ETV Bharat / state

World disabled day: ৰাজ্যজুৰি বিশ্ব প্ৰতিবন্ধী দিৱস পালন

author img

By

Published : Dec 3, 2022, 7:12 PM IST

আজি বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস (World disabled day)৷ অসমতো বিভিন্ন অঞ্চলত আজি পালন কৰা হয় এই দিৱস ৷

World disabled day Observed across Assam
World disabled day: ৰাজ্যজুৰি বিশ্ব প্ৰতিবন্ধী দিৱস পালন

গুৱাহাটী/বাক্সা/ছিপাঝাৰ/মাজুলী/কলিয়াবৰ/জোনাই, ৩ ডিচেম্বৰ: আজি বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস (World disabled day)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে মহানগৰীৰ কৰুণাধাৰা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু সৰস্বতী বাগধ্বনি প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত বীৰকুছিস্থিত সৰস্বতী বাগধ্বনি প্ৰশিক্ষণ কেন্দ্ৰটো বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয় (World disabled day Observed across Assam) ৷

ৰাজ্যজুৰি বিশ্ব প্ৰতিবন্ধী দিৱস পালন

সৰস্বতী বাগধ্বনি প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই বিশেষ দিৱসটি ৷ এই অনুষ্ঠানত প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সংগীত, বিহু নাচ আদিকে ধৰি বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ৷ অনুস্থানত উপস্থিত থকা কৰুণাধাৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া সকলে বিশ্ব প্ৰতিবন্ধী দিৱসৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে ।

উল্লেখ্য যে এই বছৰৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ মূল লক্ষ্য হৈছে, সামগ্ৰিক বিকাশৰ বাবে পৰিৱৰ্তনশীল সমাধান: এক সুলভ আৰু ন্যায়সংগত পৃথিৱীত ইন্ধন যোগোৱাত উদ্ভাৱনৰ ভূমিকা ৷

ইয়াৰ লগতে শনিবাৰে বাক্সাৰ জাখলিৰপাৰত আন্তৰ্জাতিক বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় ৷ দিব্যাংগ দিৱস উপলক্ষে বি টি আৰৰ ই এম গৌতম দাসে দিব্যাংগ সকলৰ মাজত দিব্যাংগৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে ৷ প্ৰায় তিনিশ দিব্যাংগ লোকৰ মাজত দিব্যাংগৰ প্ৰমাণ পত্ৰ বিতৰণ কৰি বি টি আৰৰ EM গৌতম দাসে কয়- বিজেপি, ইউ পি পি এল, গণ সুৰক্ষা পৰিষদ আৰু অগপ মিত্ৰজোঁটে বিটিআৰৰ দায়িত্ব লোৱাৰ সময়ত সমগ্ৰ বিটিআৰত প্ৰায় 25 হাজাৰ দিব্যাংগ লোক প্ৰমাণ পত্ৰৰ লাভৰ পৰা বঞ্চিত হৈ আছিল ৷ বি টি আৰৰ চীফ প্ৰমোদ বড়োৰ নেতৃত্বত বি টি আৰ গঠন হোৱাৰ পাছত ইতিমধ্যে 9 হাজাৰ দিব্যাংগ ব্যক্তিক প্ৰমাণ পত্ৰ দিয়া হৈছে ৷ বাকী থকা দিব্যাংগ ব্যক্তিসকলকো পৰ্যায়ক্ৰমে দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি কয় ৷

কিছু দিব্যাংগ ব্যক্তিক ডাকঘৰ যোগেও প্ৰমাণ পত্ৰ দিয়াৰ কথা উল্লেখ কৰি ই এম গৌতম দাসে আৰু কয় যে দীনদয়াল উপাধ্যায় পেঞ্চন যোজনাৰ অধীনত আৰ্থিক ভাৱে পিছপৰা দিব্যাংগ লোকক এককালীনভাৱে আৰ্থিক সাহায্য দিয়াৰ লগতে ই ৰিক্সা আদি যোগান ধৰা হ’ব ৷ তাৰোপৰি শিক্ষা দীক্ষা, ৰেলৰ ভাড়া, চাকৰিবাকৰি আদিৰ ক্ষেত্ৰতো দিব্যাংগ লোকসকলৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰি ই এম গৌতম দাসে ৷

ইয়াৰ সমান্তৰালকে ছিপাঝাৰৰ বেচৰকাৰী সংস্থা "আশাজ্যোতি"য়ে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বিশ্ব প্ৰতিবন্ধী দিৱস৷ ২০১১ চনৰে পৰা পৰা ছিপাঝাৰ অঞ্চলত প্ৰতিবন্ধী শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত কাম কৰি আহিছে আশাজ্যোতিয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে একাংশ অভিভাৱক ৷

আনহাতে বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি মাজুলীৰ দক্ষিণপাট কুমাৰ গাঁৱৰ সামুহিক ভৱনত মাজুলী জিলা সমাজ কল্যাণ বিভাগ, মাজুলী জিলা আইন সেৱা প্ৰাধিকাৰী মাজুলী আৰু মাজুলী জিলা প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ উদ্যোগত দিব্যাংগ দিৱস পালন কৰা হয় । বৃক্ষ ৰোপণেৰে আৰম্ভ হোৱা অনুস্থানতটোত বিশেষভাৱে সক্ষম লোক সকলৰ সুবিধা অসুবিধাৰ ওপৰত আলোচনা হয় । উক্ত অনুস্থানতটোত স্থানীয় ৰাইজে সহায় সহযোগ কৰে ৷

বিগত বৰ্ষসমূহৰ দৰে এইবাৰ কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত বিশ্ব দিব্যাংগ দিৱস উলহ মালহৰে পালন কৰা হয় । বিশ্ব দিব্যাংগ দিৱস উপলক্ষে যোৱা ২৭ নৱেম্বৰৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় । দিব্যাংগ দিৱস লগত সংগতি ৰাখি কলিয়াবৰ শিক্ষা খণ্ডৰ বিষয়া-কৰ্মচাৰী সকলৰ দ্বাৰা শিক্ষাখণ্ডটোৰ প্ৰতিখন বিদ্যালয়তে সজাগতা সভা, গছপুলি ৰোপন, বিনামূলীয়া চিকিৎসা শিবিৰ, ঔষধ বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উল্লেখ্য যে, কলিয়াবৰ শিক্ষা খণ্ডৰ দ্বাৰা চলিত বৰ্ষত ২৭৪ জন দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত মুঠ ৬, ৭৪, ৫০০ টকা বেংক একাউণ্টৰ জৰিয়তে ইতিমধ্যে প্ৰদান কৰা হৈছে বুলি সভাত অৱগত কৰে কলিয়াবৰ শিক্ষা খণ্ডৰ গাণনিক গগন ভূঞাই । সভাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিলোৎজ্জল শৰ্মা, সমল ব্যক্তি চন্দ্ৰ খুলাল, খৰ্গেশ্বৰ বৰদলৈ, অতিৰিক্ত সমল ব্যক্তি যতীন ডেকা, সুনীত ভাগৱতী, অতিৰিক্ত সহায়ক সমল ব্যক্তি ৰেখা কাকতিৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলো উপস্থিত থাকে।

আনহাতে বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি জোনাইৰ বৈকুণ্ঠপুৰ চন্দ্ৰ কান্ত বড়ি প্ৰতিবন্ধী এম. ভি. স্কুল পৰিচালনা সমিতি আৰু মূৰ্কংচেলেক খণ্ড নিবনুৱা বেচৰকাৰী বিকলাংগ সমিতিৰ যৌথ উদ্যোগত আজি এই বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰে । পংকজ টায়েৰ সভাপতিত্বত দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই প্ৰতিবন্ধী দিৱসত উপস্থিত থাকে চন্দ্ৰকান্ত বড়ি প্ৰতিবন্ধী এম. ভি. স্কুলৰ অধ্যক্ষ জগদীশ বড়িৰ লগতে বহু ব্যক্তি তথা সমাজ কৰ্মী।

এই দিৱসৰ প্ৰতি সংগতি ৰাখি প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তিকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই দিৱসৰ উপলক্ষে চিলাপথাৰ মাৰোৱাৰী সন্থাই উপস্থিত থাকি পৱন জৈনৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰীক কম্বল বিতৰণ কৰে।

লগতে পঢ়ক: Indian Army Distribute plastic feet : ৰঙিয়াত সেনা বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.