ETV Bharat / state

Tea wine in Assam : প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা ৱাইন লৈ সাজু উদ্যোগী আল্পনা শইকীয়া - Wine made from Assam tea

প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা ৱাইন বজাৰত মুকলি কৰিবলৈ সাজু হৈছে এগৰাকী অসমীয়া উদ্যোগী ৷ নাম আল্পনা শইকীয়া ৷ চাহক এক নতুন ৰূপ প্ৰদান কৰি প্ৰস্তুত কৰা ৱাইন সন্দৰ্ভত উদ্যোগী আল্পনা শইকীয়াৰ এক সাক্ষাৎকাৰ ৷

Tea wine in Assam
চাহপাতৰ পৰা উৎপাদন কৰা ৱাইন প্ৰৱৰ্তন কৰিবলৈ সাজু আল্পনা শইকীয়া
author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 12:36 PM IST

চাহপাতৰ পৰা উৎপাদন কৰা ৱাইন প্ৰৱৰ্তন কৰিবলৈ সাজু আল্পনা শইকীয়া

গুৱাহাটী, ১০ ছেপ্টেম্বৰ : নৱবৰ্ষত বজাৰলৈ আহিব চাহৰ পৰা উৎপাদিত ৱাইন । চাহক এক নতুন ৰূপ প্ৰদান কৰি গুৱাহাটীৰ উদ্যোগী আল্পনা শইকীয়াই অসমৰ চাহপাতৰ পৰা উৎপাদন কৰা ৱাইন প্ৰস্তুত কৰিবলৈ সাজু হৈছে । অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পৰা নতুন কিবা এটা সৃষ্টি কৰাৰ কৌতুহলেৰে আল্পনা শইকীয়াই তেওঁৰ মূলধন আৰু ব্যক্তিগত গৱেষণাৰ দ্বাৰা নৰা বগৰী, কল, আঙুৰ, তৰমুজ, আনাৰস আদি ফলৰ পৰা ৱাইন তৈয়াৰ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে চাহৰ পৰা ৱাইন সৃষ্টি কৰিছে ।

২০১৭ চনত গৱেষকসকলে সকলো প্ৰকাৰৰ লাভালাভ আৰু সতেজতা বজাই ৰাখি চাহৰ পৰা উন্নত মানৰ ৱাইন তৈয়াৰ কৰিব পাৰি বুলি প্ৰমাণ কৰিছিল যদিও আজি পৰ্যন্ত কোনেও চাহৰ পৰা প্ৰস্তুতকৃত ৱাইনৰ বাণিজ্যিকীকৰণ কৰিবলৈ চেষ্টা কৰা নাই ।

২০১৯ চনত অসম চৰকাৰে হেৰিটেজ ৱাইনৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন কৰিছিল । কিন্তু চাহ ৱাইন এই শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা নাছিল ৷ বৰ্তমান আল্পনাই হৈছে পোন প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুতকৃত ৱাইনৰ বাবে অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰা প্ৰথমগৰাকী মহিলা ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত আল্পনা শইকীয়াই কয়, “কেইটামান আনুষ্ঠানিকতাৰ বাহিৰে আমাৰ প্ৰায় সকলো আইনী প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে ৷ চাহৰ পৰা প্ৰস্তুতকৃত ৱাইনৰ সোৱাদ লোৱা আমাৰ নিকটৱৰ্তীসকলৰ পৰা আমি ভাল প্ৰতিক্ৰিয়া লাভ কৰিছো । আমাৰ এই সামগ্ৰীবিধে বজাৰত এক বিশিষ্ট স্থান লাভ কৰিব ৷ অন্যান্য অসম ভিত্তিক সামগ্ৰীৰ দৰে চাহৰ পৰা প্ৰস্তুতকৃত ৱাইনকো বিশ্বব্যাপী স্বীকৃতি দিয়া হ’ব বুলি আমি আশাবাদী’’ ।

একাধিক প্ৰক্ৰিয়া, বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু ইতিবাচক প্ৰতিক্ৰিয়াৰ পিচত অসমত চাহৰ পৰা ৱাইন উৎপাদন কৰা প্ৰথমগৰাকী মহিলা হৈ পৰিব আল্পনা শইকীয়া । চাহৰ পৰা প্ৰস্তুতকৃত ৱাইনই এতিয়া বাণিজ্যিক অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু এই বিশেষ সামগ্ৰীবিধ অতি সোনকালে বজাৰত উপলব্ধ হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : History of Shaikh Brothers : শতিকা গৰকা শ্বেখ ব্ৰাদাৰ্ছৰ এক অকথিত ইতিহাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.