ETV Bharat / state

হাতীগাঁৱৰ ফ্লেটত ৰহস্যজনকভাৱে উদ্ধাৰ মেঘালয়ৰ যুৱতীৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:10 PM IST

মহানগৰীত সংঘটিত হৈছে আন এক ৰহস্যজনক ঘটনা ৷ হাতীগাঁৱৰ এটা ফ্লেটত উদ্ধাৰ মেঘালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷

Young woman body recovered
ফ্লেটত মৃতদেহ উদ্ধাৰ
মহানগৰীত আন এক ৰহস্যজনক ঘটনা

গুৱাহাটী, 29 নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ এটা ভাড়াঘৰত ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়াৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক ৰহস্যজনক ঘটনা ৷ এইবাৰ মহানগৰীৰ হাতীগাঁৱৰ এটা ফ্লেটত উদ্ধাৰ হৈছে মেঘালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷

হাতীগাঁৱৰ ৰাজ পথৰ কাচা লিমিটাড’ নামৰ এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী মেঘালয়ৰ ঋতিকা সোনাৰ ৷ ৰূপেশ ৰয় নামৰ পশ্চিমবংগৰ যুৱক এজনৰ সৈতে দীৰ্ঘদিন ধৰি লিভ-ইন-টুগেদাৰত আছিল মৃত যুৱতীগৰাকী ৷ এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত আছিল দুয়ো ৷

জানিব পৰা মতে বুধবাৰে নিশা ৰূপেশ ৰয় আৰু ঋতিকা সোনাৰৰ মাজত নিশা প্ৰথমে কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ তাৰ পিছতে ঋতিকা সোনাৰে নিজৰ কোঠাত দুৱাৰ বন্ধ কৰি চৰম পন্থা বাছি লয় ৷ লগে লগে ৰূপেশ ৰয় নামৰ যুৱকজনে কোঠাৰ দুৱাৰ ভাঙি প্ৰবেশ কৰি যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে যুৱতী গৰাকীৰ মৃতদেহ ৷

এই ঘটনাৰ পিছতে বৃহস্পতিবাৰে পুৱাৰ ভাগত ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ইতিমধ্যে ৰূপেশ ৰয় নামৰ যুৱকজনক হাতীগাঁও আৰক্ষীয়ে সোধা-পোচাৰ বাবে আটক কৰিছে ৷ এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰীতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ কিয়নো চলিত নৱেম্বৰ মাহৰ ভিতৰতে এইটো তৃতীয়টো অনুৰূপ ঘটনা ৷ প্ৰথমে ছয়মাইল, দ্বিতীয়তে হেঙেৰাবাৰীত আৰু ইয়াৰ পাছত হাতীগাঁৱত সংঘটিত হ’ল এই ঘটনা ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী শুনিছেনে ? জালুকবাৰী সমষ্টিৰ পাহাৰসমূহত বনদস্যুৰ দপদপনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.