ETV Bharat / state

বিধ্বস্ত শৈশৱ,সপোন বিভ্ৰান্তিত এজাক শিশু...

author img

By

Published : Jun 12, 2020, 7:30 PM IST

Updated : Jun 13, 2020, 2:21 PM IST

12 জুন অৰ্থাৎ বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস ৷ এই দিৱসৰ দিনটোতো মহানগৰীত কৰ্মত ব্যস্ত থকা পৰিলক্ষিত হৈছে এজাক শিশু ৷ পেটৰ তাড়নাত কৰ্মত নিয়োজিত এই শিশুসকলক ঢুকি নাপায় কোনো দিৱসে ৷ বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে শিশুসকলক কেন্দ্ৰ কৰি ইটিভি ভাৰতে প্ৰস্তুত কৰি উলিওৱা এক বিশেষ প্ৰতিবেদন ৷

Anti Child labour day special story guwahati kamrup metro assam etv bharat news
বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস

গুৱাহাটী, 12 জুন: জীৱন সংগ্ৰামত ব্যস্ত এজাক শিশু ৷ আজি আমি আপোনালোকৰ মাজত পৰিচয় কৰাই দিম এনে কিছু শিশু ৷ যিসকল ব্যস্ত কঠোৰ জীৱন সংগ্ৰামত ৷ যাক ঢুকি নাপায় শিশুৰ বাবে সংৰক্ষিত কোনো বিশেষ দিৱসে ৷ আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস ৷ এই দিনটোতো কৰ্মত ব্যস্ত থাকিল এজাক শিশু ৷ মন কৰক মহানগৰীৰ বৰাগাঁৱস্থিত ডাম্পিং গ্ৰাউণ্ডৰ সমীপৰ শিশুসকলক ৷ কোনোটোৰ কান্ধত যদি জাৱৰৰ বস্তা,কোনোটোৰ আকৌ কিতাপৰ বেগ । ডাম্পিং গ্ৰাউণ্ডলৈ গ’লে আপোনাৰ দৃষ্টিগোচৰ হ’ব কান্ধত বস্তা লৈ পেলনীয়া সামগ্ৰী বিচাৰি ফুৰা এজাক শিশু ।

বিধ্বস্ত শৈশৱ,সপোন বিভ্ৰান্তিত এজাক শিশু...

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ তথ্য অনুসৰি,5-17 বছৰলৈ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে 218 নিযুত শিশু শ্ৰমিক ৷ ইউনিচেফৰ তথ্য অনুসৰি 10.1 নিযুত শিশু শ্ৰমিক নিয়োজিত হৈ আছে ভাৰতবৰ্ষত ৷ সমান্তৰালকৈ শিশু শ্ৰমিক সংগঠনৰ তথ্য অনুসৰি ভাৰতত নিয়োজিত শ্ৰমিকসকলৰ ভিতৰত 13 শতাংশই শ্ৰমিক শিশু ৷ সম্প্ৰতি ভাৰতবৰ্ষত নিয়োজিত হৈ আছে প্ৰতি দহজন শ্ৰমিকৰ বিপৰীতে এজন শ্ৰমিক শিশু ৷ কিন্তু লক ডাউনে সলনি কৰিছে জীৱিকা নিৰ্বাহৰ পথ ৷

উল্লেখ্য যে,বৰাগাঁৱৰ দৃশ্য প্ৰত্যক্ষ কৰিলে আপুনি হয়তো ভাবিব পাৰে ভৱিষ্যত অন্ধকাৰৰ দিশে এইসকল শিশু ৷ কিন্তু সম্পূৰ্ণ ভুল আপোনাৰ এই ধাৰণা ৷ কিয়নো এইসকল শিশুৰ অধিক সংখ্যকে এতিয়া ব্ৰতী অধ্যয়নত ৷ অধিক সংখ্যকে যায় বিদ্যালয়লৈ ৷ লক ডাউনৰ বাবে বিদ্যালয় বন্ধ থকাত এইসকল শিশু নামি পৰিছে ডাম্পিং গ্ৰাউণ্ডত ৷ উদ্দেশ্য পিতৃ-মাতৃক সহায় কৰা ৷ পৰিয়াল পোহপালৰ ক্ষেত্ৰত অক্ষম পিতৃ-মাতৃক সহায় কৰাৰ লগতে দুপইচা অৰ্জন কৰিবলৈ এনেদৰে পেলনীয়া সামগ্ৰী বিচাৰি ভিৰ কৰিছে প্ৰতিজন শিশুৱে ৷

ভাৰতীয় আইনৰ আওতাত ইতিমধ্যে 14 বছৰৰ তলৰ প্ৰতিজন শিশুৰ বাবে নিশ্চিত কৰা হৈছে প্ৰাথমিক শিক্ষাৰ লগতে মধ্যাহ্ন ভোজন আঁচনি ৷ প্ৰাক স্বাধীনোত্তৰ কালৰ পৰাই ভাৰতত শিশুৰ অধিকাৰ ৰক্ষাৰ্থে বলৱৎ কৰা হৈছিল বিভিন্ন আইন ৷ যেনে- Employment of Children Act 1938, Factories Act 1948 আৰু Mines Act 1952 ৷ স্বাধীনতাৰ পিছৰ কালছোৱাত 14-18 বছৰৰ তলৰ শিশুসকলক উৎপাদনক্ষেত্ৰৰ কৰ্মত নিয়োজিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ শেহতীয়াকৈ Covid 19 ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইউনিচেফ আৰু আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই অভিলেখসংখ্যক শিশু শ্ৰমিক বৃদ্ধিৰ শংকা প্ৰকাশ কৰিছিল ৷ 2000 চনলৈ শিশু শ্ৰমিকৰ সংখ্যা 94 নিযুতলৈ হ্ৰাস পাইছিল যদিও বৰ্তমান লক ডাউনৰ বাবে এই সংখ্যা বৃদ্ধিৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

লগতে চাওকঃ বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ দাবীৰে চিটুৰ প্ৰতিবাদ

Last Updated : Jun 13, 2020, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.