ETV Bharat / state

এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব মহিলা ভোটাৰে - woman candidate

সততে মহিলা সৱলীকৰণৰ কথা কোৱা ৰাজনৈকিত দলৰ প্ৰাৰ্থী তালিকাত দেখা পোৱা নগ'ল মহিলা প্ৰাৰ্থীৰ অগ্ৰাধিকাৰ ৷ পাঁচ লোকসভা সমষ্টিত হ'ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপালে এগৰাকীও মহিলা প্ৰাৰ্থীয়ে ৷

এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব মহিলা ভোটাৰে
author img

By

Published : Mar 26, 2019, 8:15 PM IST

Updated : Mar 26, 2019, 9:58 PM IST

গুৱাহাটী, 26 মাৰ্চঃএইবাৰ নিৰ্বাচনত নৱপ্ৰজন্মৰ ভোটাৰে গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা ৷ দেশৰ সাধাৰণ নিৰ্বাচনত নতুনকৈ ভোটাধিকাৰ লাভ কৰা এইসকল ভোটাৰে ভৱিষ্যতৰ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ তথ্য অনুসৰি কেৱল অসমত এইবাৰ প্ৰায়7 লাখ ভোটাৰেনতুনকৈ লাভ কৰিছে ভোটাধিকাৰ ৷ অসমৰ পৰা এইবাৰ ভোটাধিকাৰ সাৱস্ত্য কৰিব লগা 40 বছৰ বয়সৰ তলৰ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 1 কোটি 20 লাখ ৷

নৱপ্ৰজন্মৰ ভোটাৰৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব আৰোপ কৰিছে যদিও এইক্ষেত্ৰত মহিলা ভোটাৰৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ ৷ যদিও নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ বাবে 33 শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা আছে কিন্তু তাৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা যথেষ্ট বেছি ৷ কিন্তু তাপৰ্যপূৰ্ণ যে, প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ বাবে এইপৰ্যন্ত কোনো এটা প্ৰধান ৰাজনৈতিক দ'লে মহিলা প্ৰাৰ্থীক প্ৰদান নকৰিলে প্ৰাৰ্থীত্ব ৷ ইয়াৰ বিপৰীতে, এইপৰ্যন্ত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে শিলচৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সুস্মিতা দেৱ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নিশ্চিত হৈছে কুইন ওজাৰ নাম ৷

এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব মহিলা ভোটাৰে

কিন্তু এতিয়া প্ৰশ্ন হৈছে, মহিলা ভোটাৰৰ বাবে সংৰক্ষিত আসনে প্ৰকৃতাৰ্থত শক্তিশালী কৰিব পাৰিবনে সাধাৰণ মহিলাৰ আৰ্থসামাজিক অৱস্থা ৷ কি বিচাৰে ৰাজ্যৰ মহিলা ভোটাৰে ? এইবাৰ নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থীক জনপ্ৰতিনিধি হিচাপে অগ্ৰাধিকাৰ দিব মহিলা সকলে ৷ চাকৰিয়ালৰ পৰা আৰম্ভ কৰি সাধাৰণ গৃহিনী পৰ্যন্ত সকলোৰে মন পছন্দৰ প্ৰাৰ্থী গৰাকী কেনে হোৱাটো উচিত এইবিষয়ে খবৰ ল'লে আমাৰ সাংবাদিক নুপুৰ বৰুৱাই ৷

Intro:নিৰ্বাচনৰ বাবে মহিলাৰ প্ৰাৰ্থী আসন কম। কিন্তু তাৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা কম নহয়। মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আসনৰ বাবে নিৰ্ধাৰণ কৰা হল 33 শতাংশ। এই সংৰক্ষিত আসনে মহিলা সকলৰ স্বাধীনতা আৰু দৃঢ়তা সুদৃঢ় কৰাৰ ক্ষেত্ৰত বহু গুণে সফল হৈছে।
মহিলা ভোটাৰৰ সংখ্যা কেৱল বেছিয়ে নহয় বৰ্তমান যুগৰ মহিলাই নিজৰ বিচাৰ বুদ্ধি অথবা কৰ্মদক্ষতাৰ ভিত্তিত ব্যক্তিগত সকলো কাম কাজ কৰিব পাৰে।

Body:আজিৰ মহিলাই কি কৰিব নোৱাৰে। ঘৰুৱা কামৰ পৰা চাকৰি জীবনলৈ সকলো কাম নিজেই কৰিব পৰা হল।কৰ্ম ক্ষেত্ৰত পুৰুষ এজনৰ সমানে অথবা নিজৰ স্বামীৰ কষ্ট লাঘৱ কৰিবৰ বাবে কৰি গৈছে জীৱন সংগ্ৰাম।লগতে স্বামীৰ সহায়ৰ বিনেও কৰিব পাৰে কাম আৰু লব প্ৰায়ে সিদ্ধান্ত। সেই সিদ্ধান্ত ঘৰুৱা ক্ষেত্ৰতে হওক বা চাকৰি জীৱনৰ ক্ষেত্ৰতে হওক অথবা ৰাজনৈতিক ক্ষেত্ৰতে হওক।
কৰ্মৰত মহিলাৰ পৰা গৃহিনী লৈ মহিলা সকলৰ মতামতৰ বাবে আমাৰ সাংবাদিকে ললে এক আছুতীয়া মতামত মহিলা সকলৰ পৰা।
প্ৰতি গৰাকী মহিলাৰ ধাৰণা স্বাধীন।
চৰকাৰৰ পৰা কি বিচাৰে বা প্ৰাৰ্থী নে পাৰ্টিত বিশ্বাস কৰে এইধৰণৰ প্ৰশ্নৰ উত্তৰ নিৰ্ভীক আৰু খোকোজা নলগা কৈ কলে মনৰ কথা।
নিৰ্বাচনৰ ভোট তোৰ বাবে স্বামীৰ বিচাৰ বুদ্ধিৰে নহয় নিজৰ বিচাৰ বুদ্ধিৰে ভোট দিয়াৰ কথা ব্যক্ত কৰিলে মহিলা সকলে ।

Conclusion:
Last Updated : Mar 26, 2019, 9:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.