ETV Bharat / state

Discontent in AGP: অগপত বাঢ়িছে অসন্তুষ্টি; গান্ধাৰীৰ ৰূপত শীৰ্ষ নেতৃত্ব - AGP over Constituency delimitation

অগপৰ ভিতৰ চ'ৰাত সৃষ্টি হোৱা ক্ষোভ-অসন্তুষ্টিক এতিয়ালৈকে গুৰুত্বসহকাৰে লোৱা নাই দলৰ শীৰ্ষ নেতৃত্বই । দলীয় সদৰত নেতা-কৰ্মীৰ ক্ষোভ । অগপৰ কামৰূপ জিলা সমিতিয়ে নাকচ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক । সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া দলীয়ভাৱে আগবঢ়াই নিয়াৰ বাবে অগপই গঠন কৰা পাঁচজনীয়া সমিতিৰ হোৱা নাই এখনো বৈঠক ।

AGP over delimitation of constituencies
অগপত ব্যাপক অসন্তুষ্টি
author img

By

Published : Jun 29, 2023, 6:03 PM IST

গুৱাহাটী, 29 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ শাসকীয় বিজেপিৰ মিত্রদল অগপত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে । কিন্তু অগপৰ শীর্ষ নেতৃত্বই খচৰাক লৈ দলৰ ভিতৰত সৃষ্টি হোৱা ক্ষোভ-অসন্তুষ্টিক এতিয়ালৈকে গুৰুত্বসহকাৰে লোৱা নাই । যাৰ পৰিণতিত দলীয় নেতা-কৰ্মীৰ ক্ষোভ আৰু অসন্তুষ্টি দলৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয় আহি পাইছেহি ।

উল্লেখ্য যে, বুধবাৰে আমবাৰীৰ কাৰ্যালয়ত অগপৰ কামৰূপ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল । যিখন বৈঠকতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক সকলোৱে একমুখে নাকচ কৰিছিল । অগপই দলীয়ভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক সমৰ্থন জনাইছে যদিও দলৰ বহু নেতাই ইয়াৰ বিৰোধিতা কৰিছে ।

অভিযোগ উঠিছে যে, দিছপুৰত মন্ত্রী অশোক সিংহল, জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই তৈয়াৰ কৰা খচৰা বা নক্সা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ নি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ জৰিয়তে নির্বাচন আয়োগত দাখিল কৰিছে ৷ সেই খচৰাকে নির্বাচন আয়োগে 20 জুনত প্ৰকাশ কৰে ।

বিৰোধী ৰাজনৈতিক দলসমূহে কোনো কাৰণতে মানি নোলোৱা খচৰাখনক লৈ মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে অগপৰ কেইবাজনো নেতাই । তেওঁলোকে অভিযোগ কৰা অনুসৰি বিজেপিৰ মন্ত্ৰী তিনিজনে খচৰা তথা নক্সা তৈয়াৰ কৰাৰ সময়ত পুৱতি নিশালৈকে এজন এজনকৈ বিজেপিৰ বিধায়ক-সাংসদক মাতি নি সংগোপনে তেওঁলোকৰ মতামত লৈছিল । কিন্তু শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অগপৰ নেতা তথা বিধায়কৰ সৈতে আলোচনা কৰা নাছিল মন্ত্ৰী অশোক সিংহল, জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰীকাই ।

অগপৰ কোনো মতামত নোলোৱাকৈয়ে বিজেপিৰ তিনি মন্ত্ৰীয়ে প্ৰস্তুত কৰা এই খচৰাক এতিয়া মানি ল'ব খোজা নাই সমষ্টি হেৰুওৱা অধিকাংশ বিধায়ক তথা নেতাই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া দলীয়ভাৱে আগবঢ়াই নিয়াৰ বাবে অগপই পূর্বতে এখন পাঁচজনীয়া সমিতিও গঠন কৰিছিল । কিন্তু অগপৰ এই পাঁচজনীয়া এই সমিতিৰ এখনো বৈঠক অনুষ্ঠিত নহ'ল বুলি এতিয়া অভিযোগ উঠিছে ।

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপিৰ সৈতে মিত্রদল অগপৰ বিদ্ৰোহৰ উকমুকনি

এই সমিতিৰ অন্যতম সদস্য, অগপৰ সাধাৰণ সম্পাদক তথা প্রাক্তন বিধায়ক ডাঃ কমলা কলিতাই এই সন্দৰ্ভত কয় যে, আমবাৰীত বুধবাৰে অগপৰ কামৰূপ জিলা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত কামৰূপ জিলাৰ সকলো প্রতিনিধিয়েই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । এই খচৰা সন্দৰ্ভত চৰকাৰৰ মিত্ৰদল অগপৰ সৈতে কোনো আলোচনা কৰা হোৱা নাই । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো দলীয়ভাৱে চোৱাৰ বাবে এখন পাঁচজনীয়া উপ-সমিতি দলে গঠন কৰিছিল আৰু তাত তেওঁ সদস্য হিচাপে আছিল বুলি জানিবলৈ দিয়ে ।

কিন্তু এই উপ-সমিতিত খচৰাৰ প্ৰস্তুতিক লৈ কোনো আলোচনাই হোৱা নাই । উপ-সমিতিৰ বৈঠক বা কোনো প্ৰস্তাৱ এতিয়ালৈকে নাই । তেওঁ এই খচৰাক লৈ ভীষণ অসন্তুষ্ট বুলি সদৰী কৰে । এই খচৰা মানি লোৱাৰ প্ৰশ্নই নাহে বুলি তেওঁ কয় ।

আনহাতে, কমলপুৰ সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক সত্যব্রত কলিতায়ো খচৰাখনক লৈ অসন্তুষ্টি প্রকাশ কৰে । তেওঁ কয় যে, অগপৰ কামৰূপ জিলা সমিতি এই খচৰাক লৈ অসন্তুষ্ট । খচৰাই সমষ্টিসমূহৰ যি সীমা নিৰ্ধাৰণ কৰিছে, সেয়া মানি ল'বপৰা বিধৰ নহয় । এটা পঞ্চায়তৰে এখন গাঁও যদি এটা সমষ্টিত ভৰাইছে, আন এখন গাঁও আকৌ বেলেগ সমষ্টিত অন্তর্ভুক্ত কৰিছে । সমষ্টিবোৰৰ যি নক্সা তৈয়াৰ কৰিছে, তাৰ কোনো ধাৰাবাহিকতা নাই বুলি তেওঁ অভিযোগ কৰে ।

সেইদৰে হাজোৰ অগপৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইনৰ হাজো সমষ্টিটো খচৰাত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰাত তেওঁ ক্ষুব্ধ হৈ পৰিছে । তেওঁ কয় যে, এই খচৰাক লৈ কামৰূপ জিলাৰ অগপৰ কৰ্মীসকল ক্ষুণ্ণ হৈছে আৰু প্রতিবাদ কৰিবলৈ সাজু আছে । তেনেস্থলত দলৰ ভিতৰচ'ৰাত চলি থকা এই ক্ষোভ আৰু অসন্তুষ্টি দূৰ কৰিবলৈ দলৰ শীৰ্ষ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.