গুৱাহাটী, 28 ফেব্ৰুৱাৰীঃ গুৱাহাটী টাউন ক্লাৱৰ এক অনুষ্ঠানৰ শুভ উদ্বোধন কৰিবলৈ গৈ হঠাতে ঢলি পৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ততাতৈয়াকৈ মহানগৰীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হয় শিল্পী গৰাকীক ৷ অত্যন্ত কষ্ট আৰু টোপনি ক্ষতিৰ ফলত স্নায়ুজনিত কাৰনত শিল্পী গৰাকী ঢলি পৰাৰ কথা প্ৰকাশ কৰে চিকিৎসকে ৷
অসুস্থ হৈ পৰি যোৱাৰ আগমূহুৰ্তত চকু আৰু গাৰ ৰং ৰঙা পৰাৰ লগতে শিল্পীগৰাকী বিৰক্তিকৰ অৱস্থাত থকা বুলি উল্লেখ কৰে অনুষ্ঠানত উপস্থিত থকা সাংবাদিক নিতুমণি শইকীয়াই ৷ ডাঃ সুশিভা বৰ্মনৰ তত্বাৱধানত বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জুবিন গাৰ্গ ৷ শিল্পীগৰাকীৰ স্বাস্থ্যৰ খবৰ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী নৱ কুমাৰ দলে,পবিত্ৰ মাৰ্ঘেৰিটা,আচুৰ্য বৰপাত্ৰকে ধৰি বহু কলা কুশলী আৰু অনুৰাগী ৷
উল্লেখ্য যে, অসুস্থতাৰ বাবে কাইলৈ তিনিচুকীয়াৰ কাকপথাৰত আয়োজিত বাঁহেৰে নিৰ্মিত জুবিন গাৰ্গ সেতু উদ্ধোধন কাৰ্যসূচীত অংশ ল'ব নোৱাৰে জুবিন গাৰ্গে ৷
লগতে পঢ়কঃ