ETV Bharat / state

water pipe explosion: চৰকাৰৰ কাণ্ডজ্ঞানহীনতা! কোনে ল’ব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষতিৰ দায়িত্ব ? - will govt take responsibility for the loss

চৰকাৰৰ উন্নয়নে জোলোকা-জোলোকে পানী খোৱাইছে জনতাক ৷ জলবিস্ফোৰণত উটি হ’ল কেইবাগৰাকী লোকৰ সপোন ৷ চৰকাৰে ল’বনে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ ক্ষতিৰ দায়িত্ব ?

will govt take responsibility for the loss of small traders?
কোনে ল’ব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষতিৰ দায়িত্ব
author img

By

Published : Jun 13, 2023, 5:51 PM IST

কোনে ল’ব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষতিৰ দায়িত্ব

গুৱাহাটী, ১৩ মে : মহানগৰীত জলবিস্ফোৰণৰ ত্ৰাস ৷ চলিত বৰ্ষতেই এমাহৰ ভিতৰতেই চাৰিটাকৈ জলবিস্ফোৰণে কঁপাইছে গুৱাহাটী মহানগৰী ৷ খাৰঘুলি, মালিগাঁও, শিলসাঁকোৰ পিচতে সোমবাৰ অৰ্থাৎ 12 জুনত মহানগৰীৰ সদাব্যস্ত কমাৰ্চ-ৰাজগড় লিংকৰোডত পুনৰ জলবোৰ্ডৰ পানী পাইপ ফাটি ভয়ংকৰ জলবিস্ফোৰণৰ সৃষ্টি হয় ৷

এই জলবিস্ফোৰণৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে বিস্তৰ ক্ষতি সাধন হৈছে সেই স্থানৰ বাসিন্দা আৰু ব্যৱসায়ীসকলৰ ৷ এই জলবিস্ফোৰণত প্ৰায় ১৫ খনতকৈ অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু সেই স্থানৰ ৬ টা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ১০ মিটাৰ দূৰত থকা বুটিক এখন আৰু ৰেষ্টুৰেন্ট এখনৰ সকলো সা সামগ্ৰী নষ্ট হৈ যায় ৷

সংবাদ মাধ্যমৰ আগত বুটিকখনৰ স্বত্বাধিকাৰীয়ে কয়, "দুবছৰ কষ্টৰ সকলো সামগ্ৰী নষ্ট হৈ গ’ল৷ মোৰ লগতে আৰু কেইবাটাও পৰিয়াল আজি সমস্যাত পৰিছে । দুই বছৰ পূৰ্বে কমাৰ্চত বুটিকখন আৰম্ভ কৰিছিলো আৰু প্ৰায় চাৰি মাহ পূৰ্বে এই স্থানলৈ স্থানান্তৰ কৰা হৈছিল ৷ এই বুটিকখনতে দুবছৰৰ সকলো ক্ৰিয়েটিভিটি আছিলে ৷ সকলো নষ্ট হৈ গ’ল ৷ বুটিকখনৰ সকলো সামগ্ৰী নষ্ট হৈ গৈছে । কিমান টকাৰ সমগ্ৰী নষ্ট হৈছে তাৰ হিচাপ নাই ৷ এতিয়ালৈ ক্ষতিপূৰণৰ কথাও একো কোৱা নাই ৷"

আনহাতে সেই স্থানতে থকা এখন ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰীগৰাকীয়ে কয় যে বহু কষ্টৰে প্ৰায় চাৰি পাঁচ মাহ পূৰ্বে আৰম্ভ কৰা হৈছিল ৰেষ্টুৰেন্টখন ৷ ৰেষ্টুৰেণ্টখনত পানী সোমোৱাৰ ফলত সকলোবোৰ সামগ্ৰী নষ্ট হৈ গৈছে ৷ ৰেষ্টুৰেণ্টৰ আচবাব পানীৰ তলত ৷ কিমান ক্ষতি হৈছে বিচাপ কৰিবলৈ পৰা নাই ৷ চৰকাৰলৈ এটায়ে আহ্বান যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে ৷

ইপিনে পথৰ কাষৰতে থকা গেলামালৰ দোকান, পাণ দোকান আৰু বাদ্যযন্ত্ৰৰ দোকানসমূহতো বিস্তৰ ক্ষতিসাধন হয় ৷ মঙলবাৰে পুৱাও ঘটনাস্থলীত মন্ত্ৰী অশোক সিংহলে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ঘটনাস্থলীত জলব’ৰ্ডৰ বিষয়া উপস্থিত হয় ৷

লগতে পঢ়ক:water pipe explosion: কমাৰ্চ-ৰাজগড় লিংক ৰোডত পুনৰ পাইপ বিস্ফোৰণ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.