ETV Bharat / state

বৰ্ষাকালিন অধিৱেশনৰ অন্তিমটো দিনত কি কি হ'ল ?

author img

By

Published : Sep 3, 2020, 12:35 PM IST

অসম বিধানসভাৰ চলিত বৰ্ষাকালিন অধিৱেশনৰ অন্তিম দিনটোত বিজেপি চৰকাৰে উত্থাপন কৰে তিনিখনকৈ নতুন বিধেয়ক ৷ বিধেয়ক তিনিখন হৈছে মৰাণ স্বায়ত্বশাসিত পৰিষদ বিধেয়ক, মটক স্বায়ত্বশাসিত পৰিষদ বিধেয়ক আৰু কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক ৷ বিজেপি চৰকাৰে গ্ৰহণ কৰা এই কাৰ্যক সমালোচনা কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ ৷

autonomous_council_bill
অসম বিধানসভাৰ চলিত বৰ্ষাকালিন অধিৱেশনৰ অন্তিম দিন

গুৱাহাটী, 3ছেপ্টেম্বৰ: আজি অসম বিধানসভাৰ চলিত বৰ্ষাকালিন অধিৱেশনৰ অন্তিমটো দিন ৷ এই অন্তিম দিনটোত চৰকাৰে উত্থাপন কৰে তিনিখনকৈ নতুন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক ৷ এই বিধেয়ক তিনিখন হৈছে মৰাণ স্বায়ত্বশাসিত পৰিষদ বিধেয়ক, মটক স্বায়ত্বশাসিত পৰিষদ বিধেয়ক আৰু কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক ৷ তিনিওখন বিধেয়ক গৃহীত কৰা হয় সদনত ৷ সুদীৰ্ঘ সময়জুৰি ৰাজ্যত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন হৈ আহিছে যদিও চৰকাৰে এই বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ অৱশেষত আজি সদনত গৃহীত কৰা হয় এই বিধেয়ক তিনিখন ৷

অন্য এক খবৰৰ বাবে: নলবাৰীতো উদযাপন অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী

ইফালে এই বিধেয়ক তিনিখন সদনত গৃহীত হোৱাৰ পাছতে বিৰোধী দল কংগ্ৰেছে সমালোচনা কৰে বিজেপি দলক ৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিধেয়ক তিনিখন উত্থাপন কৰা হৈছে বুলি উল্লেখ কৰে কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে ৷ উপ দলপতি ৰকিবুল হুছেইনে কয়, ''বিধেয়ক তিনিখনৰ প্ৰসংগত সদনত কংগ্ৰেছে চৰকাৰৰ পৰা কিছুমান কথা স্পষ্ট হ'ব বিচাৰিছিল যদিও চৰকাৰে কোনো সদুত্তৰ দিব নোৱাৰিলে'' ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.