ETV Bharat / state

CM Himanta in Delhi: শীঘ্ৰেই ১ কোটি গছপুলি ৰোপণ কৰি কৃষি অৰ্থনীতিক শক্তি প্ৰদান কৰিম; হিমন্ত বিশ্ব শৰ্মা - হিমন্ত বিশ্ব শৰ্মা

2 অক্টোবৰত একেলগে 1 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য় অসম চৰকাৰৰ ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ বিচাৰি দিল্লীত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীক সাক্ষৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

CM Himanta in Delhi
CM Himanta in Delhi
author img

By

Published : Jul 15, 2023, 6:57 PM IST

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, 15 জুলাই: শনিবাৰে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে 1 কোটি গছপুলি ৰোপণ কৰি ৰাজ্যখনৰ কৃষি-অৰ্থনীতিক ক্ষমতা প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে 2 অক্টোবৰত 1 কোটি গছপুলি ৰোপণৰ বাবে অসমত চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীৰ পৰা সহায় বিচাৰে হিমন্ত বিশ্ব শৰ্মাই ৷

এক টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘মাননীয় প্ৰধানমন্ত্ৰীৰ মিছন LiFEৰ অধীনত আমি শীঘ্ৰেই এদিনতে 1 কোটি গছপুলি ৰোপণ কৰি আমাৰ কৃষি অৰ্থনীতিক শক্তি প্ৰদান কৰিম ৷ এই প্ৰচেষ্টাই যাতে এক বৃহৎ সফলতা লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ মই কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীৰ নিৰ্দেশনা বিচাৰো ৷’’

  • Under Hon PM’s Mission LiFE, we will soon power our Agri economy by planting 1 cr saplings on a single day.

    To ensure that this effort becomes a massive success, I sought guidance of Shri @byadavbjp ji, Hon Union Minister for Environment and true champion of a green economy. pic.twitter.com/vSkL9uC03C

    — Himanta Biswa Sarma (@himantabiswa) July 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ বহনক্ষম উন্নয়ন সম্পৰ্কে আলোচনা কৰা হয় ৷ ‘‘আজি মোৰ চৰকাৰী বাসভৱনত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ৷ ৰাজ্যখনৰ বহনক্ষম উন্নয়ন সম্পৰ্কীয় বহুতো বিষয়ৰ ওপৰত আমি এক আকৰ্ষণীয় আলোচনা কৰো ৷’’ এক টুইটযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় ৷

উল্লেখ্য যে 2022 চনৰ 20 অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে এক বিশ্বব্যাপী আন্দোলন ‘Mission LiFE’ (Lifestyle for Environment) আৰম্ভ কৰে ৷ ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ হৈছে পৰিৱেশ সুৰক্ষিত আৰু সংৰক্ষণ কৰাৰ বাবে ‘‘অবিবেচক আৰু ধ্বংসাত্মক ব্যৱহাৰৰ পৰিৱৰ্তে মনোযোগী আৰু ইচ্ছাকৃত ব্যৱহাৰ’’ৰ বাবে ভাৰতৰ নেতৃত্বত এক বিশ্বব্যাপী গণ আন্দোলন ৷

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱিত বৃক্ষৰোপণ উদ্যোগৰ অধীনত এই বছৰ সমগ্ৰ অসমত বাণিজ্যিক মূল্য থকা প্ৰায় এক কোটি গছপুলি ৰোপণ কৰা হ’ব ৷ দুই অক্টোবৰত এই কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক: Mission Basundhara: মিছন বসুন্ধৰা-২ত আৱেদন কৰাৰ পৰা এতিয়াও বঞ্চিত বহু খিলঞ্জীয়া লোকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.