ETV Bharat / state

সংসদ ভৱন নে বাজপেয়ী ভৱনঃ ক'ত হ'ব সোণোৱালৰ সংস্থাপন ? - NARENDRA MODI

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব বুলি চৰ্চা অব্যাহত আছে যদিও এই বিষয়ত কোনো স্পষ্টতা নাই । কিয়নো, বিগত ১৮ জুনতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই জৰুৰীভাৱে দিল্লীলৈ মাতি পঠিয়াইছিল সোণোৱালক । তেতিয়াৰে পৰা আজি পৰ্যন্ত সোণোৱাল দিল্লীতে বাহৰ পাতি আছে । কিন্তু বৃহস্পতিবাৰৰ বিয়লি পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কিম্বা গৃহ মন্ত্ৰী অমিত শ্বাহ কোনেও তেওঁক‌ সাক্ষাতৰ বাবে সময় দিয়া নাই ।

SARBANANDA SONOWAL'S NEW RESPONSIBILITY
এতিয়াও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ অৰ্পণ কৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই
author img

By

Published : Jun 24, 2021, 3:56 PM IST

গুৱাহাটী, ২৪ জুন: সৰ্বানন্দ সোণোৱালক সসন্মানে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ক'ত সংস্থাপিত কৰিব ? দিল্লীৰ সংসদ ভৱনত নে গুৱাহাটীৰ হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত ? ৰাজ্যিক বিজেপিৰ ভিতৰচ'ৰাত আজিৰ তাৰিখত ই এক জটিল প্ৰশ্ন । এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ এতিয়ালৈকে কোনেও পোৱা নাই ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি চলিত মাহতে সম্প্ৰসাৰণ ঘটাব তেওঁৰ মন্ত্ৰীসভা । এই সম্প্ৰসাৰণত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত আছিল যদিও শেহতীয়াকৈ সমীকৰণ কিছু সলনি হৈছে । বিগত ১৮ জুনতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই জৰুৰীভাৱে দিল্লীলৈ মাতি পঠিয়াইছিল সোণোৱালক । তেতিয়াৰে পৰা আজি পৰ্যন্ত সোণোৱাল দিল্লীতে বাহৰ পাতি আছে যদিও বৃহস্পতিবাৰৰ বিয়লি পৰ্যন্ত প্ৰধানমন্ত্ৰী কিম্বা গৃহ মন্ত্ৰী অমিত শ্বাহ কোনেও তেওঁক‌ সাক্ষাতৰ বাবে সময় দিয়া নাই ।

SARBANANDA SONOWAL'S NEW RESPONSIBILITY
এতিয়াও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ অৰ্পণ কৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই

দিল্লীৰ পৰা সোণোৱালৰ ঘনিষ্ঠ সূত্ৰই বৃহস্পতিবাৰে বিয়লি ই টিভি ভাৰতক জনোৱা মতে, ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা, দলৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে আলোচনাত বহিছে যদিও প্ৰধানমন্ত্ৰী বা গৃহ মন্ত্ৰী কোনোজনৰ পৰাই সাক্ষাতৰ বাবে সময় পোৱা নাই । ইপিনে, গুৱাহাটীৰ পৰা ততাতৈয়াকৈ মাতি নি বিগত পাঁচ দিনে প্ৰধানমন্ত্ৰী বা গৃহ মন্ত্ৰী কোনো জনেও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাতৰ বাবে সময় নিদিয়াটো গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি একে সময়তে সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তি আৰু ৰাজ্যিক বিজেপিৰ সভাপতি নিযুক্তি এই দুয়োটা বিষয়েই বিবেচনাধীন হৈ আছে । মনকৰিবলগীয়া যে, ৰঞ্জিৎ দাসৰ স্থলাভিষিক্ত হৈ এইবাৰ যিগৰাকী নেতাই ৰাজ্যিক সভাপতিৰ আসনত বহিব তেওঁৰ নেতৃত্বতে অসমত ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপি অৱতীৰ্ণ হ'ব লাগিব । সেয়েহে, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো নতুন সভাপতি নিযুক্তিৰ বিষয়টো দ'কৈ ভাৱি চাবলগীয়া হৈছে ।

ইপিনে, মোডী মন্ত্ৰীসভাত সম্প্ৰতি অসমৰ এজন প্ৰতিনিধি স্বৰূপে ৰামেশ্বৰ তেলী অন্তৰ্ভুক্ত হৈয়ে আছে । তেনেক্ষেত্ৰত মন্ত্ৰীসভাত অসমৰ পৰা দুজনকৈ মন্ত্ৰী থকাৰ সম্ভাৱনাও খুবেই কম । অৱশ্যে তেলীক মন্ত্ৰীসভাৰ পৰা আঁতৰ কৰি সেণোৱালক অন্তৰ্ভুক্ত কৰিলেও পৰৱৰ্তী পৰ্যায়ত তেলীৰ সংস্থাপনৰ প্ৰশ্ন আহিব । বিজেপিৰ এটা পক্ষই সোণোৱালক মন্ত্ৰীসভাত ৰাখি তেলীক ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়াৰ পোষকতা কৰিলেও মুখ্যমন্ত্ৰীয়ে সভাপতি হিচাপে বিচাৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাচাক ।

ইপিনে, সোণোৱালৰ ঘনিষ্ঠ সূত্ৰটোৱে সদৰি কৰা মতে, কেন্দ্ৰীয় মন্ত্ৰীৰ পৰিৱৰ্তে ৰাজ্যিক সভাপতি পদৰ বাবেহে সোণোৱাল অধিক আগ্ৰহী যদিও দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই কিন্তু গুৰুত্ব দিছে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাতহে । মুঠতে সোণোৱালৰ পুনৰ সংস্থাপন এতিয়া যেন এক নিমিলা অংকস্বৰূপহে হৈ পৰিছে ! সংসদ ভৱন নে বাজপেয়ী ভৱন ক'ত হ'ব সোণোৱালৰ পুনৰ সংস্থাপন সেয়া এতিয়া ৰাজ্যিক বিজেপিত লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক:যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.