ETV Bharat / state

Evening Walk ৰ নামত আইন ভংগ নকৰিব; অন্যথা ৰোষত পৰিব পাৰে Task Force ৰ - ক'ভিডৰ ভয়াৱহতা

শেহতীয়াকৈ চৰকাৰ-প্ৰশাসনে ক’ৰণা প্ৰতিৰোধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও গুৱাহাটী(GUWAHATI) মহানগৰীত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে । সেয়ে ক'ভিড সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

DC action Guwahati covid-19
মহানগৰত ক’ভিডৰ নীতি-নিৰ্দেশনা উলংঘা কৰিলে কঠোৰ হ’ব জিলা প্ৰশাসন
author img

By

Published : Jul 8, 2021, 9:39 PM IST

গুৱাহাটী, ৮ জুলাই : শেহতীয়াকৈ চৰকাৰ-প্ৰশাসনে ক’ৰণা প্ৰতিৰোধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও ৰাজ্যত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে । সেয়ে ক'ভিড সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে (BISWAJIT PEGU) লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বিগত কিছুদিন ধৰি মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত পূৰ্বতকৈ অধিক কঠোৰ হ'ব জিলা প্ৰশাসন (DISTRICT ADMINISTRATIONS) ।

এতিয়া কেৱল এটা ৱাৰ্ড অথবা অঞ্চলত আক্ৰান্তৰ সংখ্যা সীমাবদ্ধ হৈ থকা নাই । ক'ভিডৰ ভয়াৱহতাৰ ৰোধ কৰিবলৈ জনতাই নিজেই ল'ব লাগিব প্ৰয়োজনীয় ব্যৱস্থা । সামাজিক দূৰত্ব অৱলম্বন, মাস্ক পৰিধান কৰিলেহে ক'ৰণা সংক্ৰমণ ৰোধ হ'ব । সেয়ে জনসাধাৰণক ক'ৰণা প্ৰট'কল মানি চলিবলৈ আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে ।

সান্ধ্য আইন বলবৎ হৈ থকা সময়ছোৱাত চলাচল কৰা, চাইক্লিং অথবা ইভিনিং ৱাক আদি কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি দি উপায়ুক্ত পেগুৱে জনায় যে, এনে কাৰ্য কৰা ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।

DC action Guwahati covid-19
মহানগৰত ক’ভিডৰ নীতি-নিৰ্দেশনা উলংঘা কৰিলে কঠোৰ হ’ব জিলা প্ৰশাসন

আনহাতে, ক'ৰণা পৰিস্থিতিৰ মাজতো বজাৰ আদি ঠাইত সমাগম বৃদ্ধি হোৱাটো উদ্বেগজনক বুলি প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে ৷ তেওঁ কয় যে, এতিয়াৰে পৰা অধিক কঠোৰ হ'ব কামৰূপ মহানগৰ জিলা প্ৰশাসন । প্ৰশাসনৰ দ্বাৰা গঠিত টাস্ক ফ'ৰ্চে(TASK FORCE) বিভিন্ন স্থানত দিব ছাডেন ভিজিট । গতিকে ৰাইজক চৰকাৰ-প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা সমূহ সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ।

মহামাৰী ক’ৰণাৰ (COVID) দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত হাস্পতাল সমূহত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । অৱশ্যে চৰকাৰে জাৰি কৰা কিছু নীতি-নিৰ্দেশনাৰ ফলত সংক্ৰমণৰ হাৰ কিছু কমিছে যদিও ক’ৰণাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱা নাই ।

লগতে পঢ়কঃ ৰাজ্যত দুমাহত জব্দ 1,318,954,435,00 টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.