ETV Bharat / state

Assam State Zoo: চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদী সভা

author img

By

Published : Dec 10, 2022, 6:51 PM IST

চিৰিয়াখানাৰ জীৱ-জন্তু আম্বানীৰ চিৰিয়াখানালৈ নিয়াৰ বিৰুদ্ধে শনিবাৰে মহানগৰীত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদী সভা ৷ চিৰিয়াখানাৰ দুটাকৈ গঁড় নিশা চোৰাংকৈ আম্বানীৰ চিৰিয়াখানালৈ নিয়া ঘটনাৰ উচিত তদন্তৰ দাবী ৷ বন্যপ্ৰাণী আইন ভংগ কৰি চৰকাৰ তথা চিৰিয়াখানা কৰ্তৃপক্ষই এই কাম কৰাৰ অভিযোগ(Zoo Protection Forum protest Meeting at Guwahati) ৷

Assam State Zoo Animals transferred to Ambani Owned Zoo
চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদী সভা
চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদী সভা

গুৱাহাটী, ১০ ডিচেম্বৰ: চিৰিয়াখানাৰ জীৱ-জন্তু আম্বানীৰ চিৰিয়াখানালৈ(Assam State Zoo) নিয়াৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত অব্যাহত আছে প্ৰতিবাদ । এই সন্দৰ্ভত শনিবাৰে গুৱাহাটী মহানগৰীত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । মহানগৰীৰ পানবজাৰস্থিত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সভাকক্ষত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা । সভাত উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ,চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী সচেতন ব্যক্তি ।

প্ৰতিবাদী সভাত উপস্থিত থাকি মীৰা বৰঠাকুৰে(Congress leader Mira Borthakur) ৰাজ্যিক চিৰিয়াখানাখন বন্ধ কৰাৰ বাবে ষড়যন্ত্ৰ চলাৰো অভিযোগ কৰে ৷ তেওঁ কয় যে, বনমন্ত্ৰী দিনৰ 12.30 বজাত শুই উঠে, তেওঁক কথা কৈ লাভ নাই ৷ মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ- ৰাইজে দিওঁ চাই,নিও চাই । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিগত দুটা বছৰত ডেৰহাজাৰ জন্তু মৰাৰো কথা জানিবলৈ দিয়ে । ইয়াৰ লগতে চিৰিয়াখানাৰ জীৱ-জন্তু খাদ্য প্ৰদান নকৰি নিশকতীয়া কৰাৰো অভিযোগ কৰে । যাৰ বাবে বন বিষয়া উপায়হীন হৈ মুখ্যমন্ত্ৰীৰ কথা মতেই চলিছে বুলি মীৰা বৰঠাকুৰে দাবী কৰে ।

মীৰা বৰঠাকুৰে বন বিষয়াৰ কাণ্ডক ধিক্কাৰ দি বন্যপ্ৰাণী আইন ভংগ কৰি নিশা কিয় জন্তু পঠিয়ালে বুলি প্ৰশ্ন উত্থাপন কৰে । তেওঁ আইনগত ভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰো কথা ব্যক্ত কৰে ৷ আনহাতে আৰ টি আই কৰ্মী দিলীপ নাথে সংবাদ মাধ্যমৰ আগত কয় যে, বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী বাঁহৰ মূঢ়া, দুই-তিনিবছৰৰ ভিতৰত গোটেই জীৱ-জন্তু, বানাঞ্চল বিক্ৰী কৰি শেষ কৰিব এই মন্ত্ৰীজনে । অসম চৰকাৰে এখন ব্যক্তিগত চিৰিয়াখানাৰ বাবে সকলো আইন-নীতি ভংগ কৰিছে ।

তেওঁ লগতে যদি কাগজ-পত্ৰ সঠিক আছিল তেনেহ’লে কিয় দিনতে বন্যজন্তু নিনিলে তথা সংবাদ মাধ্যমক অৱগত কৰা নহ’ল বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ দুটা গঁড় চোৰাংকৈ নিশা লৈ যোৱা বিষয়টোৰ তদন্ত হ’ব লাগে বুলি তেওঁ দাবী জনায় । তেওঁ বন্যপ্ৰাণী আইন ভংগ কৰি চৰকাৰ তথা চিৰিয়াখানা কৰ্তৃপক্ষই এই কাম কৰাৰ অভিযোগ কৰি আইনৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে ৷ তেওঁ আদালতৰ ওপৰত সম্পূৰ্ণ আস্থা থকাৰ কথা ব্যক্ত কৰি আম্বানীৰ চিৰিয়াখানাৰ পৰা গড়কেইটা লৈ অনাৰ দাবী কৰে ।

লগতে পঢ়ক : Protest in Sivasagar : খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দপদপনি নচলিব : শৃংখল চলিহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.