ETV Bharat / state

মহাজোঁটৰ মুখ্যমন্ত্ৰী পদক লৈ দৌৰাদৌৰি - ৰকিবুল হুছেইন

দিছপুৰত পৰৱৰ্তী চৰকাৰ মহাজোঁটৰেই হ’ব বুলি আত্মবিশ্বাসী ৷ কংগ্ৰেছ নেতৃবৰ্গৰ মাজত এতিয়া এজন মুখ্যমন্ত্ৰীৰ সন্ধান চলিছে । কিয়নো সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ বাবে কাকো প্ৰক্ষেপ নকৰাকৈয়ে অৱতীৰ্ণ হৈছিল । কিন্তু এতিয়া কংগ্ৰেছৰ ভিতৰ মহলত গুণা-গঁঠা চলিছে-দিছপুৰত মহাজোঁটৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী হ’ব কোন ?

মহাজোঁটৰ মুখ্যমন্ত্ৰী পদক লৈ দৌৰাদৌৰি
মহাজোঁটৰ মুখ্যমন্ত্ৰী পদক লৈ দৌৰাদৌৰি
author img

By

Published : Apr 15, 2021, 9:10 PM IST

গুৱাহাটী,১৫ এপ্ৰিল: ৰাম নৌওপজোতেই ৰামায়ণ ! দিছপুৰত পৰৱৰ্তী চৰকাৰ মহাজোঁটৰেই হ’ব বুলি আত্মবিশ্বাসী, কংগ্ৰেছ নেতৃবৰ্গৰ মাজত এতিয়া এজন মুখ্যমন্ত্ৰীৰ সন্ধান চলিছে । কিয়নো সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ বাবে কাকো প্ৰক্ষেপ নকৰাকৈয়ে অৱতীৰ্ণ হৈছিল । কিন্তু এতিয়া কংগ্ৰেছৰ ভিতৰ মহলত গুণা-গঁঠা চলিছে-দিছপুৰত মহাজোঁটৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী হ’ব কোন ?

বিগত বিধানসভা নিৰ্বাচনৰ সময়তে কংগ্ৰেছ হাই কমাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ একপ্ৰকাৰ পাখি কাটি এই কথা বুজাই দিছে যে তেওঁক আগন্তুক সময়ত দলে কোনো ধৰণৰ বিশেষ গুৰু দায়িত্ব দিয়াৰ পক্ষপাতি নহয় ‌। কিয়নো তেওঁৰ পৰিৱৰ্তে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এইবাৰৰ বিধানসভা নিৰ্বাচনত অধিক গুৰু দায়িত্ব অৰ্পণ কৰিছিল প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াৰ ওপৰত । এই সুযোগৰে সদ ব্যৱহাৰ কৰিবলৈ এতিয়া উঠি-পৰি লাগিছে উক্ত চাৰি নেতা । পিছপৰি ৰোৱা নাই ৰিপুণ বৰাও ।

প্ৰদেশ কংগ্ৰেছৰে এক কৰ্তৃত্বশীল সূত্ৰই প্ৰকাশ কৰা মতে, ৰিপুণ বৰা সমন্বিতে উক্ত কেউজন নেতাই শেহতীয়াকৈ নিজা নিজা কৌশলেৰে কেইবাগৰাকীও শীৰ্ষ নেতাৰ ওচৰ চপাৰ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে মুখ্যমন্ত্ৰীকেন্দ্ৰীক এই দৌৰ কিমান দূৰলৈ কামত আহে তাৰ উমান পোৱা যাব ২ মে'তহে ।

লগতে পঢ়ক: বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি পুনৰ মুখ্যমন্ত্ৰী আসনত বহিব সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.