ETV Bharat / state

তিৱা পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে সংঘাত - কামৰূপ মহানগৰ জিলা

চন্দ্ৰপুৰত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত সংঘাত ৷ আৰক্ষীয়ে ৰাজপথ অৱৰোধ কৰা একাংশ লোকক উঠাই নিব খোজাত দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ বৃহস্পতিবাৰে ভোট গ্ৰহণৰ দিনা ভোট বৰ্জন কৰি বন্ধৰ আহ্বান জনায় গাঁওখনৰ লোকসকলৰ লগতে স্থানীয় দল-সংগঠনে ৷

tiwa election
tiwa election
author img

By

Published : Dec 17, 2020, 4:15 PM IST

গুৱাহাটী, 17 ডিচেম্বৰ : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন চলি থকাৰ মাজতে আহিছে এক সংঘাতৰ বাতৰি ৷ তিৱা স্বায়ত্ব শাসিত অঞ্চল অন্তৰ্গত গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা চন্দ্ৰপুৰত সৃষ্টি হৈছে এই সংঘাতৰ ৷ 32 নং ডিগাৰু সমষ্টিৰ অন্তৰ্গত চন্দ্ৰপুৰ গাঁৱত তিৱা লোক নথকাৰ পাচতো গাঁওখনক তিৱা স্বায়ত্ব শাসিত অঞ্চলৰ অন্তৰ্ভুক্ত কৰাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰে গাঁওবাসী ৷ বৃহস্পতিবাৰে ভোট গ্ৰহণৰ দিনা ভোট বৰ্জন কৰি বন্ধ আহ্বান জনায় গাঁওখনৰ লোকসকলৰ লগতে স্থানীয় দল-সংগঠনে ৷

তিৱা পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে সংঘাত

কিন্তু তাৰ মাজতে আৰক্ষীয়ে ৰাজপথ অৱৰোধ কৰা একাংশ লোকক উঠাই নিব খোজাত দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ আৰক্ষী-কামাণ্ডোৱে ৰাইজক ঠেলা-হেঁচা কৰাক লৈ খণ্ড যুদ্ধৰ সৃষ্টি হয় দুয়োপক্ষৰ মাজত ৷ সেই স্থানত আৰক্ষী মুৰ্দাবাদ ধ্বনি দিয়ে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰসন্থাৰ লগতে স্থানীয় ৰাইজ আৰু আন দল-সংগঠনে গাঁওসমূহক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পৰা কৰ্তন কৰাৰ বাবে দাবী তুলি আহিছে ৷ কিন্তু প্ৰশাসনে এই দাবী মানি নোলোৱাৰ পৰিপ্ৰেক্ষিতত এই অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় ৷

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত অঞ্চল সমূহত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ৷ উল্লেখ্য যে, মুঠ 36 সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন ৷ মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলাত সিঁচৰিত হৈ আছে এই সমষ্টি কেইটা ৷ ইয়াৰে মৰিগাঁৱত আছে 19 টা সমষ্টি, নগাঁৱত 10 টা সমষ্টি, কামৰূপ মহানগৰত আছে 6 টা সমষ্টি আৰু হোজাই জিলাত আছে মাত্ৰ এটা সমষ্টি ৷ অহা শনিবাৰে ভোট গণনা হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ৷

লগতে পঢ়ক : মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.