ETV Bharat / state

পৰৱৰ্তী 5 দিনলৈ ৰাজ্যত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা

author img

By

Published : Sep 28, 2021, 10:48 PM IST

হাই এলাৰ্ট জাৰি ৷ পৰৱৰ্তী 5 দিনলৈ ৰাজ্যত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই তথ্য ৷

weather report of assam
আগন্তুক 5 দিনলৈ ৰাজ্যত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক, 28 ছেপ্তেম্বৰ : গৰমে দহিছে ৰাজ্যবাসীক ৷ গৰমৰ পৰা সকাহ পাবলৈ ৰাজ্যবাসীয়ে অৱলম্বন কৰিছে বিভিন্ন পন্থা ৷ কোনোৱে যদি গ্ৰহণ কৰিছে শীতল পানীয়, কোনোৱে আকৌ গৈছে পাহাৰীয়া স্থানলৈ ৷ মাত্ৰ সকলোৱে মাথো বিচাৰিছে গৰমৰ পৰা ৰেহাই পোৱাৰ ভিন্ন উপায় ৷

ইয়াৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক জাননী ৷ এই জাননীত উল্লেখ কৰা অনুসৰি, পৰৱৰ্তী 5 দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, অসমৰ অধিকাংশ স্থানতেই প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনাই প্ৰকট ৷

weather report of assam
হাই এলাৰ্ট জাৰি

যদিও 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব, কিন্তু ইয়াৰ মাজতে ৰাজ্যবাসীয়ে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে ৷ কিয়নো বৰষুণৰ বাবে হ’লেও গৰমৰ পৰা কিছু সকাহ পাব ৰাজ্যবাসীয়ে ৷ উল্লেখ্য যে, সোমবাৰৰ দিনটোত অসমৰ কিছু কিছু প্ৰান্তত বতৰ গোমা হোৱাৰ লগতে বৰষুণ হোৱাও দেখা যায় ৷

লগতে পঢ়ক: 28 ছেপ্তেম্বৰ : বিশ্ব জলাতংক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.