গুৱাহাটী, 9 মে': লক ডাউনৰ বাবে দুমাহ মুম্বাইত আৱদ্ধ হৈ থকাৰ পাচত অৱশেষত অসমলৈ উভতিছে জুবিন গাৰ্গ । এখন বাছত উভতনি যাত্ৰা আৰম্ভ কৰিছে জুবিনে । চৰকাৰৰ অনুমতি আৰু সম্পূৰ্ণ নিয়মৰ মাজেৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।
জুবিনে যাত্ৰা কৰা শ্লিপাৰ বাছখনত মাত্ৰ পাঁচ গৰাকী যাত্ৰী । যাত্ৰাত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ সংগী হৈছে পাৰ্থ প্ৰতিম গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু গৰিমাৰ বান্ধবী এগৰাকী । শুকুৰবাৰে পুৱা ৭ বজাত মুম্বাইৰ আন্ধেৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে বিশেষ বাছখনে । উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে চছিয়েল মিডিয়াৰ জৰিয়তে অসমলৈ ঘূৰি অহাৰ এক বাৰ্তা প্ৰেৰণ কৰিছিল জুবিন গাৰ্গে ।
বিগত 9 মাৰ্চত মুম্বাইলৈ গৈছিল জনপ্ৰিয় শিল্পী গৰাকী । তাৰ কিছু দিন পাচত আৰম্ভ হোৱা লকডাউনৰ বাবে মুম্বাইতে 2 মাহ ধৰি আবদ্ধ হৈ পৰে জুবিন ।