ETV Bharat / state

নতুন ৰাজনৈতিক দলৰ ওপৰত ছাত্ৰ সমাজৰ আস্থা কিমান ?

author img

By

Published : Oct 3, 2020, 10:29 PM IST

ৰাষ্ট্ৰীয় শক্তিৰ লগত হাত নিমিলাবলৈ দৃঢ়প্ৰতিজ্ঞ নৱগঠিত দলকেইটা । ছাত্ৰসমাজক মূল শক্তি হিচাপে লৈ এটাৰ পাছত আনটোকৈ গঠন হোৱা এই আঞ্চলিক ৰাজনৈতিক শক্তিকেইটা অসমৰ জলন্ত সমস্যাবোৰৰ সমাধান কৰিব পাৰিব নে ? নে এসময়ত অসম আন্দোলনৰ পটভূমিত গঠন হোৱা অসম গণ পৰিষদৰ দৰে কালক্ৰমত ৰাষ্ট্ৰীয় শক্তিৰ পাকচক্ৰত পৰি হেৰুৱাই পেলাব নিজৰ অস্তিত্ব ।

What is the confidence of the student community in the new political party?
নতুন ৰাজনৈতিক দলৰ ওপৰত ছাত্ৰ সমাজৰ আস্থা কিমান ?

গুৱাহাটী,3অক্টোবৰ : ধাৰাবাহিকভাৱে ৰাজ্যত গঠন হৈছে এটাৰ পাছত আনটোকৈ আঞ্চলিক ৰাজনৈতিক দল ৷ 'কা ' আন্দোলনক পটভূমিৰূপে লৈ ৰাজ্যত গঠন হ'ল অজিত ভূঞাৰ নেতৃত্বত আঞ্চলিক গণমৰ্চা, অৰূপ বৰবৰাৰ নেতৃত্বত সংযুক্ত আঞ্চলিক দল, আছুৰ উদ্যোগত অসম জাতীয় পৰিষদ আৰু শেহতীয়াকৈ কৃষক মুক্তি আৰু 70 সংগঠনৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলকে আদি কৰি মুঠ চাৰিটাকৈ আঞ্চলিক ৰাজনৈতিক দল । উদ্দেশ্য সকলোৰে একে ৰাষ্ট্ৰীয় শক্তিক পৰাভূত কৰি ৰাজ্যত সুস্থ আঞ্চলিকতাবাদৰ ভেটি সুদঢ় কৰা ।

অৱশ্যে পৃথকে পৃথকে দল গঠন কৰিলেও সদ্যগঠিত আটাইকেইটা আঞ্চলিক ৰাজনৈতিক দলেই আনুস্থানিকভাৱে প্ৰকাশ নকৰিলেও আওপকীয়াকৈ হ'লেও মিত্ৰতাৰ ইংগিত সকলোৱে দি আছে । ৰাষ্ট্ৰীয় দল কংগ্ৰেছেও বিজেপিক পৰাভূত কৰাৰ টোপ দেখুৱাই মিত্ৰতাৰ প্ৰস্তাব দি আহিছে নৱগঠিত আঞ্চলিক শক্তিকেইটাক। কিন্তু ৰাষ্ট্ৰীয় শক্তিৰ লগত হাত নিমিলাবলৈ দৃঢ়প্ৰতিজ্ঞ নৱগঠিত দলকেইটা । ছাত্ৰসমাজক মূল শক্তি হিচাপে লৈ এটাৰ পাছত আনটোকৈ গঠন হোৱা এই আঞ্চলিক ৰাজনৈতিক শক্তিকেইটা অসমৰ জলন্ত সমস্যাবোৰৰ সমাধান কৰিব পাৰিব নে ? নে এসময়ত অসম আন্দোলনৰ পটভূমিত গঠন হোৱা অসম গণ পৰিষদৰ দৰে কালক্ৰমত ৰাষ্ট্ৰীয় শক্তিৰ পাকচক্ৰত পৰি হেৰুৱাই পেলাব নিজৰ অস্তিত্ব ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি থকা একাংশ ছাত্ৰ নেতাই । ছাত্ৰ নেতাসকলে মন্তব্য কৰি কয় যে, ছাত্ৰ সমাজ এতিয়াও আঞ্চলিকতাবাদত বিশ্বাসী। দীৰ্ঘদিনীয়া অসমৰ জলন্ত সমস্যা সমাধান কৰিবলৈ হ'লে ৰাজ্যত এতিয়া মিত্ৰজোঁটৰ বাহিৰে আন বিকল্প নাই । কিন্ত এই মিত্ৰজোঁট হ'ব লাগিব কেৱল মাত্ৰ আঞ্চলিক শক্তিৰ লগতহে । অন্যথা বিজেপিৰ বি টীমলৈ পৰ্যবসিত হ'ব এইসমূহ আঞ্চলিক দল ৷ আনহাতে, জাতীয়তাবাদৰ ধাৰা অক্ষুন্ন ৰাখি এটা সুস্থ আৰু সবল আঞ্চলিকতাবাদৰ ভেটি স্থাপন কৰাৰ বাবে ছাত্ৰসমাজৰ লগতে নৱগঠিত আঞ্চলিক শক্তিকেইটাৰ নেতৃত্বলৈ আহ্বান ছাত্ৰনেতাসকলৰ ।

ৰাইজৰ স্বাৰ্থত, ৰাইজৰ হকে কাম কৰিবলৈ আহ্বান জনায় কেৱল মাত্ৰ কা বাতিলকে নহয়, অৰ্থনৈতিক সমস্যা সমাধান, নিবনুৱা সমস্যা দূৰিকৰণ আদি প্ৰতিটো সমস্যা সমাধানক লক্ষ্য আৰু উদ্দেশ্য ৰূপে লৈ একেলগে সততাৰে আগবাঢ়িব যাবলৈও ৷ ইপিনে, ছাত্ৰ নেতাসকলৰ এই আহ্বানক আঞ্চলিক ৰাজনৈতিক দলসমূহে কিদৰে গ্ৰহণ কৰিব সেইয়া পৰবৰ্তী সময়ত সেইয়া নিশ্চয়কৈ লক্ষণীয় হ'ব।

লগতে পঢ়কঃআৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.