গুৱাহাটী,১০ ফেব্ৰুৱাৰী: যি সময়ত ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে চাকৰি বিচাৰি হাহাকাৰ কৰিব লগা হৈছে, নতুবা কৰ্মসংস্থাপনৰ অভাৱত হীনমন্যতাত ভুগিব লগা হৈছে, তেনে সময়ত এগৰাকী কৰ্মউদ্যমী মহিলাই দেখুৱাইছে কৰ্ম সংস্কৃতিৰ প্ৰকৃত নিদৰ্শন । নুনমাটি,গোপাল নগৰস্থিত নিজ গৃহতেই " দীপালীজ " নামৰ এটা আচাৰ কোম্পানীৰ ব্যৱসায় আৰম্ভ কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাই নহয় দীপালী শইকীয়াই আনকো দেখুৱাইছে কৰ্ম সংস্কৃতিৰ সূচল বাট(Women are self reliant in pickle business) ।
চৰকাৰৰ আঁচনিৰ প্ৰশিক্ষণ লৈ নিজা মূলধনৰে এবছৰ পূৰ্বে থলুৱা আচাৰৰ ব্যৱসায় আৰম্ভ কৰা দীপালী শইকীয়াই বজাৰত আচাৰ বিক্ৰী কৰিয়েই ৪ গৰাকী কৰ্মচাৰীক দৰমহা দি মাহিলি উপাৰ্জন কৰিছে ৬০ ৰ পৰা ৭০ হাজাৰ টকা । স্নাতকোত্তৰ ডিগ্ৰীধাৰী শইকীয়াই মাজুলীৰ খাটি খৰিয়হ তেলেৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ আচাৰ এতিয়া অকল অসমতে নহয়, সমদৃত হৈছে দেশ বিদেশতো(Self-reliant in pickle business) ।
বিশেষকৈ গুৱাহাটীৰ মাছখোৱাত চলি থকা 'ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল ফেষ্টিভেল'ত(Brahmaputra Carnival Festival) তেওঁলোকৰ বিপনীৰ পৰা ইজৰাইল আৰু জাপানৰ পৰ্যটকে কাৰ্বি আংলং জিলাৰ ভোট জলকীয়াৰে প্ৰস্তুত কৰা ভোট জলকীয়াৰ আচাৰ ক্ৰয় কৰি সন্তুষ্টি প্ৰকাশ কৰা বুলি জানিবলৈ দিছে । এজন ক্ষুদ্ৰ উদ্যোগী হিচাপে নিজকে সফল বুলি দাবী কৰা দীপালী শইকীয়াই বৰ্ণিহাত, বকোৰ পৰা বাঁহগছ ক্ৰয় কৰি প্ৰস্তুত কৰা বাঁহ গাজৰ আচাৰ, ছিপাঝাৰৰ জলফাইৰে জলফাইৰ আচাৰ, কাৰ্বি আংলং জিলাৰ ভোট জলকীয়াৰ আচাৰ, গুৱাহাটীৰ দুমুনিচকীৰ কৰ্দৈৰ আচাৰৰ বজাৰত যথেষ্ঠ সমাদৰ থকা বুলি শইকীয়াই ব্যক্ত কৰে ।
উল্লেখ্য যে, ক'ভিদ মহামাৰীৰ সময়ত ব্যক্তিগত বিদ্যালয়ত কৰা শিক্ষকতাৰ চাকৰি বাদ দি আচাৰ ব্যৱসায়েৰে স্বাবলম্বী হোৱাৰ চিন্তা মনলৈ অহা কৰ্মউদ্যমী দীপালী শইকীয়াই এই আচাৰ ব্যৱসায়ত হাত দিয়াৰ পূৰ্বে ইণ্ডিয়ান ইন্সষ্টিটিউট অব এণ্টিপ্ৰিনাৰশ্বিপ(Indian Institute of Antiprudence) চমুকৈ আই আই ই,ইণ্ডিয়ান ইন্সষ্টিটিউট অব ফুড টেকনলজি (Indian Institute of Food Technology), প্ৰধান মন্ত্ৰীৰ ক্ষুদ্ৰ ফুড এণ্ড প্ৰ'চেছিং এণ্টাৰ প্ৰাইচেছ আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সন্থাৰ অধীনত ক্ষুদ্ৰ উদ্য়োগৰ ওপৰত প্ৰশিক্ষণ লাভ কৰিছিল ।
তেওঁ জানিবলৈ দিয়া মতে, ধৈৰ্য, একগ্ৰতা তথা কৰ্ম সংস্কৃতিক সফলতাৰ মূল মন্ত্ৰ হিচাপে লৈ শিক্ষকতাৰ চাকৰি কালত জমা কৰা ধনৰ প্ৰায় ৩ লাখ টকাৰে আৰম্ভ কৰিছিল আচাৰ কোম্পানীটো । ভাল লগা কথা এই যে অতি কম সময়ৰ ভিতৰত বাণিজ্যিকভাৱে সফল হোৱা তেওঁৰ কোম্পানীৰ আচাৰ বনফুল ফুডছ প্ৰাইভেট লিমিটেডে ক্ৰয় কৰে । তাৰোপৰি মিনবাৰী ফাৰ্মছ নামৰ এটা প্ৰতিষ্ঠানটো যোগান ধৰে তেওঁৰ কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ আচাৰ । মহিলা সৱলীকৰণৰে অঞ্চলটোৰ কেইবাগৰাকী মহিলাক স্ব-নিয়োজনৰ বাট মুকলি কৰি দিয়া দীপালী শইকীয়াৰ এই সফলতা বহুতৰে বাবে হৈ পৰিব আদৰ্শ আৰু অণুপ্ৰেৰণাৰ উৎস ।
লগতে পঢ়ক: Sankaradeva Sangha Conference: শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ