ETV Bharat / state

Demand for land patta in Guwahati : গুৱাহাটীৰ পাহাৰত বসবাস কৰা ৮৫ হাজাৰৰো অধিক পৰিয়ালৰ কি হ'ব ভৱিষ্যৎ !

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:16 PM IST

পট্টা লাভৰ আশাত বন্দী গুৱাহাটীৰ ১৮খন পাহাৰত বসবাস কৰা লাখ-লাখ লোকক আশাহত কৰিলে চৰকাৰে। নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বিপৰীতে পাহাৰত ভূমিৰ পট্টা নিদিয়াৰ কথা বিধানসভাত স্পষ্ট কৰিলে ৰাজহ মন্ত্রীয়ে। পট্টাৰ দাবীত অব্যাহত থাকিব সংগ্ৰাম ৷ ক'লে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীনজ্যোতি কলিতাই।

Demand for land patta in Guwahati
ভূমিৰ পট্টা লাভৰ আশাত বন্দী পাহাৰত বসবাস কৰা লাখ লাখ লোক
আশাহত গুৱাহাটীৰ ১৮খন পাহাৰত বসবাস কৰা লাখ লাখ লোক

গুৱাহাটী, ১৩ অক্টোবৰ : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকল দীৰ্ঘদিনে ভূমিৰ পট্টা লাভৰ আশাত বন্দী হৈ আছিল | কিন্তু তেওঁলোকৰ সেই আশাত চেঁচা পানী ঢালিলে চৰকাৰে | অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত ৰাজহ মন্ত্রী যোগেন মহনে স্পষ্টভাৱে কয় যে গুৱাহাটীৰ পাহাৰত বাস কৰাসকলে নাপাব পট্টা | ভি জি আৰ আৰু পি জি আৰ মাটিত বাস কৰা সকলেও নাপাব পট্টা | কেৱল চৰকাৰে বহুওৱা খহনীয়াত ক্ষতিগ্ৰস্ত সকলেহে পাব ভূমিৰ পট্টা ৷ নৱেম্বৰ মাহৰ পৰা দিয়া হ'ব পট্টা ৷

স্বাভাৱিকতে চৰকাৰী এই ঘোষণাৰ পাছতে ক্ষোভিত আৰু শংকিত হৈ পৰিছে গুৱাহাটীৰ সৰু-বৰ ১৮ খন পাহাৰত বসবাস কৰা ৮৫ হাজাৰৰো অধিক পৰিয়াল ৷ উল্লেখ্য যে ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ পাছৰে পৰাই ক্ৰমাৎ গুৱাহাটী মহানগৰীৰ জনসংখ্যা বৃদ্ধি পায় আৰু পাহাৰসমূহ বসতিস্থল হৈ পৰে ৷ বৰ্তমান সময়ত গুৱাহাটীৰ পাহাৰসমূহত চাৰি লাখৰো অধিক লোকে বসবাস কৰে ৷ পাহাৰত বসবাস কৰা লোকসকলে দৈনন্দিন জীৱনত যথেষ্ট সংগ্ৰাম কৰাৰ উপৰিও বাৰিষা ভূমিস্খলনৰ আশংকাত জীৱন নিৰ্বাহ কৰিবলগীয়া হয় ৷ অশেষ কষ্টৰ মাজত থাকিলেও দশক দশক ধৰি পাহাৰত বসবাস কৰা এই লোকসকলে ভূমিৰ অধিকাৰৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে ৷ কাৰণ উচ্ছেদৰ আশংকাত থকা এই লোকসকলে বিচাৰে নিশ্চয়তা ৷

লক্ষণীয় বিষয় যে পূৰ্বৰ চৰকাৰৰ দিনত পাহাৰত উচ্ছেদ অভিযান চলোৱাৰ প্ৰয়াস কৰা হৈছিল যদিও চৰকাৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ ব্যাপক আন্দোলন গঢ়ি তুলিছিল পাহাৰত বসবাস কৰা লোকসকলে ৷ ৰাজপথৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে ৰক্তাক্ত হৈছিল ৰাজপথ ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰেও বুজি উঠিছিল যে গুৱাহাটীৰ পাহাৰ সমূহত উচ্ছেদকাৰ্য চলোৱাটো সহজ কথা নহয় ৷ আনহাতে পাহাৰত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা দিয়া হ'ব বুলি প্ৰতিখন চৰকাৰেই আভুৱান ভাৰি আহিছে ৷ বিশেষকৈ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে পাহাৰত বসবাস কৰা লোকসকলক পট্টা দিয়া হ'ব বুলি কেৱল মাথো প্ৰতিশ্ৰুতি দি আহিছে ৷

বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়তো স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পাহাৰত বসবাস কৰা লোকসকল মাটিৰ পট্টা দিয়া হ'ব বুলি নিৰ্বাচনী প্ৰচাৰসভা সমূহত ঘোষণা কৰিছিল ৷ চৰকাৰৰ এনে প্ৰতিশ্ৰুতি আৰু ঘোষণাৰ বাবেই পাহাৰত বসবাস কৰা লোকসকল পট্টা লাভৰ আশাত বন্দী হৈ আছিল ৷ আনহাতে বিভিন্ন দল-সংগঠনেও পাহাৰত বসবাস কৰা লোকসকলক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি মাথো প্ৰতাৰণাই কৰি আহিছে ৷ কিন্তু শেহতীয়াকৈ পাহাৰত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা দিয়া নহ'ব বুলি চৰকাৰে স্পষ্টভাৱে ঘোষণা কৰাত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে পাহাৰত বসবাস কৰা লোকসকল ৷

এই সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা দীৰ্ঘদিন ধৰি পাহাৰত বসবাস কৰা লোকসকলৰ স্বাৰ্থৰ হকে মাত মাতি অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীনজ্যোতি কলিতাৰ আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷ সাক্ষাৎকাৰত তেওঁ কয় যে গুৱাহাটীৰ পাহাৰত ৮৫ হাজাৰৰো অধিক পৰিয়ালকে বাস কৰে ৷ পাহাৰত বসবাস কৰা এই লোকসকলৰ বহুতে ভূমি পট্টনৰ বাবে মিছন বসুন্ধৰা ২.০ত আবেদন কৰিছিল যদিও বাতিল কৰা হ'ল ৷ কেৱল গুৱাহাটীতে নহয় ৰাজ্যখনৰ লাখ লাখ খিলঞ্জীয়া পৰিয়ালক বিজেপি চৰকাৰে চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে ৷

তেওঁ কয় যে এফালে মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলক মাটিৰ পট্টা দিয়া হ'ব বুলি ঘোষণা কৰে আৰু আনফালে ৰাজহ মন্ত্রীয়ে সদনত কয় যে পাহাৰত বসবাস কৰা সকলক মাটিৰ পট্টা দিয়া নহয় ৷ দুটা পৰস্পৰ বিৰোধী কথা ৷ আচলতে চৰকাৰখনে পাহাৰৰ মানুহখিনিক লৈ ৰাজনীতি কৰি আহিছে ৷ এইখন চৰকাৰ দৰিদ্ৰ খিলঞ্জীয়া লোকৰ লগত নাই বুলি তেওঁ অভিযোগ কৰে ৷ তেওঁ লগতে কয় যে ৰাজহ মন্ত্রীৰ বক্তব্যৰ বিৰোধিতা কৰি শেহতীয়াকৈ ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ৰাজ্যজোৰি মৌন প্ৰতীকি অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

গুৱাহাটীৰ ১৮ খন পাহাৰত দশক দশক ধৰি ৮৫ হাজাৰ থলুৱা পৰিয়ালে বাস কৰি আহিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে পট্টা দিয়াৰ কথা ঘোষণা কৰি মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে ৰাইজক আবেদন কৰিবলৈ কৈছিল ৷ সেই অনুসৰি গুৱাহাটীৰ প্ৰায় ১ লাখ পৰিয়ালে হিলদল ভাঙি, টকা-পইচা খৰচ কৰি আবেদন কৰিছিল ৷ আশা কৰিছিল ভূমিৰ পট্টা পাব ৷ কিন্তু এতিয়া গুৱাহাটীৰ ১৮ খন পাহাৰৰ লগতে সমভূমিতো ৰাইজৰ আবেদন সমূহ বিভিন্ন মনেসজা অভিযোগ দি বাতিল কৰিছে ৷ ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্রাম সমিতিয়ে ইয়াৰ তীব্র বিৰোধিতা কৰিছে বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে বসুন্ধৰা আঁচনি চৰকাৰখনৰ ধাপ্পাবাজিৰ বাহিৰে একো নহয় ৷ গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোসকলৰ ভূমিৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে সংগ্ৰাম অব্যাহত থাকিব বুলি তেওঁ কয় ৷

লগতে পঢ়ক : Assam CM on Orunodoi: হিতাধিকাৰীৰ নতুন সংজ্ঞাৰে কিহৰ ইংগিত মুখ্যমন্ত্ৰীৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.