ETV Bharat / state

Cricket World Cup 2023: গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বিশ্বকাপ ক্ৰিকেটৰ মেচ - world cup cricket match in Guwahati

৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এইবাৰৰ বিশ্বকাপৰ দুখনমান মেচ গুৱাহাটীত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই সন্দৰ্ভত বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াই ইটিভি ভাৰতৰ আগত গুৱাহাটীৰ সম্ভাৱনীয়তা প্ৰকাশ কৰে (ICC one day world cup 2023) ।

Assam Cricket Association
Cricket World Cup 2023
author img

By

Published : Mar 22, 2023, 5:13 PM IST

গুৱাহাটী, ২২ মাৰ্চ : আইচিচি এদিনীয়া বিশ্বকাপ 2023 ভাৰতত অনুষ্ঠিত হ'ব (ICC one day world cup 2023 in India) । অহা অক্টোবৰ মাহৰ ৫ তাৰিখৰ পৰা এই বিশ্ব ক্ৰিকেট । যুদ্ধ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে এইবাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট এককভাৱে আয়োজনৰ সুবিধা লাভ কৰিছে । ইতিমধ্যে আইচিচিয়ে (International Cricket Council) ঘোষণা কৰিছে বিশ্বকাপৰ সম্ভাৱ্য আৰম্ভণি আৰু চূড়ান্ত খেলৰ তাৰিখ । অৱশ্যে কোন কোন ষ্টেডিয়ামত কোন কোন দলে গ্ৰুপ পৰ্যায়ৰ মেচত অংশগ্ৰহণ কৰিব সেইটো ঘোষণা কৰা নাই যদিও দেশৰ ১২ খন চহৰ আছে এইবাৰ বিশ্বকাপৰ সম্ভাৱ্য স্থানত ।

তাৰ মাজতে অসমত এইবাৰ বিশ্বকাপ ক্ৰিকেটৰ দুখনমান মেচ অনুষ্ঠিত হোৱাৰ চৰ্চা চলি আছে (world cup cricket match in Assam) । আশাৰ বতৰা যে আইচিচি সম্ভাৱ্য স্থানৰ তালিকাত গুৱাহাটীৰ নামো আছে (world cup cricket match in Guwahati) । অসমৰ গুৱাহাটীত থকা অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট ষ্টেডিয়াম বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বিশ্বকাপ ক্ৰিকেটৰ দুখনমান খেল অনুষ্ঠিত হোৱাৰ চৰ্চা চলি আছে । ইয়াকে লৈ অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজ যথেষ্ট আশাৰে আইচিচি আৰু বিচিচিআই কৰ্তৃপক্ষৰ সিদ্ধান্তলৈ বাট চাই আছে ।

এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা সোধা প্ৰশ্নৰ উত্তৰত বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াই কয়, "এতিয়ালৈকে গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ খেল অনুষ্ঠিত হোৱাৰ কোনো সিদ্ধান্ত চূড়ান্ত হোৱা নাই (BCCI joint secretary Devajit Saikia) ।" অৱশ্যে তেওঁ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেট মেচ অনুষ্ঠিত হোৱাৰ আলোচনা চলি থকা বুলি জানিবলৈ দিয়ে । মন কৰিবলীয়া যে গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়াম ।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখনত এতিয়ালৈকে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে । শেহতীয়াকৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখনত ভাৰত-শ্ৰীলংকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈ গৈছে । উল্লেখযোগ্য যে, ক্ৰিকেট বিশ্বকাপ ২০২৩-ৰ প্ৰতিযোগিতাত ১০ টা দলৰ সৈতে মুঠ ৪৮ খন খেল অনুষ্ঠিত হ'ব । ইতিমধ্যে আইচিচিৰ বিবেচনাত থকা বিশ্বকাপ অনুষ্ঠিত হ'বলগা চহৰকেইখন হৈছে বেংগালুৰু, চেন্নাই, দিল্লী, ধৰমশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট আৰু মুম্বাই । আনহাতে, ফাইনেল মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :World Cup 2023 : ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপৰ সম্ভাৱনা, ১৯ নৱেম্বৰত ফাইনেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.