰান্ত তিনি স্বাস্থ্যকৰ্মী

author img

By

Published : Jul 18, 2020, 4:18 AM IST

আজাৰা, 18 জুলাইঃ আজাৰাত 3 জন স্বাস্থ্য কৰ্মীৰ দেহত পোৱা গ’ল কৰ'ণা পজিটিভ ৷ আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল স্বাস্থ্যকৰ্মী কেইজন ৷ জানিব পৰামতে চিকিৎসালয়খনত কৰ্মৰত ফাৰ্মাচিষ্ট অমিত চক্ৰৱৰ্তী , চতুৰ্থ বৰ্গৰ কৰ্মচাৰীদ্বয় কৰুণা মেধি আৰু ভৃগুমণি দাস আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত । তেওঁলোক তিনিওজন ক’ভিড আক্ৰান্ত বুলি উমান পোৱাৰ পাচতে আতংকৰ সৃষ্টি হয় স্বাস্থ্য কেন্দ্ৰটোৰ লগতে সমগ্ৰ অঞ্চলটোতে ৷

চাৰিদিন মানৰ পূৰ্বে তিনিওজনে আজাৰা স্বাস্থ্য কেন্দ্ৰত স্বাৱ পৰীক্ষা কৰিছিল ৷ আৰু শুকুৰবাৰে সন্ধিয়া ফলাফলত পজিটিভ অহাত তিনিওজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আনহাতে স্বাস্থ্য বিভাগে উক্ত তিনি কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ তালিকা প্ৰস্তুত কৰি স্বাৱ পৰীক্ষাৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে ৷

উল্লেখ্য যে আজাৰাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাৱ সংগ্ৰহ কৰা হৈ আছিল যাৰ ফলত বহুতো লোকৰ সমাগম হৈ আছিল চিকিৎসালয় খনত ৷

লগতে পঢ়কঃ ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.