ETV Bharat / state

ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন - প্ৰাগজ্যোতিষ মহাবিদ্যালয়

5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যজুৰি গছপুলি ৰোপন ৷ অসম বিধানসভাৰ নৱ নিৰ্মিত ভৱনৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী ৷ গুৱাহাটীৰ বাসগৃহত গছপুলি ৰোপণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

World Environment Day celebrated state over
ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন
author img

By

Published : Jun 5, 2021, 10:19 PM IST

গুৱাহাটী, ৫ জুন : ক'ভিডৰ ভয়াৱহতাৰ মাজতে সমগ্ৰ বিশ্বৰ লগতে 5 জুন তাৰিখে অসমতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । ৰাজ্যজুৰি গছপুলি ৰোপনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে দিৱসটো পালন কৰা হয় । উল্লেখ যে, ১৯৭২ চনত ছুইডেনৰ ষ্টকহোমত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস উদযাপন হৈছিল । এই দিৱসত ১৯১খন দেশে অংশ লৈছিল । ইয়াৰ পিছত ১৯৭৩ চনৰ পৰা ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি অহা হৈছে । ভাৰতত ১৯৮৬ চনৰ ১৯ নৱেম্বৰত পৰিৱেশ সংৰক্ষণৰ অধিনিয়ম প্ৰতিষ্ঠা হৈছিল ।

World Environment Day celebrated state over
ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন

উল্লেখ যে, বৰ্তমান সময়ত সমগ্ৰ বিশ্বই সেউজ পৰিৱেশৰ গুৰুত্ব উপলব্ধি কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে । 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম বিধানসভাৰ নৱ নিৰ্মিত ভৱনৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কাৰ্যসূচীত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিধায়ক তথা বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰী, বিধানসভাৰ সচিব সঞ্জীৱ কুমাৰ শৰ্মাৰ উপৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে ।

ইফালে 'বিশ্ব পৰিৱেশ দিৱস' উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ বাসগৃহত গছপুলি ৰোপণ কৰে আৰু এখন সেউজ অসম গঢ়াৰ যাত্ৰাত নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ সকলো নাগৰিককে আহ্বান জনায় । আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ চৌহদত প্ৰাক্তন ছাত্ৰ সকলৰ দ্বাৰা শনিবাৰৰ পৰা ঔষধি গছৰ লগতে ফলমূলৰ গছ ৰোপণৰ সপ্তাহজোৰা কাৰ্যসূচী লোৱা হৈছে ৷

লগতে পঢ়ক: সৰ্থেবাৰীত আটক ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.