গুৱাহাটী,৩০ জানুৱাৰী: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হস্তী-মানুহৰ সংঘাত (Man Elephant conflict in Assam) । বিশেষকৈ বন বিভাগৰ নিষ্ক্ৰিয়তাৰ বাবেই ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হস্তী-মানুহৰ এই সংঘাত । খাদ্য তথা উপযুক্ত বিচৰণভূমিৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলগা হৈছে বন্যহস্তীয়ে । আনহাতে, হাতীৰ আক্ৰমণত অকালতে মৃত্যুবৰণ কৰিবলগা হৈছে সাধাৰণ মানুহ (wild elephant destroyed property in Assam) । লগতে ধ্বংস হৈছে ঘৰ-দুৱাৰ তথা সা-সম্পত্তি ।
চকুৰ সন্মুখতে মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হৈছে সপোনৰ ঘৰখন । ইয়াৰ উপৰি তহিলং কৰিছে খেতি পথাৰো । কেৱল সিমানে নহয়, সাঁচতীয়া সপোনৰ ফচলবোৰো হাতীয়ে খাই তহিলং কৰি তীব্ৰ সংকটত পেলাইছে একাংশ লোকক । এয়া অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ অৰণ্যৰ সমীপৱৰ্তী অঞ্চলবোৰৰ এক নিত্য নৈমিত্তিক ঘটনাৰ দৰে হৈ পৰিছে । কিন্তু কেৱল সেয়াই সত্য নহয় । গুৱাহাটী মহানগৰীতো বন্যহস্তীৰ উপস্থিতি তথা সন্ত্ৰাস ইতিমধ্যে প্ৰত্যক্ষ কৰা হৈছে ।
কিন্তু হাতী-মানুহৰ এনে সংঘাতৰ মাজতে এইবাৰ গুৱাহাটীৰ সাতগাঁৱৰ আমচিং যোৰাবাটত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য (wild elephant entered into Amsing Jorabat) । খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা এটা বন্যহস্তীয়ে আমচিং যোৰাবাটৰ জনাঞ্চলত বিচৰণ কৰা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে । তেনে সময়তে একাংশ লোকে বন্যহস্তীটোক ফল-মূল আদি খাবলৈ দি প্ৰকৃতি প্ৰেমৰ এক নিদৰ্শন দাঙি ধৰে ।
অৱশ্যে বন্যহস্তীটোৱে কাৰো অনিষ্ট সাধন নকৰি তেওঁলোকে দিয়া খাদ্যবস্তু গ্ৰহণ কৰি কিছু সময়ৰ পিছত আমচাং অভয়াৰণ্যৰ দিশে উভতি যায় । নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এইসকল লোকে বন্যহস্তীটোৰ প্ৰতি দেখুওৱা প্ৰকৃতি প্ৰেমৰ এনে নিদৰ্শনৰ শলাগ লৈছে বহু লোকে । আনহাতে, স্থানীয় লোকে জানিবলৈ দিয়া মতে, সাধাৰণতে শান্ত স্বভাৱৰ এই বন্যহস্তীটো প্ৰায়ে খাদ্যৰ সন্ধানত আমচিং অঞ্চলত বিচৰণ কৰে যদিও আজি পৰ্যন্ত কোনো উপদ্রৱ চলোৱা নাই । স্থানীয় লোকে দিয়া খাদ্য-সামগ্ৰী গ্ৰহণ কৰি পিছত পুনৰ অহা বাটেৰে উভতি যায় ।
উল্লেখ্য যে খাদ্যৰ সন্ধানতে এনেদৰে প্ৰায়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক । মানুহৰ অবাধ অৰণ্য ধ্বংসযজ্ঞৰ বাবে বনাঞ্চল কমি অহা, বনাঞ্চলত খাদ্যৰ অভাৱ আদিৰ বাবেই বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই আহে । বিশেষকৈ খেতিৰ বতৰত এই হাতীৰ জাকবোৰে পথাৰৰ শস্য খাই তহিলং কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে ।
ইয়াৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন যদিও বন বিভাগ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ । বিশেষকৈ অৰণ্যৰ সমীপৱৰ্তী অঞ্চলত হাতীৰ বাবে বিশেষ খাদ্যৰ ব্যৱস্থা, প্ৰয়োজনত কল বা ধানখেতিৰ দৰে ব্যৱস্থা কৰিব পাৰিলে বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই অহাটো বহুখিনি ৰোধ কৰিব পৰা যায় যদিও এই ক্ষেত্ৰত বন বিভাগৰ কোনো দীৰ্ঘম্যাদী কাৰ্যব্যৱস্থা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই ।
লগতে পঢ়ক: DC Varnali Deka apologized : উপায়ুক্ত বৰ্ণালী ডেকাই খুজিলে ক্ষমা; ভুক্তভোগীৰ এজাহাৰ প্ৰত্য়াহাৰ