গুৱাহাটী, ৮ জুলাই : গাহৰি পালকসকলৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বাবে অত্যন্ত প্ৰত্যাহ্বানমূলক আফ্ৰিকান ছোৱাইন ফিভাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ গাহৰি পালকসকলকো শেহতীয়াকৈ যথেষ্ট ক্ষতি কৰিছে ৷ বাণিজ্যিক দিশৰ উপৰিও অসমত বহু লোকে গাহৰি পৰম্পৰাগতভাৱে পালন কৰি আহিছে । উৎপাদনৰ তুলনাত অসম তথা উত্তৰ-পূৱত এতিয়াও গাহৰিৰ চাহিদা অধিক । শিৱসাগৰ জিলাত শেহতীয়াকৈ স্থাপন কৰা গাহৰি সংসাধন উদ্যোগটোৰ বাবেও দৈনিক ৪০০ গাহৰিৰ প্ৰয়োজন হ'ব ।
![Workshop on African Swine Fever Management Planning in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-workshop-on-african-swine-fever-management-planning-7209925_08072022213734_0807f_1657296454_139.jpg)
এই মাৰাত্মক ৰোগ বিধৰ সংক্ৰমণে গাহৰিপালকসকলক কৰিব পৰা অৰ্থনৈতিক ক্ষতিৰ পৰা সুৰক্ষিত ৰাখিবলৈ প্ৰতিষেধকৰ বিকল্প নাই । এই সন্দৰ্ভত আজি গুৱাহাটীত 'African Swine Fever Management Planning' শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হয়(Workshop on African Swine Fever Management Planning) ।
![Workshop on African Swine Fever Management Planning in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-workshop-on-african-swine-fever-management-planning-7209925_08072022213734_0807f_1657296454_759.jpg)
কৰ্মশালাত অংশ গ্ৰহণ কৰি কৃষিমন্ত্রী অতুল বৰাই গাহৰি পালকসকলৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে এই মাৰাত্মক ৰোগবিধৰ প্ৰতিষেধক উদ্ভাৱনকে ধৰি সমগ্ৰ দেশতে সজাগতাৰ লগতে আন যাৱতীয় জৈৱ সুৰক্ষাজনিত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণেৰে কৃষকৰ মাজলৈ আগবাঢ়ি আহিবলৈ কৰ্মশালাখনিত উপস্থিত থকা বিশেষজ্ঞসকল, ভাৰত চৰকাৰৰ পশুপালন বিভাগৰ আয়ুক্ত তথা সংশ্লিষ্ট প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিষয়াসকলৰ প্ৰতি আহ্বান জনায় ।
![Workshop on African Swine Fever Management Planning in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-workshop-on-african-swine-fever-management-planning-7209925_08072022213734_0807f_1657296454_596.jpg)
তেওঁ কয় যে, গ্ৰামাঞ্চলৰ এতিয়াও বহু গাহৰিপালক অশিক্ষিত । সেয়েহে এই ৰোগৰ পৰা গাহৰিসমূহ বচাই ৰাখিবলৈ ল'বলগীয়া প্ৰয়োজনীয় ব্যৱস্থাৰ বিষয়ে তেওঁলোকক সজাগ কৰি তুলিব লাগিব ।
![Workshop on African Swine Fever Management Planning in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-workshop-on-african-swine-fever-management-planning-7209925_08072022213734_0807f_1657296454_477.jpg)
অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ(Animal Husbandry and Veterinary Department of Assam), ARIAS Society, আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ যুটীয়া উদ্যোগত আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা, দুগ্ধ বিভাগৰ সহযোগত আয়োজন কৰা হয় এই কৰ্মশালাখনি ৷
![Workshop on African Swine Fever Management Planning in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-workshop-on-african-swine-fever-management-planning-7209925_08072022213734_0807f_1657296454_568.jpg)
কৰ্মশালাৰ 'মুকলি সত্ৰ'ত উপস্থিত থাকে ভাৰত চৰকাৰৰ পশুপালন বিভাগৰ আয়ুক্ত ড° প্ৰবীণ মালিক, অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত-সচিব জয়ন্ত নাৰ্লিকাৰ, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ-সঞ্চালকপ্ৰধান (পশু বিজ্ঞান) ড° বি এন ত্ৰিপাঠী, আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ উপ-সঞ্চালকপ্ৰধান ড° ডিয়েটাৰ শ্বিলিংগাৰ, বিশ্ব বেংকৰ জ্যেষ্ঠ কৃষি অৰ্থনীতিবিদ বেকজ'ড শ্বামচিয়েভ প্ৰমুখ্যে আন বিশিষ্ট ব্যক্তিসকল, উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন ৰাজ্যৰ পৰা অহা অংশগ্ৰহণকাৰী আৰু বিভাগীয় বিষয়াসকল ।
লগতে পঢ়ক : 30 জুলাইত ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ’ব 'জোঙালবলহু'