ETV Bharat / state

বগা হাতীত পৰিণত কৃষি বিভাগৰ ১০ কোটি টকীয়া প্ৰকল্প

author img

By

Published : Jul 24, 2021, 3:39 PM IST

চৰকাৰৰ হেমাহিৰ বাবে জহি খহি যাবলৈ ধৰিছে ছয়গাঁৱৰ টেঙা জাতীয় শস্য উৎকৰ্ষ সাধন কেন্দ্ৰ ৷ 2015 বৰ্ষতেই কংগ্ৰেছ চৰকাৰৰ ১০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল এই প্ৰকল্পটো ৷

10 crore rupee project of agricultural department goes on vein In Chaygaon
বগা হাতীত পৰিণত কৃষি বিভাগৰ ১০ কোটি টকীয়া প্ৰকল্প

ছয়গাঁও, 24 জুলাই : চৰকাৰ তথা কৃষি বিভাগৰ হেমাহিৰ বাবে ক্ৰমাৎ জহি-খহি যোৱাৰ উপক্ৰম হৈছে ১০ কোটিটকীয়া কৃষি প্ৰকল্প ৷ এই প্ৰকল্পটো হৈছে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বামুণীগাঁৱত অৱস্থিত টেঙা জাতীয় শস্য উৎকৰ্ষ সাধন কেন্দ্ৰ ৷ চৰকাৰী তথা কৃষি বিভাগৰ অৱহেলাৰ বাবে জহি খহি যাবলৈ ধৰিছে কেন্দ্ৰটোৰ গ্ৰীণ হাউছটোৰ ৷ নষ্ট হৈ গৈছে শস্যবোৰত পানী দিয়াৰ বাবে থকা পাইপ লাইনবোৰ ৷ মামৰে ধৰিছে ডিজিৰ লগতে মটৰ পাম্পবোৰ ৷ পানীৰ অভাৱত লেৰেলি শুকাই মৰহি যাবলৈ ধৰিছে নেমুটেঙা, মৌচুমী আৰু কমলা টেঙাৰ পুলি ৷

উল্লেখ্য যে, বামুণীগাঁৱত অৱস্থিত এই বৃহৎ প্ৰকল্পটোত কাম কৰিবলৈ আছে মাত্ৰ এগৰাকী ঠিকা ভিত্তিক কৰ্মচাৰী ৷ কৃষি বিভাগৰ এগৰাকী বিষয়াও আছে তদাৰকৰ দায়িত্বত ৷ কিন্ত এতিয়া যেন তাত এক মৰিশালী পৰিৱেশ ৷ হাবিয়ে জংঘলে আবৰি ধৰিছে গ্ৰীণ হাউছবোৰ ৷ টেঙা জাতীয় শস্যবোৰকো আবৰি ধৰিছে জংঘলে ৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ শেষৰভাগত স্থাপন কৰা প্ৰায় ১০ কোটি টকীয়া প্ৰকল্পৰ অধীনত টেঙা জাতীয় শস্য উৎকৰ্ষ সাধন কেন্দ্ৰৰ দুৰাৱস্থাৰ ছবি ৷ বিগত পাঁচ বছৰত এই কেন্দ্ৰটোৰ প্ৰতি ৰাজ্য চৰকাৰ তথা কৃষি বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখযোগ্য যে, ২০১৫ চনৰ ৯ অক্টোবৰত সেই সময়ৰ কংগ্ৰেছৰ তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী ৰকিবুল হুছেইনে ছয়গাঁও সমষ্টিৰ এই বৃহৎ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিচত প্ৰথম বৰ্ষৰ অৰ্থাৎ ২০১৬ চনৰ ৩১ আগষ্টত উক্ত কেন্দ্ৰটো উদ্ধোধন কৰে তেতিয়াৰ অতিৰিক্ত মুখ্য সচিব তথা কষি উৎপাদন আয়ুক্ত কমলাকান্ত মিট্টালে ৷

প্ৰায় ১০০ বিঘা মাটিৰে আৱৰা বৃহৎ প্ৰকল্পটোত প্ৰথম অৱস্থাতেই কিছু নেমুটেঙা,মৌচুমী আৰু কমলাটেঙাৰ পুলি উৎপাদন কৰা হৈছিল ৷ কিন্ত সেইবোৰ প্ৰতিপালন কৰাৰ বাবে মাত্ৰ এজন ঠিকাভিত্তিক কৰ্মচাৰী আছে যদিও এই বৃহৎ এলেকাটো এজন কৰ্মচাৰীয়ে চম্ভালাটো সহজ নহয় ৷ আনহাতে বিদ্যুতৰ বিল অনাদায় হোৱাৰ বাবে বিদ্যুত সংযোগ কৰ্তন কৰাৰ ফলত শস্যবোৰত পানী দিব নোৱাৰাত নষ্ট হৈ গৈছে ৷

প্ৰথম অৱস্থাত অঞ্চলটোৰ লোকে তাত উৎপাদিত নেমু বা আন পুলি ক্ৰয় কৰিবলৈ আহিছিল যদিও বৰ্তমান তালৈ কোনোয়ে পুলি কিনিব নাহে ৷ এই বৃহৎ প্ৰকল্পটোৰ কাম কাজ তথা উৎপাদন হৈছে নে নাই সেই সম্পৰ্কে চাবলৈ বিগত পাঁচবছৰত কোনো এজন উচ্চ পদস্থ বিষয়া উপস্থিত নহ’ল ৷ আনকি ইয়াৰ প্ৰশাসনিক কাৰ্যালয়টোও হাবি জংঘলে আৱৰি ধৰাৰ পিচত যোৱাবছৰৰ পৰা উক্ত কাৰ্যালয়টো বনগাঁও কৃষিচক্ৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি থকাটো পৰিলক্ষিত হৈছে ৷

পূৰ্বৰ চৰকাৰে গঢ়া এই বৃহৎ প্ৰকল্পটো বিগত পাঁচ বছৰত চোৱাচিতা তথা কৃষিমন্ত্ৰী গৰাকীৰ অমনোযোগিতাৰ বাবে আজি নিশেষ হোৱাৰ পথত ৷ আনকি বিজেপি চৰকাৰ প্ৰথমটো কাৰ্যকালৰ প্ৰথমটো বৰ্ষত সম্পূৰ্ণ হৈ উঠা এই প্ৰকল্পটোৰ কামকাজত কেলেংকাৰীহে সংঘটিত হৈছিল আন এক অভিযোগ আছে ৷ এই ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগৰ লগতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষণীয় ৷

লগতে পঢ়ক-লাভলীনাৰ সফলতা কামনাৰে ৰাইজৰ বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.