ছয়গাঁও,19 মেঃ ছয়গাঁও আৰক্ষীৰ অভিযানত দুখন বাইকসহ তিনিজন বাইক চোৰ আটক ৷ ধৃত বাইক চোৰ কেইজন হ’ল বিকাশ মেধি,জিতু কলিতা আৰু বাস্তৱ মেধি ৷
![3 byke Thief Arrested By police At Saygaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7259020_say.jpg)
ছয়গাঁৱত ধাৰাবাহিকভাৱে চলি আছে বাইক চোৰৰ উপদ্ৰৱ ৷ তাৰ বিপৰীতে আৰক্ষীয়েও উদ্ধাৰ কৰি আছে চোৰাং বাইকৰ লগতে আটক কৰিছে বহু বাইক চোৰক ৷ সোমবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত তথা কুকুৰমাৰা আৰক্ষী চকীৰ বিষয়া দ্বিজেন্দ্ৰ মেধিৰ সহযোগত দুখন বাইকসহ তিনিজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰামতে সোমবাৰে নিশা কুকুৰমাৰা ওচৰৰ খাৰাভাংগাৰ পৰা দুখন বাইক চুৰি কৰি বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়তে বিজয়নগৰৰ ওচৰৰ বাটৰহাটৰ পৰী বাইকসহ চোৰ তিনিজনক আৰক্ষীয়ে আটক কৰে ৷ উল্লেখযোগ্য যে, দেওবাৰে নিশা খাৰাভাংগাৰ পৰা AS25 E 6313 আৰু AS 01 AY 0117 নম্বৰৰ বাইক দুখন চুৰি হৈছিল ৷ উক্ত বাইক দুখন উদ্ধাৰৰ বাবে ছয়গাঁও আৰু কুকুৰমাৰা আৰক্ষীয়ে নিশা অভিযান চলাই থকাৰ সময়তেই চোৰ সহ বাইক দুখন জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত বাইক চোৰ কেইজনৰ ঘৰ ২ নং জিয়াকুৰ গাঁৱত বুলি জানিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক- আৰক্ষীৰ গুলিত নিহত কুখ্যাত অপৰাধী সাহা আলম