ETV Bharat / state

মঙলবাৰৰ পৰা পুনৰ কাম আৰম্ভ হ'ল জনতা ভৱনৰ - মঙলবাৰৰ পৰা পুনৰ কাম আৰম্ভ হ'ল জনতা ভৱনৰ

ৰাজ্যিক পৰিবহন নিগমৰ বিশেষ বাছেৰে বিভিন্ন চৰকাৰী কাৰ্যালয় সমূহৰ লগতে জনতা ভৱনত উপস্থিত হয় জনতা ভৱনৰ কৰ্মচাৰী সকল ৷

Work resume at Janata Bhawan from tuesday
মঙলবাৰৰ পৰা পুনৰ কাম আৰম্ভ হ'ল জনতা ভৱনৰ
author img

By

Published : Apr 21, 2020, 10:40 AM IST

Updated : Apr 21, 2020, 12:00 PM IST

গুৱাহাটী, 21 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰ চৰকাৰে যোৱা 24 মাৰ্চৰ পৰা ঘোষণা কৰা লক ডাউন অব্যাহত থকাৰ মাজতে মঙলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে চৰকাৰী কাম কাজ ৷ জনতা ভৱনতো মঙলবাৰৰ পৰা আৰম্ভ হৈছে কাম কাজ ৷ পুৱাৰ ভাগত ৰাজ্যিক পৰিবহন নিগমৰ বিশেষ বাছেৰে বিভিন্ন চৰকাৰী কাৰ্যালয় সমূহৰ লগতে জনতা ভৱনত উপস্থিত হয় জনতা ভৱনৰ কৰ্মচাৰীসকল ৷ ইয়াৰ পাছতে জনতা ভৱনত উপস্থিত হৈ প্ৰতিজন কৰ্মচাৰীয়ে হেণ্ড ৱাছেৰে হাত ধুই আৰু চেনিটাইজ কৰি জনতা ভৱনত প্ৰৱেশ কৰে ৷

মঙলবাৰৰ পৰা পুনৰ কাম আৰম্ভ হ'ল জনতা ভৱনৰ

উল্লেখ্য যে, চৰকাৰী কৰ্মচাৰী সকলে কাৰ্যালয়ত মাস্ক পৰিধান কৰাৰ লগতে বাধ্যতামূলক ভাৱে সামাজিক দুৰত্ব বজাই ৰাখি কাম কৰিব লাগিব বুলি নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰায় এমাহ ধৰি কাম বন্ধ হৈ থকা জনতা ভৱনত উপস্থিত হৈ পুনৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ বাবে কৰ্মচাৰী সকলৰ মাজত পৰিলক্ষিত হয় বিশেষ উৎসাহ ৷ উল্লেখ্য যে ৰাজ্যত কভিড-19 কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত দেশৰ কেইবাখনো ৰাজ্যৰ তুলনাত অসমৰ স্থিতি সন্তোষজনক হোৱাৰ বাবে ৰাজ্য চৰকাৰে মঙলবাৰৰ পৰা চৰকাৰী কাম কাজ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ চৰকাৰী কাম কাজৰ লগতে অত্যাৱশ্যকীয় সেৱা সমূহৰ ক্ষেত্ৰতো ৰেহাই প্ৰদান কৰিছে চৰকাৰে ৷ সমগ্ৰ দেশৰ লগতে অসমতো 3 মাৰ্চ পৰ্যন্ত অব্যাহত থাকিব লক ডাউন ৷ উল্লেখনীয় যে লক ডাউনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা নাই,বিশেষ কিছুমান ক্ষেত্ৰতহে ৰেহাই প্ৰদান কৰিছে চৰকাৰে ৷

লগতে পঢ়কঃ মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

Last Updated : Apr 21, 2020, 12:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.