ETV Bharat / state

সামৰণি পৰিল World Ranking Tennis Tournament ৰ - World Ranking tennis tournament ends of friday etv bharat news

অন্ত পৰিল মহানগৰীৰ চচলস্থিত অল আসাম টেনিছ এছচিয়েচন কমপ্লেক্সত অনুষ্ঠিত হোৱা "ৱৰ্ল্ড ৰেংকিং টেনিছ টুৰ্ণামেণ্ট"ৰ । প্ৰতিযোগিতাৰ সামৰণিত বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হয় প্ৰাইজ মানি আৰু ট্ৰফী ।

World Ranking Tennis Tournament
সামৰণি পৰিল World Ranking Tennis Tournament
author img

By

Published : Nov 12, 2021, 7:17 PM IST

গুৱাহাটী, ১২ নৱেম্বৰ : ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতেই আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন (International Tennis Federation) ৰ আহ্বান মৰ্মে অল ইণ্ডিয়া টেনিছ এছচিয়েচনৰ সহযোগত আৰু অল অসম টেনিছ এছছিয়েচনৰ উদ্যোগত বিগত ৮ নৱেম্বৰ পৰা মহানগৰীৰ চচলত অনুষ্ঠিত হয় ৱৰ্ল্ড ৰেংকিং টেনিছ টুৰ্ণামেণ্ট ৷ শুকুৰবাৰে সামৰণি পৰে ৱৰ্ল্ড ৰেংকিং টেনিছ টুৰ্ণামেণ্ট(World Ranking Tennis Tournament) ৷ 35 বছৰৰ উৰ্দ্ধৰ, 45 বছৰৰ উৰ্দ্ধৰ আৰু 55 বছৰৰ উৰ্দ্ধৰ ছিংগলছ আৰু ডাবলছৰ পুৰুষ আৰু মহিলা উভয় শাখাত অনুষ্ঠিত হয় এই আন্তঃৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেণ্ট (International Tennis Federation) খন ৷

World Ranking Tennis Tournament
সামৰণি পৰিল World Ranking Tennis Tournament

আন্তঃৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেণ্ট খনত অসমৰ খেলুৱৈয়ে উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে । টুৰ্ণামেণ্টখনত পুৰুষৰ ছিংগলছত 35 বছৰৰ উৰ্ধৰ শাখাত চন্দ্ৰশেখৰ মহান্তি, 45 বছৰৰ উৰ্দ্ধৰ শাখাত অমিত শৰ্মা, 55 বছৰ উৰ্ধৰ শাখাত অজীত ভৰদ্বাজে জয়লাভ কৰে । আনহাতে, মহিলা ছিংগলছ শাখাৰ 35 বছৰৰ উৰ্ধৰ শাখাত ছিমি বেগম শৰ্মা, ডাবলছৰ (পুৰুষৰ) 35 বছৰৰ উৰ্ধৰ শাখাত দিলীপ মহান্তি আৰু চন্দ্ৰশেখৰ মহান্তি, 45 বছৰ উৰ্ধৰ শাখাত জিতেন্দ্ৰ প্ৰধান আৰু তুলেশ্বৰ সিং ঠংবাম, 55 বছৰ উৰ্ধৰ শাখাত ৰনদীপ বৰুৱা আৰু হাকিম আলিয়ে বিজয় খিতাপ লাভ কৰে ।

লগতে পঢ়ক : DU PG Admission: 17 নৱেম্বৰত প্ৰকাশ পাব নামভৰ্তিৰ প্ৰথমখন Merit List

ইফালে 35 বছৰৰ উৰ্ধৰ মহিলাৰ ডাবলছৰ শাখাত নাজনীন ৰহমান আৰু চিমি বেগম শর্মাই জয়লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে, এই প্ৰতিযোগিতাখনত দেশৰ ভিন্ন ৰাজ্যৰ পৰা অহা টেনিছ খেলুৱৈৰ লগতে বহিঃ ৰাষ্ট্ৰৰ নেপাল, ভূটান, শ্ৰী লংকা আৰু থাইলেণ্ডৰ পৰা অহা ৫ গৰাকী টেনিছ খেলুৱৈ অংশগ্ৰহণ কৰাৰ কথা আছিল ৷ কিন্তু ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বহিঃ ৰাষ্ট্ৰৰ কোনো এজন খেলুৱৈয়ে নাপালে ইণ্ডিয়া প্ৰৱেশৰ ভিছা । যাৰ বাবে এজনো বিদেশী খেলুৱৈয়ে উপস্থিত নহ’ল ইণ্ডিয়া তথা অসমত ।

এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে ধৰি মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, তামিলনাডু, পশ্চিম বংগ আৰু মণিপুৰৰ প্ৰায় ৮০ গৰাকী টেনিছ খেলুৱৈয়ে অংশগ্ৰহণ কৰে । আয়োজক কমিটিয়ে জানিব দিয়া মতে, সম্প্ৰতি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি আৰু সামৰণি অনুষ্ঠান অনুষ্টুপিয়া আয়োজন কৰা হৈছে ।

লগতে পঢ়ক : padma awards 2021: পৰ্বতাৰোহী অনচু জেমছেনপাই ধন্যবাদ জনালে ভাৰত চৰকাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.