নিউজ ডেস্ক, 4 জানুৱাৰী : অবিশ্বাস্য ! অবৰ্ণনীয় ! বুধবাৰে সূৰ্যোদয়ৰ পূৰ্বেই সংঘটিত হ’ল কাহানিও পাহৰিব নোৱৰা এক ঘটনা ৷ বছা-ভৰলোৱা গাঁৱত এতিয়া কেৱল কান্দোনৰ ৰোল উঠিছে ৷ কোনোবাই যদি হেৰুৱাইছে পুত্ৰ-বোৱাৰীক, আন কোনোৱে হেৰুৱালে জীসহ নাতি-নাতিনীক ৷ এই কৰুণ সময়খিনিত মৃত্যুও যেন ক্ষণিকৰ বাবে হৈ পৰিল বাকৰুদ্ধ ! ম্ৰিয়মান !
কাৰ ভুলৰ বাবে একেলগে একেখন পথাৰতে জ্বলিল 11 খনকৈ চিতা ? বাকৰুদ্ধ আজি সকলো...কাৰোবাৰ মতে ঘন কুঁৱলীৰ বাবেই দেৰগাঁৱত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হ’ল ৷ আন কাৰোবাৰ মতে, ৰাষ্ট্ৰীয় ঘাইপথছোৱা বেয়া হোৱাৰ বাবেই এই পথ দুৰ্ঘটনাটো সংঘটিত হ’ল ৷
আপুনি হয়তো মন কৰিলে সহজেই অনুমান কৰিব পাৰিব যে, উজনিলৈ যোৱা পথছোৱা প্ৰকৃততে কিমান সুচল ! ক’ৰবাত যদি প্ৰকাণ্ড গাঁত, আন ক’ৰবাত আকৌ ৰাষ্ট্ৰীয় ঘাইপথ নে জকাইচুকৰ গৰু বাট সেয়া ধৰিবই নোৱাৰি ৷ এতিয়া আহিছো ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰসংগলৈ ৷
নুমলীগড়-গোলাঘাট সংযোগী এই 40 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ কাম দিয়া হৈছিল ৰাজস্থানৰ গণপতি কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোক ৷ এই কোম্পানীটোৰ মালিক ৰমেশ গুলাটী আৰু সুদেশ গুলাটী ৷ এই 40 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল 814 কোটি টকা ৷ 2018 চনতেই এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা আছিল ৷ কিন্তু 2018 চন পাৰ হৈ এতিয়া 2024 পালেহি ৷ তথাপিও আজিকোপতি সম্পূৰ্ণ হোৱা নাই নুমলীগড়-গোলাঘাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷
গণপতি কনষ্ট্ৰাকশ্যনৰ এইবাৰ অজুহাত, ইতিমধ্যে দেশত মূল্যবৃদ্ধি হৈছে ৷ এই মূল্যবৃদ্ধিৰ বাবেই উৎপাদন ব্যয় হেনো বৃদ্ধি পাইছে ৷ গতিকে 814 কোটি টকাৰে সম্পূৰ্ণ হৈ নুঠিব এই 40 কিলোমিটাৰ পথ ৷ সেয়েহে পূৰ্বতে ধাৰ্য কৰা ধনৰ পৰিমাণ বঢ়াই দিব লাগে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গুলাটী বাহিনীৰ এই আৰ্জি শুনি ইতিমধ্যে NHIDCL এ ধনৰ পৰিমাণো প্ৰায় 40 শতাংশ বৃদ্ধি কৰিছে ৷
এতিয়া প্ৰশ্ন হয়, ইমানখিনি ধন ব্যয় কৰাৰ পাচতো কিয় 2018 চনৰ পৰা আজিকোপতি সম্পূৰ্ণ হোৱা নাই নুমলীগড়-গোলাঘাট সংযোগী এই 40 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ দেৰগাঁও দুৰ্ঘটনাৰ দৰে এটা ডাঙৰ অঘটন হোৱালৈকেহে বাট চাই আছিল নেকি নীতিন গাডকাৰীৰ অধীনত কাম কৰি থকা গুলাটীহঁতে ? ইতিমধ্যে বৃহস্পতিবাৰে অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দিল্লীৰ চেভ লাইফ ফাউণ্ডেশ্যন নামৰ সংস্থাটোৰ বিষয়ববীয়া সকলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ পৰীক্ষা কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনো ৷
এইবাৰ আহিছো দুৰ্ঘটনাগ্ৰস্ত কয়লাভৰ্তি ট্ৰাকখনৰ প্ৰসংগলৈ ৷ যি সময়ত ৰাজ্যত বন্ধ হৈ আছে কয়লাৰ অবৈধ সৰবৰাহ, সেই সময়ত কেনেকৈ কয়লাভৰ্তি ট্ৰাকখন মধ্যৰাতি ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে আহিব পাৰিলে ? ট্ৰাকখনত অনা কয়লাখিনি বৈধ আছিল নে অবৈধ ? কাৰ ছত্ৰছায়াত কয়লাভৰ্তি ট্ৰাকখন উজনিৰ পৰা আহিছিল ? আৰক্ষী-প্ৰশাসনে কিয় বাধা প্ৰদান কৰা নাছিল ট্ৰাকখনক ? এয়াই নেকি কয়লা সৰবৰাহ সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনৰ স্থিতি ! কয়লা সৰবৰাহ সন্দৰ্ভত চৰকাৰৰ স্থিতি মুখত এটা পেটত এটা নেকি ?
দেৰগাঁও দুৰ্ঘটনাৰ পাচতে অসম চৰকাৰ তথা প্ৰশাসনৰ নীতি নিয়মক লৈও উঠিছে বহু প্ৰশ্ন ৷ নিৰ্মিয়মান ৰাষ্ট্ৰীয় ঘাইপথত মৰণফাণ্ড, কয়লা সৰবৰাহৰ পাচত এইবাৰ যান-বাহনৰ প্ৰসংগ ৷ অসমৰ ৰাজপথত প্ৰতিদিনে চলে 45 লাখ পঞ্জীয়নভুক্ত বাহন ৷ বহিঃৰাজ্যৰ বাহন যোগ কৰিলে এই সংখ্যা 50 লাখ হয়গৈ ৷ পিছে কিমান বাহনৰ আছে ফিটনেছ চাৰ্টিফিকেট ?
যিখন অভিশপ্ত বাছে কাঢ়ি নিলে 11 জন মানুহৰ জীৱন, সেই বাছখনৰ নাছিল কোনো ফিটনেছ চাৰ্টিফিকেট ৷ 2015 চনৰ 21 মাৰ্চত পঞ্জীয়নভূক্ত হোৱা বাছখনৰ 2023 ৰ 3 ডিচেম্বৰতে উকলিছিল বীমাৰ ম্যাদ ৷ 2018 চনত এই বাছখন জনৈক বিপিন দত্তক বিক্ৰী কৰা হৈছিল ৷ কিন্তু 2018 চনৰ পৰা 2024 পৰ্যন্ত বিপিন দত্তই পোৱা নাছিল বাছখনৰ NOC ৷ 2018 ৰ পৰা 2024 পৰ্যন্ত কিয় বিপিন দত্তই NOC লাভ নকৰিলে সেই সন্দৰ্ভতো উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷
যি সময়ত ৰাজ্যৰ পৰিবহন বিভাগে নথিপত্ৰবিহীন যান-বাহনৰ পৰা কেবাশও কোটি টকা জৰিমণা সংগ্ৰহ কৰিছে তেনে সময়তো যে এই ধৰণৰ নথিপত্ৰ বিহীন যান-বাহন ৰাজ্যত এতিয়াও নিৰ্বিঘ্নে চলাচল কৰি আছে তাৰেই প্ৰমাণ পোৱা নগ’ল নে ? দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰা এই বাছখনেইতো উদঙাই দিলে সেই কথা ৷
মূল কথা হ’ল গুৰুত্বহীনতা ৷ এই গুৰুত্বহীনতা চৰকাৰৰ, প্ৰশাসনৰ আৰু পথ নিৰ্মাণকাৰী সংস্থাসমূহৰ ৷ চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি লোৱাৰ দৰে 11 জন নিৰিহই প্ৰাণ হেৰুওৱাৰ পিচত বনভোজৰ SOP প্ৰকাশ কৰাটো বাটুলামি মাথোঁ ৷ মুখ্যমন্ত্ৰী মহোদয়, আপুনি কোৱাৰ দৰে সমস্ত দোষ কুঁৱলিৰেই নে ? ৰমেশ গুলাটী বা সুদেশ গুলাটীৰ দৰে মানুহবিলাকৰ বাবে আৰু অসমৰ কিমান নিৰিহ লোকে প্ৰাণ হেৰুৱাব ?
লগতে পঢ়ক : দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনা : GMCH ত চিকিৎসাধীন চাৰিগৰাকীৰ অৱস্থা সুস্থিৰ