ETV Bharat / state

Operation Against Child Marriage: বাল্যবিবাহ কৰি আটক হোৱাৰ ভয়ত শহুৰৰ ঘৰত চিপ লৈ আত্মহনৰ চেষ্টা যুৱকৰ - Operation Against Child Marriage

বাল্যবিবাহৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ মাজতে আৰক্ষীৰ পৰা বাচিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুতেই পলায়ন বা চৰম সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে (Youth attempt to committed suicide) ৷ এইবাৰ মহানগৰীৰৰ বশিষ্ঠত এজন 18 বছৰীয়া যুৱকে আত্মহননৰ চেষ্টা চলায় (Youth attempt to committed suicide) ৷

Operation Against Child Marriage: Youth attempt to committed suicide
আটক হোৱাৰ ভয়ত চিপ লৈ আত্মহনৰ চেষ্টা যুৱকৰ
author img

By

Published : Feb 5, 2023, 9:56 AM IST

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: ৰাজ্যত বাল্যবিবাহ ৰোধৰ বাবে বৃহস্পতিবাৰৰ নিশাৰ পৰা আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰাখিছে (Operation against child marriage in Assam) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৰাজ্যত ক্ৰমাৎ বাল্যবিবাহৰ ঘটনা বৃদ্ধি হোৱাৰ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰাৰ পিচতে আৰক্ষীক অভিযান চলাই বাল্যবিবাহত আৱদ্ধ হোৱা আৰু ইয়াৰ লগত জড়িত থকাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷ এই নিৰ্দেশনাৰ পিচতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2200 তকৈ অধিক লোকক আটক কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে (Many Arrested related to child marriage case) ৷

এই অভিযানৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Youth attempt to committed suicide) ৷ মানকাচৰৰ যুৱতীৰ আত্মহনন ঘটনাৰ চাঞ্চল্য মাৰ নৌ৷যাওঁতেই এইবাৰ মহানগৰীৰৰ বশিষ্ঠত এজন 18 বছৰীয়া যুৱকে আত্মহননৰ চেষ্টা কৰাৰ খবৰ পোহৰলৈ আহিছে (Attempt to suicide case in Guwahati) ৷ শনিবাৰে নিশা মহানগৰীৰ বশিষ্ঠৰ বৰপথাৰ অঞ্চলত এজন ১৮ বছৰীয়া যুৱকে শহুৰেকৰ ঘৰত আত্মহত্যা কৰিবলৈ চেষ্টা কৰে ৷

প্ৰায় এবছৰ পূৰ্বে ১৮ বছৰীয়া যুৱকজনে বৰপথাৰৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়া পাতিছিল । সেয়েহে বাল্যবিবাহ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত শহুৰেকৰ ঘৰতে চিপ লৈ যুৱকজনে আত্মহত্যাৰ চেষ্টা চলায় যদিও কথমপি প্ৰাণৰক্ষা পৰে । এই ঘটনাই যুৱকজনৰ শহুৰেকৰ ঘৰৰ লগতে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্বামীৰ এই কাণ্ড দেখি পত্নী কান্দোনত ভাগি পৰে ৷

লগে লগে পৰিয়ালৰ লোকে যুৱকজনক মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হেল্থ চিটি হাস্পতালত ভৰ্তি কৰায় । বৰ্তমান যুৱকজনৰ স্বাস্থ্য সংকটজনক বুলি জানিব পৰা গৈছে ৷ যুৱকজৱৰ ঘৰ নগাঁও জিলাৰ ধিঙত বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, মানকাচৰত শনিবাৰে অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ নিজ পিতৃক বচাবলৈ লৈ আত্মহত্যাৰ পথ বাচি লয় এগৰাকী বিধৱা যুৱতীয়ে ৷ মানকাচৰৰ ঝাউডাংগা পুবেৰ গাঁৱৰ নিবাসী এগৰাকী যুৱতীক পিতৃয়ে ঘৰৰ অৱস্থাৰ বাবে নাবালিকা অৱস্থাতেই বিয়া দিছিল (Widow suicide in Mankachar) ৷ দুবছৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হোৱাত মাতৃগৃহত পিতৃৰ সৈতে দুই সন্তানসহ লৈ বাস কৰিছিল মহিলাগৰাকীয়ে (Widow committed suicide to save father )৷

সম্প্ৰতি ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে চলা অভিযানৰ পিচতেই পিতৃক আৰক্ষীয়ে আটক কৰাৰ শংকাত ভুগি মহিলাগৰাকীয়ে শুকুৰবাৰে নিশা আত্মহত্যাৰ পথ বাচি লয় ৷ শনিবাৰে পুৱা পিতৃয়ে যুৱতীগৰাকীক মৃত অৱস্থাত পৰি থকা দেখি কান্দোনত ভাগি পৰে ৷

লগতে পঢ়ক: Widow committed suicide: বাল্য বিবাহৰ ঘটনাক লৈ উত্তেজনা, পিতৃক বচাবলৈ বিধৱা মহিলাৰ আত্মহনন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.