ETV Bharat / state

World Puppetry Day: মহানগৰীত বিশ্ব পুতলা নাচ দিৱস উদযাপন - World Puppetry Day 2023 in Guwahati

পুতলা নাচ হৈছে পুতলাসমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক অভিনৱ কলা । এই পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি আখ্য়া দিয়া হয় । সময়ৰ লগে লগে অতি জনপ্ৰিয় পুতলা নাচৰ প্ৰচলনৰ গতি স্তব্ধ হৈ পৰে । এই পুতলা নাচক নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ প্ৰতি বছৰে ২১ মাৰ্চত পালন কৰি অহা হৈছে বিশ্ব পুতলা নাচ দিৱস (World Puppetry Day celebrated in Assam)।

World Puppetry Day celebrated in Assam
সুৰজিৎ একাডেমীৰ বিশ্ব পুতলা নাচ দিৱস পালন
author img

By

Published : Mar 21, 2023, 9:00 PM IST

World Puppetry Day celebrated in Assam
সুৰজিৎ একাডেমীৰ বিশ্ব পুতলা নাচ দিৱস পালন

গুৱাহাটী, ২১ মাৰ্চ ২০২৩: আজি বিশ্ব পুতলা নাচ দিৱস (World Puppetry Day 2023 in Guwahati) । প্ৰতি বছৰে ২১ মাৰ্চত বিভিন্ন দেশত বিশ্ব পুতলা নাচ দিৱস উদযাপন কৰা হয় । বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো এই পুতলা নাচ দিৱস পালন কৰা হৈছে । অসমত প্ৰতি বছৰে সুৰজিৎ একাডেমীয়ে ২১ মাৰ্চত পুতলা নাচ দিৱস পালন কৰি আহিছে । সুৰজিৎ একাডেমীয়ে হেৰাই যাবলৈ ধৰা অসমৰ কলাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আছে । আজিৰ বিশ্ব পুতলা নাচ দিৱস সুৰজিৎ একাডেমী কমপ্লেক্সত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ।

বিশ্ব পুতলা নাচ দিৱসৰ লগত সংগতি ৰাখি পুৱা ৯ বজাত এখনি কৰ্মশালাৰ আয়োজন কৰা হয় । এই পুতলা নাচ দিৱসৰ কাৰ্যক্ৰমনিকাত সুৰজিৎ একাডেমীৰ অধ্যক্ষা তথা এন চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টিৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে বিশ্ব পুতলা নাচ সম্পৰ্কে বাখ্যা আগবঢ়ায় (Surajit Academy celebrated World Puppetry Day)।

ভাষণ প্ৰসংগত তেওঁ কয় যে, পুতলা নাচে সকলোকে মনোৰঞ্জন দিয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব আছে । বিজ্ঞান আৰু গণিতৰ সৈতে সম্পৰ্ক আছে পুতলা নাচৰ । তেওঁ পুনৰ কয় যে, পুতলা নাচৰ মাধ্যমেৰে মানুহৰ দৈহিক -মানসিক সকলো ক্ষেত্ৰৰে বিকাশ ঘটোৱাত সম্ভৱ ।

বিশ্ব পুতলা নাচ দিৱসত সীমান্ত শৰ্মাৰ ৰচিত আৰু বিনীতা দেৱীৰ পৰিচালনাত "ৰাৱণ বধ" আৰু "মহাত্মা গান্ধী" পুতলা নাট দুখন মঞ্চস্থ কৰা হয় । পুতলা নাটক দুখনত পুতলা সমূহ সঞ্চালন কৰে ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, নিহৰিকা দাস, বিনীতা দেৱী,পলক কৈৰী, সুনিতা দেৱী, সীমান্ত শৰ্মা, কুন্তী দেৱী আৰু গনেশ বড়োৱে । এই নাটক দুখনৰ সংগীত পাপু গোঁহাইৰ । বিশ্ব পুতলা নাচ দিৱস অনুষ্ঠানটোৰ আঁতধৰে ধ্ৰুৱ জ্যোতি কলিতাই । এই অনুষ্ঠানটোত সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যাল়ৰ পৰা অহা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Kerala Summer Bumper Lottery : অসমৰ এলবাৰ্ট টিগাৰ কেৰালাত ১০ কোটিৰ লটাৰী জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.