গুৱাহাটী, 8 ফেব্ৰুৱাৰী: মহিলাসকলক সকলো দিশতেই আগুৱাই নিয়া তথা স্বাৱলম্বীতাৰ পথ দেখুওৱাৰ লক্ষ্যৰে মহিলাৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’ গুৱাহাটীত মুকলি কৰা হৈছে। মহিলা উদ্যোগী তথা ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট’ টেলিভিছনৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাই দেওবাৰে মহিলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’ৰ লগ’ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰে।
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰিণিকি ভূঞা শৰ্মাই ভাষণ প্ৰসংগত কয় যে, মহিলাৰ বাবে নতুনকৈ আৰম্ভ কৰা ‘ৱ’মানিয়াছ’ নেটৱৰ্কিঙে মহিলাৰ লক্ষ্যপ্ৰাপ্তিৰ মেৰুদণ্ড হিচাপে চিহ্নিত হ’ব। মহিলাসকলক চাকৰিৰ লগতে ব্যৱসায়িক ক্ষেত্ৰতো ক্ষমতা প্ৰদান কৰিব। দিব্যা চিয়তীয়া, নুপুৰ আগৰৱালা আৰু নিতা শৰ্মাই মহিলাসকলক সমৰ্থন আৰু আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাৰ মঞ্চ ‘ৱ’মানিয়াছ’ প্ৰতিষ্ঠা কৰিছে আৰু গুৱাহাটীতে হ’ব ‘ৱ’মানিয়াছ’ৰ মুখ্য কাৰ্যালয়।
একেদৰে ৰেগনী আগৰৱালাক মঞ্চখনৰ ৰাষ্ট্ৰীয় পৰিচালন সঞ্চালক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। ৰেগনী আগৰৱালাই বিভিন্ন প্ৰান্তৰ মুৰববীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব আৰু প্ৰতিগৰাকী মহিলা উদ্যোগীক সৰ্বাধিক দীৰ্ঘম্যাদী ব্যৱসায়ৰ সুযোগ প্ৰাপ্তিৰ ক্ষেত্ৰত সহায় কৰিব। এই সন্দৰ্ভত ৱ’মানিয়াছৰ প্ৰতিষ্ঠাপক সদস্য দিব্যা চিয়তীয়াই কয় যে, প্ৰতিখন সমাজৰ মহিলাসকলক সফল উদ্যোগী কৰাৰ স্বাৰ্থতেই এই মঞ্চ গঠন কৰা হৈছে। মঞ্চখনৰ জৰিয়তে মহিলাসকলক প্ৰশিক্ষণ প্ৰদান কৰি লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰত আগুৱাই নিয়া হ’ব। ইয়াৰ লগতে 1আৰু 2 মাৰ্চত গুৱাহাটীত প্ৰথম সংস্কৰণৰ কাম আৰম্ভ কৰিব। কিয়নো 'ৱ’মানিয়াছৰ আৰম্ভণিৰ দিনটোতেই 100 গৰাকী সদস্যাই ইতিমধ্যে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে।
লগতে পঢ়ক: মোৰ মনৰ শক্তিৰ ফলতে কেন্সাৰক প্ৰতিহত কৰাত সক্ষম হ'লো : সঞ্জয় দত্ত