গুৱাহাটী, 9 অক্টোবৰ : পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী অঞ্চল ৷ উক্ত অঞ্চলত ধাননি পথাৰসমূহ এতিয়া চালে চকুৰোৱা হৈ পৰিছে । শালি ধানৰ খেতিডৰা লহ-পহকৈ বাঢ়ি আহিছে । তিনি বা চাৰি সপ্তাহ পাচতে ধান কাটিব পৰা হ’ব ।
কিন্তু এতিয়া এনে সময়ত নিজৰ শালি ধানৰ খেতি বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ কৃষক ৰাইজে দিনে নিশাই পহৰা দিবলগীয়া হৈছে । কৃষিজীৱী ৰাইজে নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ ধাননি পথাৰৰ মাজে মাজে বছৰি বান্ধি উলিয়াই শ শ টঙিঘৰ ।
অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোৰ আশে পাশে অৱস্থিত জয়পুৰ, নালাপাৰা, জৰাশাল গাৰোপাৰা, বেলৰগুৰি, চল্লি, মৈৰাপুৰ, চেচা, খপেগাঁও, মেকুৰীকুছি, হাতীমাৰা খুলি, নতুন বাণী, বামাবাহাৰ, পুৰাণ শুকুৰবেৰীয়া, পাত হালধীয়া, গণপতি আদি বিভিন্ন ঠাইৰ পথাৰৰ গছৰ ওপৰত কৃষিজীৱী লোকে কেইবাশৰো অধিক টঙিঘৰ বান্ধিছে ।
ওখ ওখ গছ আদিত বাঁহ, কাঠ, গছৰ ডাল, খেৰ আদিৰে প্রায় দহ-বিশ ফুট ওখকৈ টঙি ঘৰ বান্ধি উলিওৱা দৃশ্যবোৰ দুখৰ মাজতো এক প্রকাৰ সৌন্দৰ্যৰ সৃষ্টি কৰিছে । ৰাইজে ফুট গধূলিৰ পৰাই এই টঙি ঘৰবোৰত উঠি পাল পাতি সোণোৱালী ধাননি ডৰা সুৰক্ষা দি আছে । কিন্তু ইয়াৰ পাচতো অব্যাহত আছে ধাননি পথাৰত হাতীৰ মুক্ত বিচৰণ ।
হাতীৰ গছকত ইতিমধ্যে বহু কৃষকৰ ধান খেতি নষ্ট হৈছে । তাৰ মাজতো অৱশিষ্ট খেতি ৰক্ষাৰ বাবে কৃষকে নিশা পাল পাতি পথাৰত পহৰা দি আছে । আনকি ইয়াৰ মাজতে কৃষকে ভোক নিবাৰণৰ বাবে পানী, ভাত, চিৰা, পিঠা, মুড়ি, বিস্কুট, কল আদি লগত ৰাখিবলগীয়া হৈছে । লগতে খাদ্যৰ সন্ধানত আগমন ঘটা হাতীক সময়ে সময়ে জুই জ্বলাই, ফটকা ফুটাই, টায়াৰ জ্বলাই, টিং বজাই দূৰলৈ খেদি পঠিয়ায় লগা হৈছে ।
উল্লেখ্য যে, ৰাণী অঞ্চলটোত বছৰি লখিমীক আদৰাৰ সময়তে হাতী-মানুহৰ সংঘাতত অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ সা-সম্পদৰ অনিষ্ট সাধন হৈ আহিছে । ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দলে মাজে সময়ে তহল দি কৃষক ৰাইজক সহযোগ কৰে যদিও সিও এপাচি শাকত এটা জালুক সদৃশ হৈ পৰিছে ।
কিয়নো ৰাণীত বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যিমান বনকৰ্মীৰ প্ৰয়োজন তাৰ চাৰি ভাগৰ এভাগো নথকাত সীমিত সংখ্যক বনকৰ্মী এতিয়া হাতীৰ সন্মুখত অসহায় হৈ পৰিবলগীয়া হৈছে । ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা খেতিডৰা ৰক্ষাৰ বাবে বন বিভাগক অতিৰিক্ত বনকৰ্মীৰ নিয়োগ কৰিবলৈ দাবী কৰিছিল ৷ স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷