গুৱাহাটী, 12 নৱেম্বৰ : বিতৰ্ক আৰু নিকৃষ্ট ৰাজনীতিয়ে শতিকাজোৰা ঐতিহ্য ম্লান কৰিলেও এতিয়াও অসম সাহিত্য সভা অসমবাসীৰ হিয়াত স্পন্দিত হৈ আছে ৷ অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ চৰ্চা চলিছে ৷ পূৰ্ণ গতিত চলি আছে অসম সাহিত্য সভাৰ ভোটদান প্ৰক্ৰিয়া (Asam Sahitya Sabha Election 2022) ৷
13 নৱেম্বৰত শেষ হ’ব ভোটদান প্ৰক্ৰিয়া (Voting begins for Asam Sahitya Sabha Election) ৷ 784 টা শাখাই নিৰ্ণয় কৰিব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ৷ অসম সাহিত্য সভাৰ 2023-25 বৰ্ষৰ কাৰ্যকালৰ বাবে সাহিত্য জগতৰ 17 গৰাকীকৈ ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এইবাৰৰ নিৰ্বাচনকলৈ তীক্ষ্ন দৃষ্টি বৌদ্ধিক মহলৰ ৷
কোনে দখল কৰিব অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন ? কোন জয়ী হ’ব সাহিত্য সভাৰ উপসভাপতি আৰু প্ৰধান সম্পাদকৰ পদত ? এইবাৰ অসম সাহিত্য সভাৰ সভাপতিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পদ্মশ্ৰী য়েছে দৰজে ঠংচি, সাহিত্যচাৰ্য ড৹ নাহেন্দ্ৰ পাদুন, পদ্মশ্ৰী সূৰ্য হাজৰিকা, পদ্মশ্ৰী ড৹ ৰোমান শৰ্মা, পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছা আৰু জগদীশ পাটগিৰী ৷
আনহাতে, অসম সাহিত্য সভাৰ এইবাৰৰ উপসভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ ভিতৰত আছে ডাঃ গিৰিশ সন্দিকৈ, ধীৰেণ শৰ্মা, গণেশ চন্দ্ৰ নাথ, পবিত্ৰ বৰবৰা, বসন্ত কুমাৰ শৰ্মা আৰু গোবিন্দ তালুকদাৰ ৷ একেদৰে প্ৰধান সম্পাদকৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে সভাৰ যাদৱ শৰ্মা, ৰমানন্দন বৰা, দেৱজিৎ বৰা, উপেন্দ্ৰজিৎ শৰ্মা ,অনুপ বৰঠাকুৰে ৷
13 নৱেম্বৰত শেষ হ’ব লগীয়া ভোটদান প্ৰক্ৰিয়াৰ অন্তত ছবিখন স্পষ্ট হ’ব কোনে শেষ হাঁহি মাৰিব ৷ ইতিমধ্যে ভোটদান কৰিব পৰা শাখাসমূহলৈ প্ৰেৰণ কৰা বেলট বাকচসমূহ ঘূৰি অহাৰ সময় শেষ হ’ব দুদিন পিছতে ৷ ডিচেম্বৰত নলবাৰীত অনুষ্ঠিত হ’ব বিদায়ী সভাপতি ড৹ কুলধৰ শইকীয়া নেতৃত্বাধীন কাৰ্যনিৰ্বাহকৰ অন্তিমখন সভা ৷
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে এইবাৰৰ ভোটাৰৰ সংখ্যা 791৷ ইয়াৰে 742 টা শাখা সভাৰ আৰু 49 টা জিলা সভাৰ ভোট৷ নলবাৰীৰ কাৰ্যনিৰ্বাহকতে গননা হ’ব সভাপতিৰ 791 টা ভোট ৷ তাতেই নিৰ্ধাৰণ হ’ব কোনে শেষ হাঁহি মাৰিব অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসনখনৰ প্ৰতিযোগিতাত৷ উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে কোন নিৰ্বাচিত হ’ব সেয়াও স্পষ্ট হ’ব নলবাৰীৰ এই কাৰ্যনিৰ্বাহকতে ৷
লগতে পঢ়ক : Asam Sahitya Sabha Election 2022: অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটদান পৰ্ব আৰম্ভ