গুৱাহাটী, 29 মে’: বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে অহা 31 মে’ত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৷ কামৰূপ জিলা ধঁপাত বিৰোধী কেন্দ্ৰ আৰু অসম ধঁপাত বিৰোধী কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব এই সজাগতামূলক সভা ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত যোগে এই কথা ঘোষণা কৰে উদ্যোক্তা সকলে ।
উল্লেখ্য যে, 1987 চনৰ পৰা বিশ্ব স্বাস্থ্য সন্থাৰ উদ্যোগত 31 মে’ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে ধঁপাত বিৰোধী দিৱস ৷ এই দিৱস উদ্যাপনৰ উদ্দেশ্য এয়ে যে সকলোৱে যাতে ধঁপাত সেৱন কৰাৰ পৰা আঁতৰত থাকে তাৰ বাবে সজাগ কৰা । সমীক্ষা অনুসৰি ধঁপাত ব্যৱহাৰৰ ফলত ভাৰতত প্ৰতি বছৰত 13 লাখ মানুহৰ মৃত্যু হয় । আনহাতে দৈনিক মৃত্যু মুখত পৰে 3 হাজাৰ 3 শ গৰাকীকৈ লোক ।
ইপিনে, অসমত যিকোনো ধৰণৰ ধঁপাত ব্যৱহাৰ কৰা লোকৰ সংখ্যা হৈছে 48.2 শতাংশ ৷ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত কেৱল স্বাস্থ্য বিভাগতে নহয় স্কুল, কলেজ, মহিলা সমিতি লগতে বিভিন্ন গাঁৱত ঘৰে ঘৰে গৈ সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে বুলি জানিবলৈ দিয়ে ৷ প্ৰতি বছৰে প্ৰতিখন জিলাৰ 70 খন স্কুলত সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে । লগতে ধঁপাত এৰিব বিচৰা সকলৰ বাবেও বিভিন্ন হাস্পতালত ব্যৱস্থা থকাৰ কথা জানিবলৈ দিয়ে কেন্দটোৰ কৰ্মকৰ্তাই ।