ETV Bharat / state

ক'ত হেৰাল এসময়ৰ প্ৰতাপী আমোলা ভানু - পল্লৱলোচন দাস

অসমত কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনকালত অখণ্ড প্ৰতাপী আমোলাৰূপে বিশেষ পৰিচয় আছিল এম জি ভি কে ভানুৰ ৷ কিন্তু লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছৰে পৰা কোনো খবৰ নাই এসময়ত‌ শোণিতপুৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি অতিৰিক্ত মুখ্য সচিবৰূপে অৱসৰ গ্ৰহণ কৰা ভানুৰ

Where is MGVK Bhanu  no One know
ক'ত হেৰাল এসময়ৰ প্ৰতাপী আমোলা ভানু
author img

By

Published : Jul 22, 2020, 10:35 PM IST

গুৱাহাটী,22 জুলাইঃ এম জি ভি কে ভানু,ৰাজ্যবাসীৰ এক চিনাকী নাম ৷ অসমত কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনকালত অখণ্ড প্ৰতাপী আমোলাৰূপে বিশেষ পৰিচয় আছিল এম জি ভি কে ভানুৰ ৷ কিন্তু লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছৰে পৰা কোনো খবৰ নাই এসময়ত‌ শোণিতপুৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি অতিৰিক্ত মুখ্য সচিবৰূপে অৱসৰ গ্ৰহণ কৰা ভানুৰ ৷

ক'ত হেৰাল এসময়ৰ প্ৰতাপী আমোলা ভানু

উল্লেখযোগ্য যে,অৱসৰ গ্ৰহণ কৰাৰ পিছতে প্ৰতাপী আমোলা গৰাকীয়ে যোগদান কৰিছিল কংগ্ৰেছ দলত ৷ কেৱল ইমানেই নহয়,আমোলাগৰাকীয়ে বিগত লোকসভা নিৰ্বাচনত তেজপুৰ সংসদীয় সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসৰ বিপৰীতে অৱতীৰ্ণ হৈছিল ৷ কিন্তু বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসৰ হাতত পৰাজিত হৈছিল তেওঁ ৷ ২০১৯ ৰ ১১ ফেব্ৰুৱাৰীত কংগ্ৰেছত যোগদান কৰা ভানুৱে সেই বছৰৰে ৩০ অক্টোবৰত বিদায় লৈছিল কংগ্ৰেছৰ পৰা ।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে সলনি হ'ল এম জি ভি কে ভানুৰ ঠিকনা ৷ তেনেহ'লে বৰ্তমানে ভানুৰ ঠিকনা কি ? এই বিষয়ে এতিয়া একোৱেই নাজানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও ৷ ভানু সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গাদাস বড়োৱে মন্তব্য কৰে যে, চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত ভানুৰ দৰে বহু উচ্চ প্ৰশাসনিক বিষয়াই বহু উচ্চাকাংক্ষা লৈ ৰাজনীতিলৈ অহাৰ উদাহৰণ আছে । কিন্তু তাৰ ভিতৰত তিস্তি থাকে কেইজনমানহে । উচ্চাকাংক্ষা পূৰণ নহ'লেই তেওঁলোকে ৰাজনীতিৰ পৰা বিদায় লয় ।

ইপিনে,এক সূত্ৰ মতে,এম জি ভি কে ভানু সম্প্ৰতি বাংগালুৰুত এটা বিশেষ কোম্পানীত ব্যস্ত হৈ আছে ৷ ৰাজনীতিৰ পৰাও এতিয়া বহু আঁতৰত অৱস্থান লৈছে কংগ্ৰেছৰ শাসন কালৰ প্ৰতাপী আমোলাগৰাকীয়ে ৷

লগতে পঢ়কঃবাঘজানত পুনৰ দুৰ্ঘটনা : তৈলক্ষেত্ৰত বিস্ফোৰণত আহত তিনি বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.