গুৱাহাটী, 28 আগষ্ট : ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰাৰ পিছতে জালুকবাৰী সমষ্টিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উদ্বিগ্ন হৈ পৰিছে সমষ্টিটোৰ ভোটাৰসকল । শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পাণ্ডুত ভাগে ভাগে অনুষ্ঠিত হ'ল কেইবাখনো ৰাজহুৱা সভা । আটাইকেইখন সভাৰে বিষয়বস্তু আছিল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত ।
এই সভাৰ পৰাই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান জনালে ৰাইজে। নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কাতৰ আহ্বান পাণ্ডুবাসী ৰাইজৰ। মন্ত্ৰীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাইজে নিজেই কৰিব বুলি কয় পাণ্ডুবাসীয়ে । মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত অৱতীৰ্ণ নহ'লে ৰাজ্যৰ উন্নয়ন স্থবিৰ হৈ পৰাৰ কথা উল্লেখ কৰি এই খবৰত পাণ্ডুৰ এইসকল ৰাইজ মৰ্মাহত হোৱা বুলি মন্তব্য কৰে । লগতে এনে কঠোৰ সিদ্ধান্ত নল'বলৈ হাতজোৰ কৰি আহ্বান জনালে পাণ্ডুবাসীয়ে ।
লগতে পঢ়ক : অৰ্থৰ অভাৱত চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ ক্ষণ গণিছে বাক্সাৰ ইন্দ্ৰই