গুৱাহাটী, ২৫ আগষ্ট : অসমৰ ক্ৰীড়া ইতিহাসত স্বৰ্ণিল অধ্যায় ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাইক লৈ অসমবাসীৰ বুকু গৰ্বত ওফন্দি আছে আৰু অদূৰ ভৱিষ্যতেও থাকিব । কিন্তু, আন বহু ক্ৰীড়াবিদৰ দৰে এইগৰাকী সুদক্ষ খেলুৱৈও যাতে বিজ্ঞাপনৰ ঢৌত উটি নাযায় বা নিজৰ লক্ষ্যৰ কক্ষপথৰ পৰা বিচ্যুত নহয় তাকে মনে-প্ৰাণে বাঞ্চা কৰে প্ৰতিজন অসমীয়াই ।
শেহতীয়াকৈ শ্যাম ষ্টীল নামৰ এটা ৰড কোম্পানীয়ে ব্ৰেণ্ড এম্বেচাদৰৰূপে চুক্তিবদ্ধ কৰিছে দুই অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাই আৰু মনপ্ৰীত সিং সান্ধুক । এই দুই পদকজয়ীক লৈ ৰড কোম্পানীটোৱে যে কোটি কোটি টকাৰ ব্যৱসায় কৰিব সেয়া নিশ্চিত । কিন্তু, তাকে কৰিবলৈ যাওতে যাতে লাভলীনা বৰগোঁহায়ে নিজৰ অনুশীলন বা লক্ষ্য প্ৰাপ্তিৰ পথ জটিল কৰি নোতোলে, সেয়া এতিয়া সকলোৱে কামনা কৰিছে ।
ইয়াৰ পূৰ্বেও আন এগৰাকী সুদক্ষ অসমকন্যা হিমা দাসৰ ক্ষেত্ৰত দেখা গৈছিল একেই অৱস্থা । দেশে বিদেশে নিজৰ সুখ্যাতি বিয়পি পৰাৰ পিছত ষ্টাৰ চিমেন্ট, ষ্টেট বেংক অৱ ইণ্ডিয়া আদি বৃহৎ গোষ্ঠীৰ হৈ বিজ্ঞাপনত নামিছিল হিমা দাস । চুক্তিবদ্ধ হৈছিল সেইসমূহ গোষ্ঠীৰ সৈতে । কিন্তু, পৰৱৰ্তী পৰ্যায়ত এনেবিলাক কাৰ্যই হিমাৰ অনুশীলন বা লক্ষ্য প্ৰাপ্তিত একপ্ৰকাৰ বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়া পৰিলক্ষিত হ'ল । গতিকে লাভলীনায়ো যাতে একেই পথেৰে বাট নোবোলে তাকেই কামনা কৰিছে তেওঁৰ শুভাকাংক্ষীয়ে ।
লগতে পঢ়ক : অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোঁহাইলৈ বিলাসী বাহন