ETV Bharat / state

Indrani Tahbildar case: সাৰি যাব নেকি ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰী গোচৰৰ মূল অভিযুক্ত ? - ইন্দ্ৰাণী তহবিলদাৰ

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ গোচৰৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীৰ চৰম দুৰ্বল‌ ভূমিকা পুনৰ এবাৰ উন্মোচন হ'ল ৷ নিৰ্ধাৰিত 60 দিনত আদালতত অভিযোগনামা দাখিল কৰাত ব্যৰ্থ আৰক্ষী ৷

Indrani Tahbildar case
অভিযোগনামা দাখিল কৰাত ব্যৰ্থ আৰক্ষী
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:53 PM IST

গুৱাহাটী, 3 নৱেম্বৰ : ৰাজ্য কঁপোৱা বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰী গোচৰৰ তদন্ত ক্ৰমাৎ লেহেমীয়া হৈছে ৷ আজিলৈকে আৰক্ষীৰ জালত নপৰিল গোচৰৰ মূল অভিযুক্ত অভিমন্যু দাস আৰু কুলদীপ দাস ৷ ৰাজনৈতিক প্ৰভাৱৰ বাবে অভিমন্যু দাস আৰু কুলদীপ দাস আৰক্ষীৰ জালত নপৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিমন্যু দাসক বিজেপি নেতাৰ গাড়ীৰে পলুৱাই পঠোৱাৰ অভিযোগ কিছুদিন পূৰ্বে বিধায়ক অখিল গগৈয়ে উত্থাপন কৰিছিল ৷ ইফালে নিৰ্ধাৰিত 60 দিনত আদালতত অভিযোগনামা দাখিল কৰাত ব্যৰ্থ হৈছে আৰক্ষী ৷

তদন্তকাৰী বিষয়াই সবল তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে দ্বীবন ডেকাই পালে জামিন ৷ আনহাতে তৃষ্ণা শৰ্মা, অসীম জ্যোতি চক্ৰৱৰ্তীয়েও পালে সকাহ ৷ আৰক্ষীৰ এনে সোপাঢিলা স্থিতিক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ গোচৰৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীৰ চৰম দুৰ্বল‌ ভূমিকা পুনৰ এবাৰ উন্মোচন হ'ল ৷ ৰাজ্য কঁপোৱা বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ গোচৰত নিৰ্ধাৰিত 60 দিনতো তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰিব নোৱাৰিলে অভিযোগনামা ৷ আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ‌ বাবে জামিন লাভ কৰিলে তিনিজনকৈ অভিযুক্তই ৷ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পিচতে উন্মোচন হৈছিল চৰকাৰী চাকৰিৰ নামত চলি অহা ক’লা বজাৰৰ ছবি ৷

ইয়াৰ পিচতে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাক লৈ চানমাৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৩০৬/৩৮৪ আৰু তথ্য-প্ৰযুক্তি আইনৰ ৬৭ এ ধাৰাত ৩১৮/২০২৩ নম্বৰত এটা গোচৰ ৰুজু হৈছিল ৷ সমান্তৰালকৈ চাকৰি কেলেংকাৰীক লৈ ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) / ৪০৬/৪২০ ধাৰাৰ অধীনত ৩২৫/২০২৩ নম্বৰত আন এটা গোচৰ হৈছিল ৷ এই গোচৰতে আৰক্ষীয়ে বিজেপিৰ পৰা বহিষ্কৃত দ্বীবন ডেকা, তৃষ্ণা শর্মা, অসীমজ্যোতি চক্ৰৱৰ্তী, ৰেখান্ত দাস, অনুৰাগ চলিহাকে ধৰি কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷

কিন্তু আৰক্ষীৰ দুৰ্বল তদন্তৰ বাবেই শেহতীয়াভাৱে দ্বীবন ডেকা, তৃষ্ণা শৰ্মা আৰু অসীমজ্যোতি চক্ৰৱৰ্তীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ লক্ষণীয়ভাৱে অভিযুক্ত দ্বীবন ডেকাৰ জামিন আবেদনৰ শুনানিকালত তদন্তকাৰী বিষয়াই দাখিল কৰিব নোৱাৰিলে সবল তথ্য-প্ৰমাণ ৷ গোচৰৰ সকলোখিনি দিশ পর্যবেক্ষণ কৰি আদালতে কেইবাটাও চর্তসাপেক্ষে অভিযুক্ত দ্বীবন ডেকাৰ মঙলবাৰে জামিন মঞ্জুৰ কৰে ৷ ইফালে চাকৰি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈ বিজেপিৰ পৰা বহিষ্কৃত হোৱা তৃষ্ণা শৰ্মা, আন এজন অভিযুক্ত অসীমজ্যোতি চক্ৰৱৰ্তীয়েও আদালতৰ মজিয়াত জামিন লাভ কৰিছে ৷ ইয়াৰ পিছতে আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলি উঠিছে ৷ ৰাজনৈতিক প্ৰভাৱৰ বাবে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ঢিলা হোৱা বুলি অভিযোগ উঠিছে ৷

লগতে পঢ়ক : Assam TMC President Ripun Bora : চি বি আই-ইডিক ব্যৱহাৰ বিৰোধী দলক নিয়ন্ত্ৰণ কৰাত ! বিৰোধী ঐক্যমঞ্চৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.