ETV Bharat / state

মাহ হালধি লগাই অপেক্ষা কইনাৰ: ঘৰলৈ উভতিল ধুনুৰ নিঠৰ দেহ - ঘৰলৈ উভতিল ধুনুৰ নিঠৰ দেহ

হেঁপাহৰ দিনটোৰ বাবে বিয়াৰ দিন বাৰ ঠিক কৰি আহি মাহ হালধি লগোৱা পৰ্বৰ বাবে কইনাৰ ঘৰলৈ যাবলৈ উখল মাখল ঘৰখনত ৷ কিন্তু বিধিৰ লিখন নহয় খণ্ডন ৷ নিষ্ঠুৰ নিয়তিয়ে থানবান কৰি থৈ গ'ল দুখনকৈ ঘৰ ৷ মহানগৰীত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু বিজেপি নেতা তথা বিজেপি দিছপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ কোষাধ্যক্ষ ধুনুমণি বৰ্মনৰ(Young BJP leader Dhunumani Burman dies )৷

ঘৰলৈ উভতিল ধুনুৰ নিঠৰ দেহ
ঘৰলৈ উভতিল ধুনুৰ নিঠৰ দেহ
author img

By

Published : Jun 13, 2022, 12:47 PM IST

Updated : Jun 13, 2022, 1:11 PM IST

গুৱাহাটী, ১২ জুন : বিয়াখনৰ বাবে কিমান যে সপোন ৷ হেঁপাহৰ দিনটোৰ বাবে বিয়াৰ দিন বাৰ ঠিক কৰি আহি মাহ হালধি লগোৱা পৰ্বৰ বাবে কইনাৰ ঘৰলৈ যাবলৈ উখল মাখল ঘৰখনত ৷ কিন্তু বিধিৰ লিখন নহয় খণ্ডন ৷ নিষ্ঠুৰ নিয়তিয়ে থানবান কৰি থৈ গ'ল দুখনকৈ ঘৰ ৷

শনিবাৰে সাতগাঁও পথৰ এছ এফ এছ স্কুলৰ সন্মুখত মটৰ চাইকেল আৰু ডাম্পাৰৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় বিজেপি নেতা তথা বিজেপি দিছপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ কোষাধক্ষ্য ধুনুমণি বৰ্মনৰ(31) (Young BJP leader Dhunumani Burman dies)৷ নিশা প্ৰায় ১২ বজাত নিজৰ AS 01 EM 2887 নম্বৰৰ মটৰ চাইকেলেৰে পাথৰ কুৱাৰীৰ পৰা সাতগাঁওস্থিত বাসগৃহলৈ গৈ থকাৰ সময়তে প্ৰচণ্ড গতিবেগেৰে আহি থকা এখন ডাম্পাৰে মটৰ চাইকেলখনত পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ নাৰেংগীৰ ফালৰ পৰা প্ৰচণ্ড গতিবেগেৰে আহি আছিল ডাম্পাৰখন ৷

ঘৰলৈ উভতিল ধুনুৰ নিঠৰ দেহ

ধুনুমণিৰ পিছে পিছে গৈ থকা মোমায়েকে ধুনুমণিক লগে লগে ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি জৰুৰীকালীন সেৱা 108 ক মাতে যদিও সময়ত উপস্থিত হ'ব নোৱাৰিলে এম্বুলেঞ্চ ৷ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখন ৷ ঘটনাস্থলীত সাতগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ যুৱ নেতাজনক গেট হাস্পতাললৈ লৈ গৈছিল যদিও হাস্পতালত মৃত বুলি ঘোষণা কৰে ধুনুমণিক ৷ আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো GMCH লৈ প্ৰেৰণ কৰে ৷ মাৰণোত্তৰ পৰীক্ষাৰ অন্তত ধুনুমণিৰ মৃতদেহটো আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে পাথৰকুৱাৰী ক্ৰীড়া সন্থাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা বিজেপিৰ দিছপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ এখন কাৰ্য নিৰ্বাহক সভাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি থকাৰ পথতে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইফালে ঘৰৰ ওচৰৰ এগৰাকী যুৱতীৰ সৈতে থকা দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক বিবাহৰ ৰূপ দিয়াৰ বাবে দেওবাৰে যুৱতী গৰাকীৰ ঘৰলৈ যোৱাৰ কথা আছিল ধুনুমণিৰ ৷ বিয়াৰ দিন বাৰো ঠিক কৰি অহাৰ পিছতেই বিয়াৰ বাবে মাহ হালধী গাত লগোৱা পৰ্বও সাজু কৰি ৰাখিছিল যুৱকজনে ৷ পিছে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গল ধুনিমণি সপোনৰ ঘৰখন ৷ যুৱ নেতাজনৰ অকাল বিয়োগত অঞ্চলটোত কান্দোনৰ ৰোল উঠিছে ৷

  • ভাৰতীয় জনতা যুৱ মৰ্চা, দিছপুৰ মণ্ডলৰ কোষাধ্যক্ষ ধুনুমণি বৰ্মনৰ বিয়োগত মৰ্মাহত হৈছোঁ৷ উদ্যমী যুৱ নেতা হিচাপে পৰিচিত বৰ্মনে দলক সবল কৰাৰ দিশত উল্লেখনীয় বৰঙণি যোগাইছিল। তেখেতৰ অকাল বিয়োগ অপূৰণীয় ক্ষতি। বৰ্মনৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনালোঁ। pic.twitter.com/bxeccjuRYn

    — Himanta Biswa Sarma (@himantabiswa) June 12, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালৰবৰ্গলৈ সমাবেদনা জ্ঞাপন কৰে ৷ টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে - "ভাৰতীয় জনতা যুৱ মৰ্চা, দিছপুৰ মণ্ডলৰ কোষাধ্যক্ষ ধুনুমণি বৰ্মনৰ বিয়োগত মৰ্মাহত হৈছোঁ ৷ উদ্যমী যুৱ নেতা হিচাপে পৰিচিত বৰ্মনে দলক সবল কৰাৰ দিশত উল্লেখনীয় বৰঙণি যোগাইছিল। তেখেতৰ অকাল বিয়োগ অপূৰণীয় ক্ষতি। বৰ্মনৰ বিদেহি আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনালোঁ ।"

লগতে চাওক : ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা: শিশুসহ আহত 10 জন

Last Updated : Jun 13, 2022, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.