ETV Bharat / state

বিশ্ব গঁড় দিৱস ২০২০

author img

By

Published : Sep 22, 2020, 7:45 AM IST

“গঁড় সংৰক্ষণ কৰাৰ একমাত্ৰ উপায়টো হ’ল এই প্ৰজাতিটো বাস কৰা পৰিৱেশটো সংৰক্ষণ কৰা; কিয়নো প্ৰকৃতিত ইয়াৰ আৰু আন উদ্ভিদ আৰু জীৱ-জন্তুসমূহ, উভয় পক্ষৰে লক্ষ লক্ষ বিভিন্ন প্ৰজাতিসমূহৰ মাজত এক এৰাব নোৱাৰা ওতঃপোত সম্পৰ্ক আছে ৷ ” ছাৰ ডেভিড এটেনব’ৰ’

World Rhino Day 2020
World Rhino Day 2020

প্ৰতি বছৰে ২২ ছেপ্টেম্বৰ তাৰিখটো বিশ্বৰ পাঁচোটা গঁড় প্ৰজাতিক সাঙুৰি গঁড় দিৱস হিচাপে উদযাপন কৰাৰ লগতে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানবোৰৰ বিষয়েও আলোকপাত কৰা হয় ৷ এই বিশেষ দিনটোৱে বিভিন্ন দায়িত্বশীল সংস্থাসমূহ, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনবোৰ (এন জি অ’), চিৰিয়াখানাসমূহ তথা নাগৰিকসমাজলৈ তেওঁলোকৰ নিজৰ সুকীয়া সুকীয়া পদ্ধতিত গঁড় প্ৰজাতিটোৰ বাবে উৎসৱ উদ্‌যাপন কৰিবলৈ এক সুযোগ আনি দিয়ে ৷ আফ্ৰিকা আৰু এচিয়াৰ পাঁচটা ভিন্ন প্ৰজাতিৰ গড়ৰ তিনিটা প্ৰজাতি, জাভাৰ গঁড় (ৰাইন’ছেৰছ ছ’ণ্ডাইকাছ), সুমাত্ৰীয় গঁড় (ডিছেৰ’ৰিনাছ সুমাত্ৰেনছিছ) আৰু ক’লা গঁড় (ডাইছেৰছ বিকৰ্ণিছ)ক আই ইউ ছি এনে সংকটজনকভাৱে বিপন্ন বুলি ঘোষণা কৰিছে ৷ আনহাতে শুকুলা গঁড় (ছিৰাট’থেৰিয়াম ছিমাম)ৰ অস্তিত্ব বিপদাপন্ন অৱস্থাত আছে আৰু এশিঙিয়া গঁড় (ৰাইণ’ছেৰছ ইুনিকৰ্ণিছ) বিলুপ্তিৰ দিশে আগুৱাইছে বুলি প্ৰতিবেদন জাৰি কৰিছে ৷

World Rhino Day 2020
কাজিৰঙাৰ এশিঙীয়া গঁড়

বিশ্ব গড় দিৱসৰ ইতিহাস :

২০১০ চনত এইটো স্পষ্ট হৈছিল যে গঁড় কূলৰ দূৰ্দশাৰ বিষয়ে বিশ্বজুৰি লোকসকল অৱগত নাছিল ৷ বহু লোকে আনকি এইটোও জনা নাছিল যে এই ৰাজকীয় প্ৰাণীবিধক সম্পূৰ্ণৰূপে হেৰুৱাৰ পথত আগুৱাই আগুৱাই আমি কিমানদূৰ পালোহি ৷ সেই সময়ত প্ৰজাতিটোৰ অৱস্থা ইমানেই সংকটজনক আছিল যে সমগ্ৰ বিশ্বজুৰি মুঠ ৩০ হাজাৰটাতকৈও কম সংখ্যক গঁড়হে বাচি অছিলগৈ ৷ সেয়ে বিশ্বত বাচি থকা গঁড় কেইটাক সুৰক্ষা প্ৰদান কৰাৰ প্ৰচেষ্টাৰে দক্ষিণ আফ্ৰিকাৰ ডব্লিউ ডব্লিউ এফে বিশ্ব গড় দিৱসৰ ঘোষণা কৰে আৰু পৰৱৰ্তী কালত এই প্ৰচেষ্টাই অভূতপূৰ্ৱ সফলতা লাভ কৰে ৷ বিশ্ব গঁড় দিৱসত গড়বোৰক লৈ উৎসৱ উদ্‌যাপন কৰা হয় আৰু এই প্ৰজাতিটোৱে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে জনমাসনত সচতেনতা জাগ্ৰত কৰোৱা হয় ৷ বিগত কিছু বছৰত চোৰাং চিকাৰী, নগৰিকৰণ আৰু প্ৰদূষণ আদিয়ে গঁড়ৰ প্ৰজাতিটোলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ যাৰ ফলত গঁড়ৰ নিৰ্দিষ্ট প্ৰজাতি কেইটামানক সম্পূৰ্ণৰূপে বিপন্নতাৰ শাৰীলৈ থেলি দিয়া হৈছে আৰু আনহাতে অন্য প্ৰজাতি কেইটাক অতি সংকটজনক অৱস্থাত বিলুপ্ত হোৱাৰ পথত তেনেকৈয়ে এৰি দিয়া হৈছে ৷

World Rhino Day 2020
অসম বিখ্যাৎ কাজিৰঙাৰ এশিঙীয়া

২০১১ চনত, লিজা জেইন কেম্পবেল নামৰ গঁড়ক ভালপোৱা মহিলা এগৰাকীয়ে ৰিশ্বজালৈ এক ই-মেইল প্ৰেৰণ কৰিছিল ৷ উল্লেখ্য যে কেম্পবেল এনে এগৰাকী বিদূষি মহিলা যি গঁড়ৰ পাঁচোটা প্ৰজাতিকে পৃথিৱীত জীয়াই থকাটো আৰু যাতে ভৱিষ্যতৰ প্ৰজন্মই এই ৰাজকীয় প্ৰাণীটোক প্ৰতক্ষ্য কৰি নয়ন জুৰাব পাৰে সেইটো স্বচক্ষুৰে চাব বিচাৰে ৷ এই দুগৰাকী আশ্বৰ্যকৰ মহিলাৰ হাতত বিশ্ব গঁড় দিৱসে সমগ্ৰ বিশ্ব জুৰি এক অনন্য পৰিঘটনাৰ ৰূপ লৈছে লগতে অভূতপূৰ্ৱ সফলতা লাভ কৰিছে ৷ এতিয়াও এই সংক্ৰান্তত বহু কৰিব লগীয়া আছে ৷ কিয়নো মাত্ৰ এশটা সুমাত্ৰীয় গঁড় আৰু 60ৰ পৰা 65 টাৰ ভিতৰতহে জাভাৰ গঁড় পৃথিৱীত বাচি আছেগৈ ৷ অন্যহাতেদি যদিও আফ্ৰিকীয় গঁড় সংখ্যাগত ফালৰ পৰা কিছু পৰিমাণে সুস্থিৰ অৱস্থাত আছে তথাপি এতিয়াও গঁড়ক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমাৰ বহুতো কৰণীয় আছে ৷

World Rhino Day 2020
দক্ষিণ আফ্ৰিকাৰ গঁড়

বিশ্ব গঁড় দিৱস কেনেকৈ উদ্‌যাপন কৰা হয় :

এই আধুনিক পৃথিৱীখনত গঁড়বোৰে ভুগি থকা দুৰ্দশাৰ বিষয়ে নিজকে শিক্ষিত কৰি তুলি নাইবা বাচি থকা গঁড় কেইটা ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আপুনি নিজকে জৰিত কৰি নিজাববীয়াকৈ বিশ্ব গঁড় দিৱস উদ্‌যাপনৰ আৰম্ভণি কৰিব কৰিব পাৰে ৷ গঁড়ৰ দৰে এক শক্তি, সহনশীলতা তথা দৃঢ়তাৰ প্ৰতীক গহীন গম্ভীৰ জীৱ এবিধ যদি পৃথিৱীৰ পৰা হেৰাই যায় তেনেহ’লে ই আমাৰ বাবে এক হৃদয় বিদাৰক লগতে এক লজ্জাজনক কথা হ’ব ৷ এই সুন্দৰ সৃষ্টিবোৰক পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাবলৈ নিদিব ৷ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে লগ হৈ কেনেকৈ এই প্ৰজাতিটোৰ ৰক্ষণাবেক্ষণৰ বাবে ধন সংগ্ৰহ কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা হাতত লওক ৷

World Rhino Day 2020
এশিঙীয়া গঁড়

পৃথিৱীৰ ৫ টা গঁড়ৰ প্ৰজাতি আফ্ৰিকা আৰু এছিয়াত বাস কৰে

জাভাৰ গঁড় (ৰাইণ’ছেৰছ ছ’ণ্ডাইকাছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)

সুমাত্ৰীয় গঁড় (ডাইছেৰোৰিনাছ সুমাত্ৰেনছিছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)

ক’লা গঁড় (ডাইছেৰছ বাইকৰ্ণিছ)- সংকটজনকভাৱে বিপন্ন (আই ইউ ছি এন)

শুকুলা গঁড় (ছিৰাট’থেৰিয়াম ছিমাম)- ভাবুকিৰ সন্মুখীন হৈ আছে (আই ইউ ছি এন)

এশিঙীয়া গঁড় (ৰাইণ’ছেৰছ ইউনিকৰ্ণিছ)- সংকটাপন্ন (আই ইউ ছি এন)

World Rhino Day 2020
বিশ্ব গঁড় দিৱস ২০২০

গঁড়ৰ বিষয়ে প্ৰকাশিত কেইটামান প্ৰধান ঘটনা :

চীনা চৰকাৰে ২০১৮ চনৰ ২৯ অক্টোবৰ তাৰিখে ঘোষণা কৰে যে তেওঁলোকে দেশত চিকিৎসাজনিত কাৰণ আৰু সাংস্কৃতিক উদ্দেশ্যৰ বাবে কৰা গঁড়ৰ খৰ্গ আৰু বাঘৰ হাৰৰ “নিয়ন্ত্ৰিত” ব্যৱহাৰক বৈধতা প্ৰদান কৰিছে ৷ ১৯১৩ চনত নিষিদ্ধতা প্ৰদান কৰা এখন আইনৰ ঠাইত নতুনকৈ ঘোষণা কৰা আইনখনৰ অধীনত গঁড়ৰ খৰ্গ আৰু বাঘৰ হাৰৰ পৰা আৰম্ভ কৰি খেতি কাৰ্যত লগোৱা পোহনীয়া জন্তু আদিক ঔষধীয় উপযোগিতাৰ বাবে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে ৷

২০১৮ চনৰ ছেপ্টেম্বৰত বিশ্ব গঁড় দিৱসৰ আগে আগে সংৰক্ষণৰ লগত জৰিত সংগঠনবোৰৰ এক আন্তঃৰাষ্ট্ৰীয় সমূহে সুমাত্ৰীয় গঁড়ৰ পুনৰুদ্ধাৰ অভিযানৰ আৰম্ভণিৰ আনুষ্ঠানিক ঘোষণা কৰে ৷ ইণ্ডোনেছিয়া চৰকাৰে অতি সংকটজনকভাৱে বিপন্ন প্ৰজাতিবিধৰ বাবে হাতত লোৱা “কেপ্টিভ ব্ৰিডিং” কাৰ্যসূচীক সমৰ্থন আগবঢ়াবৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছিল ৷ সেই বৰ্ষৰে পৰা এতিয়ালৈকে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ হাতত লোৱা হৈছে ৷

World Rhino Day 2020
বিশ্ব গঁড় দিৱস ২০২০

২০১৮ চনৰ ২২ ডিচেম্বৰত বিধ্বংসী ছুনামিয়ে ইণ্ডোনেছিয়াৰ জাভা দ্বীপত ধ্বংসলীলা চলায় ৷ ছুনামিটোত সাগৰৰ ঢৌ ৫ মিটাৰলৈকে (১৬ ফুট) উচ্চতালৈকে উঠিছিল ৷ ইয়াৰে কিছুমান ঢৌৱে জাভা গঁড়ৰ একমাত্ৰ বিচৰণথলী উজুং কুলন ৰাষ্ট্ৰীয় উদ্যানৰ উপকূলত আঘাত হানিছিল ৷

নেপালে দেশখনৰ এশিঙীয়া গঁড়ৰ সংখ্যা বৃদ্ধিত আশ্চৰ্যকৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু যোৱা বছৰ এক গণনা কৰা হৈছিল ৷ ২০১৯ চনৰ মাৰ্চত, বাজফীডে চলোৱা এক সমীক্ষাত চিটৱান ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে অঞ্চলবোৰত মানৱ অধিকাৰ হনন হোৱাৰ তথ্য পোহৰলৈ আহে৷ কেনেকৈ উদ্যান খনৰ ৰেঞ্জাৰসকলক দিয়া আইনী ক্ষমতাই উদ্যানখনৰ সংৰক্ষিত কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে সমীক্ষাটোত তাকেই তুলি ধৰা হৈছিল ৷

World Rhino Day 2020
অসম গৌৰৱ এশিঙীয়া গঁড়

পূৰ্ৱতে সংঘাট নাইবা চোৰাং চিকাৰৰ ফলত লোপ পোৱা ঠাইবোৰত ক’লা গঁড়ক পুনৰ সংস্থাপন কৰিবলৈ কৰা প্ৰচেষ্টাই এক মিশ্ৰিত সঁহাৰি পাইছে ৷ ২০১৮ চনৰ মে’ত ছটা ক’লা গঁড়ক দক্ষিণ আফ্ৰিকাৰ পৰা ছাডৰ জাকৌমা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হয় ৷ কিন্তু নৱেম্বৰলৈ তাৰে চাৰিটাৰ মৃত্যু হয় ৷

যি নহওক, আগষ্ট মাহত এক প্ৰতিবেদনত প্ৰকাশ পাই যে ৰোৱাণ্ডাত পাঁচটা পশ্চিমীয়া ক’লা গঁড়ে (ডি বি মিকাইলি) ইউৰোপৰ চিৰিয়াখানৰ পৰা আকাজেৰা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানন্তৰিত কৰাৰ পাচত সফলতাৰে প্ৰাৰম্ভিক “এক্লিমেটাইজেশ্বন”ৰ সময়সীমা পাৰ কৰিছে ৷ বিভিন্ন প্ৰত্যাহ্বানবোৰৰ স্বত্বেও ১৯৯০ চনৰ ২৫০০ তকৈও কম সংখ্যক ক’লা গঁড়ৰ সংখ্যা আজিৰ তাৰিখত প্ৰায় ৫০০০ টালৈ বৃদ্ধি পায় ৷ এই প্ৰজাতিটোৱে পূৰ্ৱতে বিচৰণ কৰা বিচৰণস্থলীবোৰত ইয়াক পুনৰ সংস্থাপন কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে ৷

World Rhino Day 2020
আফ্ৰিকাৰ দুশিঙীয়া গঁড়

ভাৰতৰ গঁড়ৰ বৰ্তমানৰ অৱস্থা :

বিশ্ব বন্যজীৱৰ পোষকতা কৰা সংস্থা “ৱৰ্ল্ড ৱাইড ফান্ড ফৰ নেছাৰ—ইণ্ডিয়া” (ডব্লিউ ডব্লিউ এফ- ভাৰত)ৰ মতে ১৯০৫ চনৰ ৭৫ টা গঁড়ৰ পৰা ২০১২ চনত ২৭০০ টালৈ ভাৰতীয় গঁড়ৰ (ৰাইন’ছেৰছ ইুনিকৰ্ণিছ) সংখ্যা বৃদ্ধি পায় ৷ বৰ্তমান এই সংখ্যা ২০২০ চনত ৩৬০০ টাৰ পাৰ হৈছে ৷

ডব্লিউ ডব্লিউ এফ- ভাৰতৰ তথ্য মতে ২০১২ চনত ৯১ শতাংশ ভাৰতীয় গঁড় কেৱল অসমত বাস কৰিছিল ৷ অসমত মূলতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই গঁড় দেখিবলৈ পোৱা যায় ৷ অৱশ্যে কিছু সংখ্যক গঁড় পবিতৰা অভয়াৰণ্যতো পোৱা যায় ৷ অসমৰ মুঠ গঁড়ৰ ৯১ শতাংশ আৰু ভাৰতৰ মুঠ গঁড়ৰ ৮০ শতাংশ গঁড় কাজিৰঙাত বাস কৰে ৷ ২০১৫ চনত কাজিৰঙা উদ্যানৰ কৰ্তৃপক্ষই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছিল যে উদ্যান খনত ২৪০১ টা গঁড়ৰ বসতি আছে ৷ উদ্যানখনে গঁড়ৰ সৰ্বমুঠ বহন ক্ষমতা ইতিমধ্যেই চুইছে আৰু হয়তো অধিক গঁড়ৰ সংখ্যা বহন কৰিবলৈ সক্ষম নহ’বও পাৰে ৷ এই ভাবুকিটোৰ প্ৰতি লক্ষ্য ৰাখি এক কাৰ্য সমাপন কৰিব পৰা যায় যে ঘনবসতিপূৰ্ণ এলেকাবোৰ যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা পবিতৰা অভয়াৰণ্য আদিৰ পৰা নি সংৰক্ষিত এলেকাবোৰত সংস্থাপন কৰিব পৰা যায় যাতে তাত এই প্ৰজাতিটোৱে বংশ বৃদ্ধি কৰিব পাৰে ৷

World Rhino Day 2020
বিশ্ব গঁড় দিৱস ২০২০

২০০৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত আই আৰ ভি ২০২০ ৰ অধীনত ১৮ টা গঁড় মানস ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হৈছিল ৷ গঁড় স্থানান্তৰিত কৰাৰ এই প্ৰচেষ্টা এতিয়াও চলাই থকা হৈছে ৷ গঁড়ৰ সংখ্যা ক্ৰমবৰ্দ্ধমানভাৱে বৃদ্ধি পাই থকাৰ এই পৰিঘটনা, এশিঙীয়া গঁড়ৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তৎপৰতাৰে চলাই থকা ক্ৰমবৰ্দ্ধিত প্ৰচেষ্টাটোৰেই এক ইংগিত ৷

ভাৰতত এশিঙীয়া গঁড় পোৱা ঠাই কেইখন

দুধুৱা ৰাষ্ট্ৰীয় উদ্যান, উত্তৰ প্ৰদেশ

মানস ৰাষ্ট্ৰীয় উদ্যান, অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দৰং আৰু শোণিতপুৰ জিলা, অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসম

পবিতৰা অভয়াৰণ্য, অসম

জলদাপুৰ ৰাষ্ট্ৰীয় উদ্যান, পশ্চিম বংগ

গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিম বংগ

চিতৱান ৰাষ্ট্ৰীয় উদ্যান, নেপাল

উৎসসমূহ :

https://www.worldrhinoday.org/about/

https://news.mongabay.com/2019/09/on-world-rhino-day-looking-back-on-an-eventful-year/

https://www.daysoftheyear.com/days/world-rhino-day/

https://www.indiatimes.com/news/india/rhino-population-in-india-has-increased-by-35-times-in-115-years-507837.html

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.