ETV Bharat / state

ৰাইজৰ নিঃস্বাৰ্থ সেৱাত নিয়োজিত আৰক্ষীলৈ ‘অসম আৰক্ষী দিৱস’ৰ শুভেচ্ছা

ৰাইজক নিঃস্বাৰ্থ সেৱা আগবঢ়াই যোৱা অসম আৰক্ষীৰ জোৱানসকলৰ বাবে আজিৰ দিনটো এক বিশেষ দিন ৷ আজি 71 সংখ্যক অসম আৰক্ষী দিৱস(Assam Police Day) ৷ 1951 চনৰ 1 অক্টোবৰত অসম আৰক্ষী প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা আইপিএছ কে আৰ চৌধাৰী(IPS KR Choudhary)ক স্মৰণ কৰি এই বিশেষ দিনটো উদযাপন কৰা হয় ৷

author img

By

Published : Oct 1, 2021, 12:20 PM IST

warm-greetings-to-assam-police-on-the-occasion-of-assam-police-day
অসম আৰক্ষী দিৱসৰ শুভেচ্ছা

নিউজ ডেস্ক, 1 অক্টোবৰ : আজি 71 সংখ্যক অসম আৰক্ষী দিৱস(Assam Police Day) ৷ ৰাজ্যৰ 3.3 কোটি জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দি থকা আৰক্ষী বিষয়াসকলৰ বাবে এই দিৱসটো উদযাপন কৰা হয় ৷ জনসাধাৰণৰ সুৰক্ষাৰ হকে ৰাজ্যৰ প্ৰতিটো কোণতে নিয়োজিত এই খাকী পোছাক পৰিহিত বিষয়াসকলৰ অৱদান অতুলনীয় ৷

  • My hearfelt greetings and congratulations to all rank and file on the occassion of 71st foundation Day of Assam Police. Assam police has always been a trusted name for the people. Hope it continues its hallowed role in providing basic policing to ensure life and peace to all. pic.twitter.com/2kAadX3Btm

    — Prof. Jagdish Mukhi (@jagdishmukhi) October 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অসম আৰক্ষী দিৱস উদযাপনৰ আছে এক আকৰ্ষণীয় ইতিহাস ৷ 1951 চনৰ 1 অক্টোবৰত অসম আৰক্ষী প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা আইপিএছ কে.আৰ. চৌধাৰী(IPS KR Choudhary)ক স্মৰণ কৰি এই বিশেষ দিনটো উদযাপন কৰা হয় ৷

অদম্য সাহস, ভক্তি আৰু সৰ্বোচ্চ ত্যাগ কৰি অসমৰ জনসাধাৰণৰ ঢাল হিচাপে কাম কৰিছে আৰক্ষী বিষয়া-জোৱানসকলে ৷ জনসাধাৰণৰ বাবে নিঃস্বাৰ্থ সেৱাত নিয়োজিত অসম আৰক্ষীৰ মূলমন্ত্ৰ হৈছে- ‘জনহিতজনসেৱাৰ্থে’ ৷

বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিয়া, শান্তি বজাই ৰখা আৰু জনসাধাৰণৰ জীৱন-সম্পত্তি সুৰক্ষিত কৰা স্বত্বেও নাগৰিকসকলে অসন্তুষ্টি অনুভৱ কৰা পৰিলক্ষিত হয় । আৰক্ষীয়ে বিবেচনামূলক কৰ্তৃত্ব বহন কৰে আৰু এখন ৰাজ্যৰ কল্যাণৰ প্ৰতি দায়বদ্ধতা বজাই ৰাখে ।

কিছুমান ঘটনাই অন্যায়ভাৱে আৰক্ষীৰ পোছাকত দাগ লগায় যদিয়ো নিষ্ঠা আৰু স্বচ্ছ সিদ্ধান্তৰে পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে ভাৱমূৰ্তি পুনৰ নিৰ্মাণ কৰিব পাৰে আৰক্ষীসকলে ৷ সমৰ্পিতভাৱে ৰাইজক নিঃস্বাৰ্থ সেৱা আগবঢ়োৱাৰ প্ৰতি সন্মান জনাই অসম আৰক্ষীলৈ অসম আৰক্ষী দিৱসৰ শুভেচ্ছা জনাইছে ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীকে ধৰি শীৰ্ষ নেতৃত্বই ৷

  • জনহিতজনসেৱাৰ্থে - the maxim of brave men and women who protect the life & property of more than 3 crore Assamese people.

    On 71st #AssamPoliceDay, I salute these bravehearts who are ever ready to serve for the safety and security of our people. pic.twitter.com/svAlyDejaN

    — Himanta Biswa Sarma (@himantabiswa) October 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ 7 কৰ্মচাৰীক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.