ETV Bharat / state

দাবী চৰকাৰে মানি নল'লে ৰাজপথ কঁপোৱাৰ হংকাৰ প্ৰতিবন্ধীসকলৰ

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 6:33 PM IST

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম আৰু বৰলুইতৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস পালন । এই উপলক্ষে উলিওৱা হয় এক শান্তি সমদল ।

World Disability Day celebrated in Assam
অসমত বিশ্ব প্ৰতিবন্ধী দিৱস পালন

গুৱাহাটী, ৩ ডিচেম্বৰ: আজি বিশ্ব প্ৰতিবন্ধী দিৱস । প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমৰ উদ্যোগত আৰু বৰলুইত ন্যাসৰ সহযোগত দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰী পাৰত লক্ষ্মীৰাম বৰুৱা সদন প্ৰেক্ষাগৃহত উদযাপ কৰা হয় এই দিৱস । এই অনুষ্ঠানৰ আৰম্ভণিতে এক শান্তি সমদল উলিওৱা হয় । সংগঠনটোৰ শতাধিক সদস্যই দীঘলীপুখুৰী পাৰত প্ৰতিবন্ধী দিৱস উপলক্ষে উলিওৱা সমদলত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই অনুষ্ঠিত সভাত ২০২২ আৰু ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ বিশেষভাৱে সক্ষম ৫০ গৰাকী শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা ।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱা, ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, জ্যেষ্ঠ চিকিৎসক ডাঃ জোনামণি বৰগোঁহাইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি । অনুষ্ঠানটোৰ উদ্যোক্তা তথা প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে কয় যে বিগত ৮ বছৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধী লোকৰ ন্যায্য় প্ৰাপ্য, অধিকাৰ আৰু সুৰক্ষাৰ বাবে এক গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে । বিভিন্ন সময়ত নিজৰ প্ৰাপ্য বিচাৰি যাওতে আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়াও হৈছে । তথাপি প্ৰতিবন্ধীসকলৰ একতা আৰু দৃঢ়তাই আমাৰ উমৈহতীয়া লক্ষ্যস্থানত উপনীত কৰাত সদায় সহায় কৰি আহিছে ।

তেওঁ পুনৰ কয় যে আগন্তুক দিনত ৰাজ্যৰ হাজাৰ হাজাৰ প্ৰতিবন্ধী শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক, সামাজিক দিশত উত্তৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে । কিন্তু যদিহে চৰকাৰে প্ৰতিবন্ধীসকলৰ পেঞ্চন, চাকৰি আদি প্ৰাপ্য দাবীসমূহৰ প্ৰতি সদিচ্ছা প্ৰকাশ নকৰে তেন্তে আগন্তুক দিনত ৰাজপথ কঁপাব ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধীয়ে ।

এই অনুষ্ঠানটোৰ উদ্যোক্তা তথা বৰলুইত ন্যাসৰ ন্যাসৰক্ষী দিপাংকৰ কলিতা আৰু পংকজ মেধিয়ে কয় যে প্ৰতিবন্ধীসকলৰ বাবে পালিত এই বিশেষ দিনটোত তেওঁলোকৰ বাবে এটি অনুষ্ঠান আয়োজন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা । বিভিন্ন সময়ত বহু সা-সুবিধাৰ পৰা বঞ্চিত, অৱহেলিত প্ৰতিবন্ধীসকলক সৰ্বদিশতে উৎকৰ্ষ সাধনৰ বাবে বৰলুইতে আগন্তুক দিনত কাম কৰি যাব । তাৰে অংশস্বৰূপে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হোৱা বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক অকণমান উৎসাহ যোগোৱাৰ অৰ্থে এই অনুষ্ঠান আয়োজন কৰা হৈছে ।

লগতে পঢ়ক:তিনি ৰাজ্যত চৰকাৰ গঠনৰ দিশে বিজেপি; গুৱাহাটীত হৰ্ষোল্লাস দলীয় কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.