গুৱাহাটী, 21 মে': লোকসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাথো আৰু দুটা দিন ৷ নিৰ্বাচনৰ ফলাফলক লৈ এতিয়া তৎপৰ কামৰূপ মহানগৰ প্ৰশাসন ৷ সোমবাৰে ভোটগণনা সন্দৰ্ভত সংবাদমেল সম্বোধন কামৰূপ মহানগৰ জিলা উপাযুক্তৰ ৷ সংবাদমেলত নিৰ্বাচন আয়োগে বান্ধি দিয়া কেতবোৰ নীতি-নিয়ম সম্পৰ্কে অৱগত কৰে জিলা উপাযুক্তগৰাকীয়ে ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা সাংবাদিক সকললৈ নীতি-নিৰ্দেশ উপাযুক্তৰ ৷ ভোটগণনাৰ সময়ত কোনো সাংবাদিকে পোনপটীয়াকৈ সংগ্ৰহ কৰিব নোৱাৰিব ভোটগণনাৰ দৃশ্য ৷ গণনা কক্ষত প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া ঠাইৰ পৰাহে সাংবাদিক সকলে সংগ্ৰহ কৰিব পাৰিব দৃশ্য ৷ লগতে নিৰ্বাচন আয়োগে নিয়োগ কৰা কেমেৰাৰ পৰাহে দৃশ্য সংগ্ৰহ কৰিব পাৰিব সাংবাদিক সকলে ৷ তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী থাকিব কামৰূপ মহানগৰ জিলাৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত ভোট গণনাস্থালীত ৷ ভোট গণনা কক্ষত ম'বাইল ফোনৰ লগতে যোগাযোগৰ যিকোনো সজুলিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰশাসনৰ ৷
কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ 56 খন টেবুলত হ'ব ভোট গণনা ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গণনা কৰা হ'ব এটা সমষ্টিৰ 5 টাকৈ ভিভিপেট মেচিন ৷ ইভিএম সমূহৰ গণনাৰ পাছতহে গণনা কৰা হ'ব এই ভিভিপেট মেচিন সমূহ ৷ ভোটগণনাৰ ক্ষেত্ৰত এই নতুন ব্যৱস্থাৰ সংযোজনৰ বাবে ফলাফলত যথেষ্ট সময়ৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে মহানগৰ প্ৰশাসনে ৷