ETV Bharat / state

জলসম্পদ বিভাগে বন্ধ কৰিলে খনাজানৰ শ্লুইচ গেট - Flood in Assam 2022

ৰাজ্যজুৰি বান বিভিষিকাৰ এক অবৰ্ণনীয় পৰিৱেশ(Flood in Assam 2022) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চলত দেখা গৈছে বানৰ সংহাৰ । ইয়াৰ মাজতে শনিবাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ পাছত জলসম্পদ বিভাগে বন্ধ কৰি দিয়ে খনাজানৰ শ্লুইচ গেট(Water resources department closed sluice gate) ।

water resources department shuts down khanajan sluice gate
জলসম্পদ বিভাগে বন্ধ কৰিলে খনাজানৰ শ্লুইচ গেট
author img

By

Published : Jun 19, 2022, 8:18 PM IST

গুৱাহাটী, ১৯ জুন : সমগ্ৰ ৰাজ্যতে বানৰ ভয়ংকৰ ৰূপ(Flood in Assam 2022) । ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে । বিশেষকৈ বিগত প্ৰায় ডেৰ সপ্তাহ ধৰি হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ সকলো নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । ইয়াৰ মাজতে শনিবাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ পাছত জলসম্পদ বিভাগে বন্ধ কৰিলে খনাজানৰ শ্লুইচ গেট (Water resources department closed sluice gate) ।

পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ দিশৰ পৰা দীপৰ বিল-ব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ ওপৰত গাড়ীগাঁও-পূব ধাৰাপুৰৰ মাজত থকা একমাত্ৰ শ্লুইচ গেটখন শনিবাৰে বন্ধ কৰি দিয়ে । ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী খনাজানৰে সোমোৱাটো বন্ধ হৈ পৰাত বৃহত্তৰ খনামুখ অঞ্চলকে ধৰি কাষৰীয়া অঞ্চল সমূহ সাময়িক ভাৱে জলমগ্ন হোৱাৰ পৰা ৰক্ষা পৰে ।

ইফালে শ্লুইচ গেটখন বন্ধ কৰা হ’লেও যদি আগন্তক দিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পাই তেন্তে দীপৰ বিলৰ পানীভাগ ওফন্দি উঠিব আৰু তেতিয়া দীপৰ বিলৰ বাঢ়নী পানীয়ে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল পুনৰ বুৰাই পেলোৱাতো প্ৰায় নিশ্চিত ।

অৰ্থাৎ খানাজানৰ শ্লুইচ গেট বন্ধ কৰিলেও বিপদ, খুলি দিলেও বিপদ, তেনে এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ’ব । যদিহে বৰষুণৰ পৰিমাণ পুনৰ বৃদ্ধি পাই তেন্তে তেনে বিপদৰ আশংকা ঘণীভূত । বৰ্তমান সকলোখিনি নিৰ্ভৰ কৰিছে কেৱল বতৰৰ ওপৰত ।

লগতে পঢ়ক: বৰ্নাত্যৰ হাহাকাৰ : আশ্ৰয় শিবিৰত অনাহাৰে দিন কটাইছে উদিয়ানাবাসীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.