গুৱাহাটী, 12চেপ্তেম্বৰ: ক'ভিড-19 ত আক্ৰান্ত হৈছে জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ ৷ শিল্পীগৰাকীৰ পিতৃৰ লগতে শাহু আৰু শহুৰো আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷ তিনিওকে বৰ্তমান আই আই টি গুৱাহাটীৰ ক'ভিড কেন্দ্ৰত ভৰ্ত্তি কৰা হৈছে ৷ জানিব পৰামতে জুবিনৰ শাহু-শহুৰ গোলাঘাটৰ পৰা মহানগৰীৰ কাহিলীপাৰালৈ আহিছিল ৷ বৰ্তমান তিনিওৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জানিবলৈ দিছে ৷
লগতে পঢ়ক: মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত