ETV Bharat / state

কাঠপেঞ্চিলত বিভিন্ন ভাস্কৰ্য স্থাপনেৰে দৃষ্টি আকৰ্ষণ মহানগৰীৰ যুৱতীৰ

author img

By

Published : May 31, 2022, 12:21 PM IST

প্ৰতিভাৰ অভাৱ নাই এইখন অসমত । বিভিন্নজনে বিভিন্ন কৰ্মৰে জিলিকিছে স্ব-স্থানত । এইবাৰ কাঠপেঞ্চিলত বিভিন্ন ভাস্কৰ্য স্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ এগৰাকী যুৱতীয়ে(Sculpture art in woodpencil) ।

culpture-art-young-women-in-woodpencil
কাঠপেঞ্চিলত ভাস্কৰ্য শিল্প স্থাপন মহানগৰীৰ যুৱতীৰ

গুৱাহাটী, 31 মে': কাঠপেঞ্চিলত বিভিন্ন ভাস্কৰ্য শিল্প স্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ এগৰাকী যুৱতীয়ে(Sculpture art in woodpencil) । গুৱাহাটী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ যুৱতী গৰাকীয়ে একাগ্ৰতাৰে কৰ'ণা মহামাৰীৰ সময়ত হোৱা লকডাউনৰ পৰা আৰম্ভ কৰিছে এক অভিনৱ ভাস্কৰ্য শিল্প । কাঠপেঞ্চিলৰ মাজৰ ক'লা অংশত তেওঁ শৰাইঘাটৰ দলং, লৌহ মানৱ, শিৱ মূৰ্তি, ৰে’লগাড়ী আৰু অভয়াৰণ্যকে ধৰি বিভিন্ন ভাস্কৰ্য শিল্প সৃষ্টিৰ জৰিয়তে সমগ্ৰ নুনমাটি অঞ্চলত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।

কাঠপেঞ্চিলত সপোন ৰচনা কৰা এই গৰাকী ভাস্কৰ্য শিল্পী হৈছে নুনমাটি চন্দনপুৰৰ জিতেন কলিতা আৰু ভনিতা কলিতাৰ কন্যা শেৱালী কলিতা । ২০২০ বৰ্ষত গুৱাহাটী মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ সময়ত ঘৰতে টেলিভিছনত বোলছবিকে ধৰি বিভিন্ন অনুষ্ঠান চাই সময় পাৰ কৰিছিল শেৱালীয়ে । ছবি চাই চাই এই অভিনৱ সৃষ্টিৰ পাতনি মেলিছিল ছাত্ৰীগৰাকীয়ে ।

সেই সময়ত টেলিভিছনত প্ৰদৰ্শিত দক্ষিণ ভাৰতৰ "মাখি" (Makkhi) শীৰ্ষক বোলছবি খনৰ বিন্দুৰ চৰিত্ৰত অভিনয় কৰা মূল নায়িকা গৰাকীয়ে কাঠপেঞ্চিলৰ মাজত থকা ক'লা অংশত এটি সুন্দৰ লকেট প্ৰস্তুত কৰি প্ৰেমিকক উপহাৰ দিছিল । তাৰেই আলমত শেৱালীয়ে এটা পিন আৰু এখন ব্লেডেৰে কাঠপেঞ্চিলত লকেট বনোৱাৰ চৰ্চা আৰম্ভ কৰে । প্ৰথম অৱস্থাত সফল হ’ব পৰা নাছিল যদিও তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত পিছলৈ তেওঁ সফল হৈছিল ।

এনেদৰে পৰৱৰ্তী সময়ত তেওঁ বাইক, এ ডব্লিউ এম ৰাইফল, ৰে’ল গাড়ী, অভয়াৰণ্য, তাজমহল, আইফেল টাৱাৰ আৰু বিভিন্ন মূৰ্তি প্ৰস্তুত কৰিবলৈ সক্ষম হয় । কিন্তু অতি সূক্ষ্মভাৱে কাঠপেঞ্চিলত এই ভাস্কৰ্য প্ৰস্তুত কৰিবলৈ যাওঁতে হাতৰ কেইবাটাও আঙুলি আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছিল । উল্লেখ্য যে, আৰ্থিক অসুবিধাৰ বাবে স্নাতকোত্তৰ শাখাত নামভৰ্তি কৰিব নোৱাৰিলে শেৱালীয়ে । বৰ্তমান তেওঁ এই ভাস্কৰ্য শিল্পৰ উপৰিও মহানগৰীৰ কেইবাটাও শৰীৰচৰ্চা কেন্দ্ৰত প্ৰশিক্ষক হিচাপে কাম কৰি আছে ।

আৰ্থিক অসুবিধাৰ বাবে এই অভিনৱ সৃষ্টি কৰাৰ পিছতো বিশেষ অগ্ৰগতি লাভ কৰা নাই যুৱতীগৰাকীয়ে । বিশেষ প্ৰদৰ্শনীত ভাগ লোৱাৰ সুবিধা পালে, উপযুক্ত বজাৰ আৰু প্ৰচাৰ পালে শেৱালীৰ এই ভাস্কৰ্য শিল্প হয়টো ভৱিষ্যতে বিশ্বৰ দৰবাৰত জিলিকিবলৈ সক্ষম হ’ব ।

আনহাতে, যুৱতীগৰাকী হৈছে এগৰাকী জুডো খেলুৱৈ । কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ইতিমধ্যে তেওঁ অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: দুলীয়াজানৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত গেছ আৰু খাৰুৱাতেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.